কাইলৈ ভাৰত বন্ধৰ আহ্বান ১০ টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ

Story by  atv | Posted by  [email protected] • 8 h ago
কাইলৈ ভাৰত বন্ধৰ আহ্বান ১০ টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ
কাইলৈ ভাৰত বন্ধৰ আহ্বান ১০ টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ
 
নতুন দিল্লী
 
কাইলৈ অৰ্থাৎ বুধবাৰে ১০টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে ভাৰত বন্ধৰ আহ্বান জনাইছে। দেশজুৰি হবলগীয়া এই ধৰ্মঘটত বেংকিং, বীমা, ডাক সেৱাৰ পৰা আৰম্ভ কৰি কয়লা খননলৈকে ২৫ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
 
ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTUC), সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ (AITUC), হিন্দ মজদুৰ সভা (HMS), ভাৰতীয় ট্ৰেড ইউনিয়নৰ কেন্দ্ৰ (CITU), সৰ্বভাৰতীয় সংযুক্ত ট্ৰেড ইউনিয়ন কেন্দ্ৰ (AIUTUC), ট্ৰেড ইউনিয়ন সমন্বয় কেন্দ্ৰ (TUCC), স্বনিয়োজিত মহিলা সন্থা (SEWA), অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অৱ ট্ৰেড ইউনিয়ন (AICCTU), লেবাৰ প্ৰগ্ৰেছিভ ফেডাৰেচন (এল পি এফ), আৰু ইউনাইটেড ট্ৰেড ইউনিয়ন কংগ্ৰেছ (ইউ টি ইউ চি)য়ে এই বন্ধৰ আহ্বান জনাইছে।
 
কেন্দ্ৰীয় চৰকাৰৰ “শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, আৰু কৰ্পৰেট সমৰ্থক নীতি”ৰ বিৰুদ্ধে‘ভাৰত বন্ধ’ৰ আহ্বান জনোৱা হৈছে বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।
 
শ্ৰমিকৰ ব্যাপক অংশগ্ৰহণৰ ফলত মূল ৰাজহুৱা সেৱা আৰু উদ্যোগসমূহ বন্ধৰ সম্ভাৱনা আছে। হিন্দ মাজদুৰ সভাৰ হৰভজন সিং সিদ্ধুৱে সদৰি কৰিছে যে,এই ধৰ্মঘটৰ ফলত বেংকিং কাৰ্য্যকলাপ, ডাক সেৱা, কয়লা খনি, কাৰখানা, চৰকাৰী পৰিবহণ ব্যৱস্থাত ব্যাঘাত জন্মিব।
 
উল্লেখযোগ্য যে, শ্ৰমিক ইউনিয়নসমূহে ১৭ দফীয়া দাবীৰ চনদ বিগত বৰ্ষত শ্ৰমমন্ত্ৰী মানসুখ মাণ্ডৱিয়াৰ ওচৰত দাখিল কৰিছিল। সংগঠনকেইটাই দাবী কৰে যে, চৰকাৰে তেওঁলোকৰ উদ্বেগ অনুসৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু বিগত দহ বছৰ ধৰি ভাৰতীয় শ্ৰমিক সন্মিলন আয়োজন কৰাত ব্যৰ্থ হৈছে। শ্ৰমিক নেতাসকলৰ অভিযোগ অনুসৰি ইয়াৰ দ্বাৰা শ্ৰমিক শ্ৰেণীৰ প্ৰতি চৰকাৰৰ অৱজ্ঞাৰ প্ৰতিফলন ঘটিছে।
 
ইফালে, সম্যুক্ত কিষাণ মৰ্চাৰ লগতে অন্যান্য কৃষক সংঘই এই ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। নেতাসকলে ভাৰতৰ গ্ৰাম্য অঞ্চলত গণ সংগঠনৰ পৰিকল্পনা নিশ্চিত কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ট্ৰেড ইউনিয়নসমূহে ২০২০ চনৰ ২৬ নৱেম্বৰ, ২০২২ চনৰ ২৮-২৯ মাৰ্চত, আৰু যোৱা বছৰৰ ১৬ ফেব্ৰুৱাৰীত দেশজুৰি একেধৰণৰ ধৰ্মঘট পৰ্যবেক্ষণ কৰিছিল।