জাফাৰ দাৰিক কাছমী
মুছলমান পণ্ডিত আৰু ছুফিসকলে হিন্দু ধৰ্ম অধ্যয়ন কৰিবলৈ সংস্কৃত ভাষা শিকিছিল আৰু আন্তঃধৰ্মীয় সম্প্ৰীতি প্ৰচাৰ কৰিছিল। সমাজত শান্তি, পাৰস্পৰিক বুজাবুজি আৰু সাংস্কৃতিক একতা বৃদ্ধিৰ ক্ষেত্ৰত ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছিল।
মুছলমান পণ্ডিত আৰু ছুফিসকলে সংস্কৃত ভাষাক আয়ত্ত কৰি বেদ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহ পাৰ্চী আৰু আৰবী ভাষালৈ অনুবাদ কৰিছিল।
বিশ্বৰ এক মহান বৈশিষ্ট্য হ'ল ভাষিক বৈচিত্ৰ্য
ভাষিক বৈচিত্ৰ ঐশ্বৰিক প্ৰজ্ঞাৰ চিন স্বৰূপ। ভাষাৰ বৈচিত্ৰতাৰদ্বাৰা ঘৃণা আৰু বিভাজনৰ নহয়, মানুহৰ মাজত সৌন্দৰ্য, বৈচিত্ৰ্য আৰু কৰুণাৰ উৎস হ'ব লাগে।
বিভিন্ন ভাষাৰ জ্ঞানে আমাক বিশ্বজনীন সাহিত্য, দৰ্শন, ধৰ্ম আৰু বৈজ্ঞানিক গৱেষণাত সহায় কৰে। বহুভাষিক ব্যক্তিয়ে বিভিন্ন ৰাষ্ট্ৰ আৰু সংস্কৃতি ভালদৰে বুজি পায়, যিটোৱে বিশ্ব শান্তি আৰু পাৰস্পৰিক সন্মান বৃদ্ধি কৰে। ব্যৱসায়, কূটনীতি, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ভাষাৰ গুৰুত্ব অপৰিহাৰ্য। প্ৰত্যেক ভাষাৰ শব্দ আৰু বাক্যাংশই চিন্তাধাৰাৰ অনন্য ধৰণক প্ৰতিফলিত কৰে, যিয়ে মানৱ সৃজনশীলতাক উদগনি দিয়ে।
আবু ৰায়হান আল-বিৰুনি
ইছলাম ধৰ্মই প্ৰতিটো ভাষাৰ প্ৰতি সন্মানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। হজৰত মহম্মদে আন জাতিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ বিভিন্ন ভাষা জনা কেইবাজনো চাহাবা নিযুক্ত কৰিছিল। উদাহৰণস্বৰূপে হজৰত জাইদ বিন থাবিটক ইহুদীসকলৰ আখৰ আৰু কিতাপ বুজিবলৈ হিব্ৰু ভাষা শিকিবলৈ নিৰ্দেশ দিয়া হৈছিল।
এই প্ৰেক্ষাপটত ভাৰতৰ মুছলমান পণ্ডিত আৰু চুফী সন্তসকলেও উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁলোকৰ বহুতেই সংস্কৃত ভাষা শিকি হিন্দু শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু অনুবাদ কৰিছিল। বিভিন্ন ধৰ্মগ্ৰন্থসমূহৰ মাজত তুলনামূলক ধৰ্ম অধ্যয়ন ৰচনা কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল সামাজিক সম্প্ৰীতি, ধৰ্মীয় বুজাবুজি আৰু সাংস্কৃতিক ঐক্য গঢ়ি তোলা। সংস্কৃতত হিন্দু শাস্ত্ৰ অধ্যয়ন কৰি বহুগৰাকী মুছলমান পণ্ডিতসকলে ভুল বুজাবুজি হ্ৰাস কৰাত সহায় কৰিছিল আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰসাৰ ঘটাইছিল। তাৰে ভিতৰত কেইগৰাকীমান মুছলমান পণ্ডিত ক্ৰমে:
আবু ৰায়হান আল-বিৰুনি
সংস্কৃত ভাষা আয়ত্ত কৰা আদিম মুছলমান পণ্ডিতসকলৰ ভিতৰত এজন। তেওঁ ভাৰতত হিন্দু পুৰোহিত আৰু সন্ন্যাসীৰ সৈতে বসবাস কৰিছিল। তেওঁলোকৰ সৈতে তেখেতে সংস্কৃত শিকিছিল আৰু হিন্দু ধৰ্ম আৰু দৰ্শনৰ প্ৰথম আৰবী গ্ৰন্থ “তহকিক মা লিল-হিন্দ” নামৰ বিখ্যাত গ্ৰন্থখন লিখিছিল। এই গ্ৰন্থখনে আৰব বিশ্বক ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল।
আব্দুৰ ৰহিম খান-ই-খানান
সংস্কৃত আৰু হিন্দীকে ধৰি কেইবাটাও ভাষা জনা মোগল সম্ভ্ৰান্ত আৰু কবি আছিল। তেওঁৰ চুটি কবিতাই (কপলেট বা দহা) ভাৰতীয় পৰম্পৰা, হিন্দু-মুছলমান ঐক্য, চুফী আধ্যাত্মিকতা আৰু নৈতিক মূল্যবোধৰ প্ৰতিফলন ঘটিছিল। তেওঁৰ লেখাই ধৰ্মীয় বিভাজনক অতিক্ৰম কৰিছিল আৰু মানৱীয় মূল্যবোধ আৰু ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিছিল।
আবু’ল ফায়েজ ফাইজী
আবু’ল ফায়েজ ফাইজী মোগল যুগৰ প্ৰখ্যাত পণ্ডিত আৰু কবি আছিল। তেওঁ সংস্কৃত আয়ত্ত কৰি মহাভাৰত, অথৰ্ববেদ, লীলাৱতী, আদি হিন্দু গ্ৰন্থ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।
আব্দুৰ ৰহিম খান-ই-খানান
আবু’ল ফাজল আল্লামী
আবু’ল ফজল আছিল এগৰাকী ইতিহাসবিদ আৰু “আইন-ই-আকবাৰী”ৰ লেখক। তেওঁৰ সংস্কৃতৰ কিছু জ্ঞান আছিল আৰু হিন্দু ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল, যিটো তেওঁৰ গ্ৰন্থৰ কিছু অংশত স্পষ্ট হৈ পৰিছিল, য’ত তেওঁ হিন্দু বিশ্বাস আৰু ৰীতি-নীতিৰ বিষয়ে আলোচনা কৰিছে।
মুল্লা আব্দুল কাদিৰ বাদৌনি
মুল্লা আব্দুল কাদিৰ বাদৌনি সম্ৰাট আকবৰৰ দৰবাৰৰ এজন সুপৰিচিত ইতিহাসবিদ আৰু ভাষাবিদ আছিল। তেওঁ সংস্কৃত ভালদৰে জানিছিল আৰু ৰজাৰ আদেশত তিনিখন প্ৰধান হিন্দু গ্ৰন্থ মহাভাৰত, ৰামায়ণ আৰু অথৰ্ববেদ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।
দাৰা শ্বিকোহ
দাৰা শ্বিকোহ আছিল মোগল ৰাজকুমাৰ আৰু চুফী চিন্তাবিদ। তেওঁ পাৰ্চী ভাষাত সাৱলীল আৰু সংস্কৃত ভাষাৰ পণ্ডিত আছিল। হিন্দু আৰু ইছলামিক আধ্যাত্মিকতাত উমৈহতীয়া সত্য আছে বুলি বিশ্বাস কৰি তেওঁ উপনিষদসমূহ “ছিৰ-ই-আকবৰ” (The Great Secret) শিৰোনামেৰে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।
ফতুল্লাহ শ্বিৰাজী
শ্বিৰাজী আছিল ইৰাণৰ এজন পণ্ডিত, যিয়ে প্ৰব্ৰজন কৰি ভাৰতলৈ আহিছিল আৰু সেই সময়ত ভাৰতত ৰাজত্ব আছিল আকবৰৰ। তেওঁ সংস্কৃত ভাষা শিকি মহাভাৰতৰ দৰে হিন্দু শাস্ত্ৰৰ পাৰ্চী ভাষালৈ অনুবাদত অৰিহণা যোগাইছিল।
এই মুছলমান পণ্ডিতসকলে কেৱল সংস্কৃত গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰাই নহয়, মুছলমান পাঠকৰ বাবে হিন্দু দৰ্শনক সংৰক্ষণ কৰিছিল। তেওঁলোকে বেদান্ত আৰু চুফীবাদৰ মাজত আৰু ইছলামিক আৰু ভাৰতীয় সভ্যতাৰ মাজত এক সাঁকো নিৰ্মাণ কৰিছিল। তেওঁলোকৰ প্ৰচেষ্টা কেৱল ভাষিক দক্ষতাৰ কাৰ্য্যই নাছিল, বৰঞ্চ বহল মনোভাৱ, বৌদ্ধিক সহনশীলতা আৰু আন্তঃধৰ্মীয় আলোচনাৰ চিন আছিল। তেওঁলোকে সংমিশ্ৰিত ভাৰতীয় সংস্কৃতিৰ শিপা শক্তিশালী কৰিছিল।
দাৰা শ্বিকোহ
দুৰ্ভাগ্যজনকভাৱে মুছলমান পণ্ডিতসকলৰ মাজত সংস্কৃত আৰু অন্যান্য ভাষা শিকাৰ পৰম্পৰা আজি ম্লান হৈ পৰিছে। এই উত্তৰাধিকাৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন আছে। মাদ্ৰাছাবোৰে হিন্দী আৰু সংস্কৃত পাঠদানৰ কথা চিন্তা কৰিব লাগে যাতে যুৱ পণ্ডিতসকলে সহ নাগৰিকৰ ভাষা আৰু সংস্কৃতি বুজিব পাৰে। হিন্দু শাস্ত্ৰ অধ্যয়ন কৰিব বিচাৰিলে সংস্কৃত শিকিব লাগিব। ঐতিহাসিকভাৱে মুছলমান পণ্ডিতসকলে সদায় ভাষা শিক্ষণৰ সমৰ্থন কৰি আহিছে।
এইটোও এক সত্য যে, এটা সময় আছিল যেতিয়া মুছলমান পণ্ডিত আৰু চুফী সন্তসকলে সমাজত সমন্বয় বৃদ্ধিৰ বাবে সংস্কৃত ভাষা সক্ৰিয়ভাৱে অধ্যয়ন কৰিছিল। কিন্তু এতিয়া ধৰ্মীয় প্ৰতিষ্ঠান আৰু আধ্যাত্মিক কেন্দ্ৰসমূহে এই মূল্যৱান পৰম্পৰাৰ প্ৰতি আগ্ৰহৰ অভাৱ দেখুৱাইছে, এয়া গভীৰভাৱে দুৰ্ভাগ্যজনক।