সৰু কোঠা এটাত এখন ডাঙৰ পৃথিৱীঃ উস্তাদ বিছমিল্লাহ খানৰ ঘৰ আৰু তেওঁৰ আধ্যাত্মিক সুৰ

Story by  atv | Posted by  [email protected] • 8 h ago
উস্তাদ বিছমিল্লাহ খান
উস্তাদ বিছমিল্লাহ খান
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

বেনাৰসৰ ৰাজপথত আজিও থিয় হৈ আছে এটা বিশেষ ঘৰ। সৰলতাৰ নিদৰ্শন এই ঘৰতে এসময়ত শ্বেহনাইৰ শব্দই ভগৱানৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছিল। আজি আমি সেই ঘৰটোৰ কথা কৈছো, য’ত উস্তাদ বিছমিল্লাহ খানে জীৱন কটাইছিল। ঘৰটোত তেওঁৰ আত্মাৰ উপস্থিতি এতিয়াও অনুভৱ কৰা যায়।
 
বিছমিল্লা চাহাবে প্ৰায়ে বহি থকা ছাদখনত দুপৰীয়াৰ মৃদু সূৰ্য্যৰ পোহৰ বিয়পি পৰিছিল। তাতে তেওঁ কেতিয়াবা নামাজ আগবঢ়াইছিল, আৰু কেতিয়াবা ৰ’দত বহি শ্বেহনাইৰ অনুশীলন কৰিছিল। তলত তেওঁৰ বহা কোঠাটো আছিল, য’ত তেওঁক লগ কৰিবলৈ দেশ-বিদেশৰ অজস্ৰ মানুহ আহিছিল। তেওঁ ঘণ্টাৰ পিছত ঘণ্টা বহি কথা পাতিছিল, হাঁহিছিল, সংগীত, জীৱন আৰু সাধনাৰ কাহিনী বিভিন্নজনৰ সন্মুখত প্ৰকাশ কৰিছিল।
 
এতিয়া নিজেই শ্বেহনাই শিকি থকা বিছমিল্লা খানৰ নাতি মহম্মদ হুছেইন ৰাজাই 'আৱাজ দ্য ভইচ'ক জনাইছে যে “যেতিয়া ককাই পুৱা ৰাগা টোডী বা ভৈৰৱী বজাইছিল, তেতিয়া সেই শব্দই ঘৰৰ চুক-কোণে প্ৰতিধ্বনিত হৈছিল। মই ওপৰৰ মহলাত থকাৰ সময়তো তেওঁৰ শ্বেহনাইৰ শব্দ মোৰ কাণত বাজি থকা আছিল। ওচৰ-চুবুৰীয়াই খিৰিকীৰ কাষত থিয় হৈছিল আৰু নীৰৱ-নিস্তব্ধ হৈ শ্বেহনাইৰ সুৰ শুনিছিল।”
 
প্ৰতিনিধিত্বমূলক ফটো
 
বিছমিল্লা খানৰ পুত্ৰ নায়াৰ হুছেইন বিছমিল্লাহে আৱেগিক হৈ কয়, “দেউতাৰ ইমানবোৰ কথা আছে যে আমি পুৱাৰ পৰা আৰম্ভ কৰিলে সন্ধিয়া হ’ব। ছাদতেই জীৱনটো কটালে, সৰু কোঠা এটাত তেওঁ এখন ডাঙৰ পৃথিৱী গঢ়ি তুলিছিল। প্ৰকৃতাৰ্থত এই ঘৰটো এজন সাধকৰ বাসস্থান।”
 
ইফালে, কন্যা জাৰিনা জীয়ে কয় যে উস্তাদ বিছমিল্লা খানে তেওঁৰ গুৰুৰ নিৰ্দেশ অনুসৰি বালাজী মন্দিৰত বছৰ বছৰ ধৰি শ্বেহনাইৰ অনুশীলন কৰিছিল। সেই মন্দিৰৰ সন্মুখত মংগলা গৌৰীৰ মন্দিৰ আছিল। বিছমিল্লাহ চাহাবে যেতিয়াই তাৰ পৰা উভতি আহিছিল, তেতিয়াই তেওঁ মংগলা গৌৰাৰ মন্দিৰৰ বেৰখন চুই আশীৰ্বাদ বিচাৰিছিল।
 
তেওঁৰ নাতিনীয়েকে আৱেগিকভাৱে কয়, "যেতিয়া আব্বাই (বিছমিল্লাহ চাহাবে) 'লাগী চৰণ তুমাৰে' গানটো গাইছিল, তেতিয়া আমি উপলব্ধি কৰিছিলোঁ যে এইবোৰ কেৱল সুৰ নহয়, এইবোৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদ।" কিন্তু আজি সেই সুৰৰ উত্তৰাধিকাৰসকল বিপদত পৰিছে। পৰিয়ালটো বিভাজিত হৈছে আৰু আদালতত গোচৰ চলি আছে। আগতে যিসকলে তেওঁৰ নামত গৌৰৱ কৰিছিল, এতিয়া একে আত্মীয়ই গোচৰ ৰুজু কৰিছে। 
 
বিছমিল্লাহ খানৰ ঘৰৰ দেৱালত আঁৰি থোৱা একাংশ ফটো
 
জাৰিনা জীয়ে কয়, "আব্বাৰ মৃত্যুৰ পিছত যেন সকলো ছিন্নভিন্ন হৈ পৰিল। চৰকাৰে কৈছিল যে সমগ্ৰ ভাৰত আমাৰ লগত আছে, কিন্তু এতিয়া আমাৰ লগত কোনো নাই, আছে মাথো স্মৃতি।" তেওঁ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্নকে ধৰি ইমানবোৰ বঁটা লাভ কৰিছিল, কিন্তু তেওঁৰ ঘৰৰ চালখন একেই থাকিল। কোনো সা-সুবিধা নাই, কোনো বিলাসিতা নাই–কেৱল শ্বেহনাই আৰু সাধনা। এইটোৱেই আছিল তেওঁৰ প্ৰকৃত সম্পদ, এইটোৱেই আছিল তেওঁৰ উত্তৰাধিকাৰ।
 
মহম্মদ হুছেইন ৰাজাই এতিয়া সেই উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। তেওঁ কয়, “আমি মাত্ৰ বিচাৰো যে দাদা জীৰ শ্বেহনাই আকৌ অনুৰণন হওক। পৃথিৱীয়ে শুনা উচিত যে এজন প্ৰকৃত শিল্পী কেতিয়াও মৰি নাযায়, সুৰত তেওঁৰ উশাহ জীয়াই থাকে।”
 
 
বিছমিল্লাহ খান চাহাব কেৱল শ্বেহনাইৰ ওস্তাদ নাছিল, ভাৰতৰ আত্মাৰ সংগীত শিল্পী আছিল। তেওঁৰ ঘৰ, তেওঁৰ চাল, তেওঁৰ কোঠা – এতিয়াও তেওঁৰ মন্দিৰ। হয়তো তেওঁ ঠিকেই কৈছিল: “সংগীত এক সাধনা, ই চখ নহয়। আৰু যিজনে ইয়াৰ অনুশীলন কৰে, তেওঁৰ কেতিয়াও মৃত্যু নহয়।” উস্তাদ বিছমিল্লাহ খান চাহাবৰ শ্বেহনাৰ সুৰে আজিও সময়ৰ নিস্তব্ধতা ভাঙি পেলায়। আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত বিছমিল্লাহ খানৰ সুৰত আমি সকলোৱে হেৰাই যাওঁ আহক। 
 
সমগ্ৰ বিশ্বতে বিখ্যাত উস্তাদ বিছমিল্লাহ খান আছিল সাম্প্ৰদায়িক সম্প্ৰীতিৰো এক ডাঙৰ নিদৰ্শন। গোটেই জীৱন কাশীৰ ৰাজপথত ঘূৰি ফুৰাৰ সময়ত তেওঁৰ শ্বেহনাই সুৰে গংগাৰ পাৰৰ পৰা কাশী বিশ্বনাথ মন্দিৰলৈ বিয়পি গৈছিল। সংগীতৰ জগতখনত উস্তাদ বিছমিল্লাহ খানক শ্বেহনাইৰ প্ৰতিশব্দ হিচাপে দেখা যায়। তেওঁৰ অবিহনে শ্বেহনাইৰ কথা কল্পনাই কৰিব নোৱাৰি।

(উস্তাদ বিছমিল্লাহ খানৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই প্ৰতিবেদনটো প্ৰকাশ পাইছে)