"মেচখনত মই যেতিয়াই বল হাতত তুলি লৈছিলো, তেতিয়াই ভণ্টীৰ কথা মোৰ মনলৈ আহিছিল। বিদেশৰ মাটিত মোৰ এই প্ৰদৰ্শন ভণ্টীৰ নামত উৎসৰ্গা কৰিব বিচাৰিছো। মই তেওঁক ক'ব বিচাৰো, "ভণ্টী আমি সকলো তোমাৰ সৈতে আছো।"-জিঅ' হটষ্টাৰত চেতেশ্বৰ পূজাৰাৰ সৈতে কথা পাতি থাকোতে আকাশে এইদৰে কৈ নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিছিল।Akash Deep opens up about his sister’s battle with cancer and dedicates his memorable performance to her. ❤️
— Sportskeeda (@Sportskeeda) July 6, 2025
A story of strength beyond the field. 🫡#ENGvIND #AkashDeep #TestCricket #Sportskeeda pic.twitter.com/dpg2Vmjkxi
অহা ১০-১৪ জুলাইৰ পৰা ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলগীয়া তৃতীয় টেষ্টক লৈ পৰিকল্পনাৰ কথা সোধাত আকাশ দ্বীপে কয় যে তেওঁ এই মুহূৰ্তত দ্বিতীয় টেষ্টৰ প্ৰদৰ্শনৰ সোৱাদ ল'ব বিচাৰে আৰু লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত খেলাৰ কথা একো চিন্তা কৰা নাই।AKASH DEEP DEDICATED HIS TEN-WICKET HAUL TO HIS SISTER WHO IS SUFFERING FROM CANCER 🥹❤️ pic.twitter.com/wtyl75WBYw
— Johns. (@CricCrazyJohns) July 6, 2025