১৪ বছৰৰ মূৰত ভাৰত ভ্ৰমণলৈ আহিব আর্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছি

Story by  atv | Posted by  Munni Begum • 10 h ago
আর্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছি
আর্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছি
 
কলকাতা
 
সুদীর্ঘ ১৪ বছৰৰ মূৰত ভাৰত ভ্ৰমণলৈ আহিব আর্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছি। বহু প্রতীক্ষিত চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ সূচী ইতিমধ্যে প্রকাশিত হৈছে। এই ইভেন্টৰ আয়োজক শতদ্রু দত্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি ১২ ডিচেম্বৰত কলকাতাত ভৰি থ'ব মেছিয়ে। দুদিন কলকাতাত থকাৰ পিচত ভ্রমণৰ গন্তব্যস্থান হ'ব আহমেদাবাদ, মুম্বাই আৰু দিল্লী। ১৫ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগত সাক্ষাতেৰে সামৰণি পৰিব এই ভ্রমণসূচী।  
 
২০১১ চনত প্রথমবাৰ ভাৰতলৈ আহিছিল বিশ্বকাপ জয়ী মহাতাৰকাগৰাকী। কলকাতাৰ যুৱ ভাৰতীয় ক্রীড়াংগনত আর্জেন্টিনাই খেলিছিল ভেনিজুৱেলাৰ বিৰুদ্ধে এখন প্রীতি মেচ। অহা ২৮ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত মেছিয়ে সামাজিক যোগাযোগ মাধ্যমযোগে এই ভ্ৰমণৰ সূচী প্রকাশ কৰিব।    
 
১২ ডিচেম্বৰৰ নিশা কলকাতাত উপস্থিত হোৱাৰ পিচত ১৩ ডিচেম্বৰৰ পুৱা হোটেল তাজ ৰেংগনত অনুষ্ঠিত হ'ব মিট এণ্ড গ্রীট, যাৰ অংশ হিচাপে থাকিব বিশেষ খাদ্য-সম্ভাৰ আৰু চাহ উৎসৱ। ইয়াত থাকিব আর্জেন্টাইন আৰু ভাৰতৰ অসমৰ চাহৰ ফিউচনত প্রস্তুত কৰা বিশেষ পানীয়। লগত থাকিব ইলিচসহ বিভিন্ন মাছ আৰু সুস্বাদু মিঠাই।
 
এই ভ্রমণত অসম নাথাকিলেও মেছিয়ে ল'ব অসমৰ চাহৰ জুতি। এই অনুষ্ঠানৰ পিচতে মেছিয়ে ভাগ ল'ব ভাস্কর্য উন্মোচন, গোট কনচার্ট আৰু গোট কাপত। সৌৰভ গাংগুলী, লিয়েণ্ডাৰ পেজ, বাইচুং ভুটীয়া আৰু জন আব্রাহামৰ লগত এখন প্রদর্শনী মেচো খেলিব। ১৩ ডিচেম্বৰৰ নিশাই মুম্বাই অভিমুখে ৰাওনা হ'ব মেছি।    
 
১৪ ডিচেম্বৰৰ পুৱা ব্রেব'নত মিট এণ্ড গ্ৰীট অনুষ্ঠানৰ পিচত বাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব গোট কনচার্ট আৰু গোট কাপ। ইয়াৰ পিচতে শ্বাহৰুখ খানৰ লগত মেছিয়ে খেলিব এখন প্রদর্শনী টেনিছ মেচ। একেদিনাই মুম্বাই এৰি ৰাওনা হ'ব আহমেদাবাদলৈ। গৌতম আদানিৰ এটা অনুষ্ঠানত ভাগ লৈ মেছিৰ অন্তিম গন্তব্যস্থান হব নতুন দিল্লী। ১৫ ডিচেম্বৰৰ দিনা প্রধানমন্ত্রী মোদীৰ লগত সাক্ষাতৰ পিচত ফিৰোজ শ্বাহ কোটলাত হ'ব অন্তিম কনচার্ট আৰু প্রদর্শনী মেচ। এই অনুষ্ঠান সামৰি নতুন দিল্লীৰ পৰাই ৰাওনা হ'ব আমেৰিকাৰ মিয়ামি চহৰ।