আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

Story by  atv | Posted by  [email protected] • 4 h ago
আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম
আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম
 
গুৱাহাটী
 
অসমত আজি সূচনা হ’ব নতুন ইতিহাসৰ। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ মেচ। ক্ৰিকেট বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱাৰ ষ্টেডিয়ামৰ তালিকাত নাম সান্নিবিষ্ট হ’ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। পূৰ্বে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২০২৩ৰ পুৰুষৰ ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তুতি মেচ অনুষ্ঠিত হৈছিল যদিও, এতিয়ালৈ বিশ্বকাপৰ মূল প্ৰতিযোগিতাৰ কোনোধৰণৰ মেচ অনুষ্ঠিত হোৱা নাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।
 
জুবিন গাৰ্গৰ বিয়োগত শোকত ম্ৰিয়মাণ হৈ আছে অসমবাসী, কিন্তু ইয়াৰ মাজতো ক্ৰিকেট বিশ্বকাপ মেচ কেইখন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম ক্ৰিকেট সন্থা। আজি মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব। উদ্বোধনী মেচৰ বাবে ব্যাপক প্ৰস্তুতি কৰিছে অসম ক্ৰিকেট সন্থাই। আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্রীলংকাৰ মাজত উদ্বোধনী মেচ।
 
আজি ১২ বজাৰ পৰা দৰ্শকৰ বাবে খুলি দিয়া হ’ব সকলো গেট। দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান। মিড ইনিংছটো ২০ মিনিট অনুষ্ঠান পৰিৱেশন কৰা হ'ব। অসমীয়াৰ প্ৰাণ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত হ'ব অনুষ্ঠান। কণ্ঠশিল্পী পাপন, শ্ৰেয়া ঘোষাল আৰু জয় বৰুৱাই কৰিব সংগীত পৰিৱেশন। উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গক গুৰুত্ব দিয়া হ'ব বুলি জনাই অসম ক্ৰিকেট সন্থাই।