বিশ্বকাপ ফুটবলৰ ইতিহাসত সৰ্বাধিক গ’ল দাতা মেছি; অষ্ট্ৰিয়াৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
বিশ্বকাপ ফুটবলৰ ইতিহাসত সৰ্বাধিক গ’ল দাতা মেছি
বিশ্বকাপ ফুটবলৰ ইতিহাসত সৰ্বাধিক গ’ল দাতা মেছি
 
নতুন দিল্লী
 
ডালাছ ষ্টেডিয়ামত ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিজৰ মৰ্যাদা শক্তিশালী কৰি অন্য এক অভিলেখ ৰচিলে লিঅ’নেল মেছিয়ে। সোমবাৰে অষ্ট্ৰিয়াৰ বিৰুদ্ধে অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জেৰ খেলখনত দুটা গ’ল দি ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ২-০ গ’লত জয়ৰ সোৱাদ দিয়ে অধিনায়ক মেছিয়ে।
 
ব্ৰেছৰ সহায়ত মেছিয়ে নিজৰ দলৰ জয় নিশ্চিত কৰাই নহয়, ২৪ জুনত ৩৯ সংখ্যক জন্মদিনৰ পূৰ্বে পুৰুষৰ ফিফা বিশ্বকাপৰ ইতিহাসত সৰ্বকালৰ আগশাৰীৰ গ’লদাতা হিচাপে অভিলেখ ৰচে আৰু জাৰ্মানীৰ মিৰ’স্লাভ ক্ল’জৰ অভিলেখ ভংগ কৰে৷
 
খেলৰ ৩৮ মিনিটত প্ৰথমটো গ’ল কৰি মেছিয়ে ক্ল’জৰ মিৰ’স্লাভ ১৬টা গ’লৰ সংখ্যা অতিক্ৰম কৰে৷ বৰ্ধিত সময়ত আৰু এটা গ’ল কৰি বিশ্বকাপৰ ইতিহাসত নিজৰ সামগ্ৰিক গ’ল ১৮ টালৈ বৃদ্ধি কৰি জাৰ্মান কিংবদন্তিগৰাকীতকৈ দুখোজ আগুৱাই যায় আৰ্জেণ্টিনাৰ তাৰকাগৰাকী।
 
অপ্টাই জনোৱা মতে, মেছিয়ে পুৰুষৰ ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰতিযোগিতাখনৰ তিনিটা ভিন্ন সংস্কৰণত (২০১৪, ২০২২ আৰু ২০২৬) চাৰিটা বা তাতকৈ অধিক গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হিচাপেও পৰিগণিত হৈছে । এই কৃতিত্ব অৰ্জন কৰা আনগৰাকী একমাত্ৰ খেলুৱৈজন হ’ল মিৰ’স্লাভ ক্ল’জ।
 
মন কৰিবলগীয়া যে, এই দুটা গ’লেই মেছিক চলি থকা বিশ্বকাপত স্ক’ৰিং চাৰ্টৰ শীৰ্ষলৈও আগুৱাই লৈ যায়, মাত্ৰ দুখন মেচতে তেওঁ ৫টা গ’ল দিয়ে। আৰ্জেণ্টিনাৰ উদ্বোধনী খেলত আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিক কৰি তেওঁ তালিকাত প্ৰৱেশ কৰিছিল।