আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
খেলপথাৰত কেৱল বাহুৰ বল আৰু কৌশলৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এখন বিশাল হৃদয়ৰো। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত অসম কন্যা লাভলীনা বৰগোহাঁয়ে কেৱল এখন কঠোৰ যুঁজেই নিদিলে, বৰং নিজৰ জয়ক অসমৰ বানপীড়িত জনতালৈ উছৰ্গা কৰি সমগ্ৰ দেশবাসীৰ হৃদয় জিনিলে।
অসম আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক গৌৰৱময় মুহূৰ্তত, শনিবাৰে স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰি নিজৰ অভিযানৰ সামৰণি মাৰে আগশাৰীৰ বক্সাৰ তথা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে।
ড্ৰ' ফৰ্মেটৰ বাবে 'বাই' পাই পোনে পোনে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পিছত, লাভলীনাই এই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰে। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত টুভালুৰ তাৰোনা তাফাকিক ৫-০ ব্যৱধানত সৰ্বসন্মত সিদ্ধান্তৰ ভিত্তিত সহজভাৱে পৰাস্ত কৰি তেওঁ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে।
পিছে, এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেলত ২৮ বছৰীয়া বক্সাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ অন্যতম সফল বক্সাৰ এমা-ছু গ্ৰীনট্ৰিৰ হাতত ৪-১ ৰ একপাক্ষিক সিদ্ধান্তত সামান্য ব্যৱধানত পৰাজয় বৰণ কৰে। ২০২৩ আৰু ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী গ্ৰীনট্ৰিয়ে সমগ্ৰ খেলখনত অসাধাৰণ ধৈৰ্য আৰু পৰিপক্বতা প্ৰদৰ্শন কৰি ভাৰতীয় বক্সাৰগৰাকীক অতিক্ৰম কৰে। পৰাজয়ৰ পিছতো লাভলীনাই ৰূপৰ পদকতে সন্তুষ্ট হ'বলগীয়া হয়, যাৰ ফলত ভাৰতৰ পদকৰ তালিকাত সংযোজিত হয় আন এক গৌৰৱ।
ৰূপৰ পদক লাভ কৰাৰ পিছত নিজৰ মত প্ৰকাশ কৰি লাভলীনা বৰগোহাঁয়ে স্বীকাৰ কৰে যে এখন কঠিন ফাইনেলত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ পিছতো সোণৰ পদকৰ পৰা বঞ্চিত হোৱাত তেওঁ নিৰাশ হৈছে। তেওঁ কয়, "সোণৰ পদক জিকিব নোৱাৰাত মই নিৰাশ হৈছো। কিন্তু টিম ইণ্ডিয়াৰ চমৎকাৰ প্ৰদৰ্শনৰ বাবে মই গৌৰৱান্বিত আৰু ভাৰতীয় বক্সিং ফেডাৰেচন তথা চৰকাৰৰ সমৰ্থনৰ বাবে মই কৃতজ্ঞ। মই এই ৰূপৰ পদক অসমবাসীৰ নামত, বিশেষকৈ বিধ্বংসী বানপানীৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ নামত উছৰ্গা কৰিছোঁ। সেই দুৰ্যোগৰ কথা মোৰ মনত অহৰহ আছিল আৰু এই পদক কেৱল তেওঁলোকৰ বাবে।"
ভৱিষ্যতে অধিক সফলতাৰ কামনা কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্স (X) ত লিখিছে, "গ্লাছগো কমনৱেলথ গেমছ ২০২৬ৰ মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনালোঁ। তোমাৰ অসাধাৰণ দক্ষতা, স্থিৰতা আৰু দৃঢ়তাৰ প্ৰদৰ্শনেই তোমাক এই প্ৰাপ্য সন্মান আনি দিছে।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স (X) যোগে লাভলীনাক অভিনন্দন জনাই কয়, "মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে লাভলীনা বৰগোহাঁইক লৈ মই গৌৰৱান্বিত! তেওঁ সমগ্ৰ খেলখনতে উৎকৃষ্ট দক্ষতা প্ৰদৰ্শন কৰিলে। তেওঁলৈ অভিনন্দন থাকিল। তেওঁৰ নিষ্ঠা আৰু ধাৰাবাহিকতাই সমগ্ৰ দেশৰ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰি যাব।"
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ বক্সাৰগৰাকীক "অসমৰ গৌৰৱ, ভাৰতৰ চেম্পিয়ন" বুলি প্ৰশংসা কৰে। এক্স (X) ত কৰা এটা পোষ্টত তেওঁ লিখে, "#CWG2026 ত ৰূপৰ পদক জয় কৰাৰ বাবে লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন। তুমি নৱপ্ৰজন্মৰ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰিছা আৰু প্ৰতিগৰাকী অসমীয়াক অতিকৈ গৌৰৱান্বিত কৰিছা। তোমাৰ এই অসাধাৰণ কৃতিত্ব একেলগে উদযাপন কৰিবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ।"
কমনৱেলথ গেমছৰ অভিযান সামৰণি পৰাৰ লগে লগে এতিয়া লাভলীনাই আন্তঃৰাষ্ট্ৰীয় বক্সিং ছিজনৰ পৰৱৰ্তী পৰ্যায়লৈ মনোযোগ দিব বুলি আশা কৰা হৈছে। ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া অন্যতম বৃহৎ ক্ৰীড়া মহোৎসৱ জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ প্ৰস্তুতিৰ ওপৰতেই এতিয়া তেওঁৰ সম্পূৰ্ণ গুৰুত্ব থাকিব।
হাঁহি আৰু চকুলোৰ মাজেৰে লাভলীনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে হাৰ-জিক কেৱল খেলৰ এক অংশহে, আচল বিজয় থাকে খেলুৱৈৰ মানসিকতা আৰু মানৱীয়তাত। অসমৰ বানপীড়িত ৰাইজলৈ তেওঁৰ এই সমবেদনা আৰু উছৰ্গাই তেওঁক কেৱল এগৰাকী চেম্পিয়ন বক্সাৰ হিচাপেই নহয়, এগৰাকী মহান মানৱ দৰদী হিচাপেও প্ৰতিষ্ঠা কৰিলে। আগন্তুক এছিয়ান গেমছ আৰু ২০২৮ ৰ অলিম্পিকৰ বাবে আমাৰ মৰমৰ লাভলীনালৈ অশেষ শুভকামনা!