Mister Singh’s India-ৰ নেপকিন; (সোঁফালে) লাভলীনা বৰগোহাঁইয়ে মানচিত্ৰত ভুলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাইছে
নতুন দিল্লী
ভাৰতীয় বক্সিং ফেডাৰেচন (BFI)-ৰ সভাপতি অজয় সিঙে দেওবাৰে জনায় যে, গ্লাছগ’ৰ এখন জনপ্ৰিয় ভাৰতীয় ৰেষ্টুৰেণ্টে নিজৰ প্ৰদৰ্শিত ভাৰতৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চল বাদ পৰা ভুল সংশোধন কৰাৰ আশ্বাস ভাৰতীয় দলক দিছে। অলিম্পিক পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে এই ভুলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই এই আশ্বাস দিয়ে।
চলিত কমনৱেলথ গেমছত ভাৰতে ইতিহাস সৃষ্টি কৰি বক্সিংত মুঠ ১০টা পদক -- সাতটা স্বৰ্ণ আৰু তিনিটা ৰজত -- জয় কৰাৰ পিছত আয়োজিত উদযাপনমূলক ভোজমেলত এই বিষয়ে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ সৈতে কোনো ধৰণৰ সংঘাত হোৱা নাছিল বুলিও সিঙে স্পষ্ট কৰে।
“কোনো সংঘাত হোৱা নাছিল। এইটো এটা অনিচ্ছাকৃত ভুল আছিল। মই আৰু লাভলীনা দুয়োজনে বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ কৰাইছিলোঁ। তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ইয়াক সংশোধন কৰাৰ আশ্বাস দিছে,” পিটিআইক অজয় সিঙে কয়।
শনিবাৰে ভাৰতীয় দলে গ্লাছগ’স্থিত Mister Singh’s India, The Home of Curry ৰেষ্টুৰেণ্টলৈ গৈ কমনৱেলথ গেমছত লাভ কৰা নজিৰবিহীন সফলতা উদযাপন কৰিছিল।
এই বিষয়টো তেতিয়াই পোহৰলৈ আহে, যেতিয়া অসমৰ অলিম্পিক পদকজয়ী আৰু এইবাৰৰ কমনৱেলথ গেমছত ৰজত পদকজয়ী লাভলীনা বৰগোহাঁইয়ে লক্ষ্য কৰে যে ৰেষ্টুৰেণ্টখনৰ নেপকিনত মুদ্ৰিত আৰু বাহিৰত প্ৰদৰ্শিত ভাৰতৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চল দেখুওৱা হোৱা নাই।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত লাভলীনাই কয়, “অনুগ্ৰহ কৰি মোৰ কথাটো বেয়া পাই নল’ব। এই বিষয়টোৱে মোক অলপ আঘাত দিছে। ভাৰতৰ মানচিত্ৰত আমাৰ উত্তৰ-পূৰ্বাঞ্চল নাই। হয়, বাহিৰত প্ৰদৰ্শিত মানচিত্ৰখনতো উত্তৰ-পূৰ্বাঞ্চল বাদ দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ হিচাপে এইটোৱে আমাক সঁচাকৈয়ে আঘাত দিয়ে। মই কেৱল এই কথাখিনিয়েই ক’ব বিচাৰিছিলোঁ। অনুগ্ৰহ কৰি পিছৰবাৰ এই বিষয়টো মনত ৰাখিব। বহুত ধন্যবাদ।”
অজয় সিঙে লভলিনাৰ সৈতে যোগ দি লগতে কয় যে কেৱল উত্তৰ-পূবেই নহয়, কাশ্মীৰৰ কিছু অংশও মানচিত্ৰৰ পৰা বাদ পৰিছে।
গ্লাছগ’ৰ অন্যতম জনপ্ৰিয় ভাৰতীয় খাদ্যগৃহ হিচাপে পৰিচিত এই ৰেষ্টুৰেণ্টখনে বিগত বহু বছৰত বিভিন্ন দেশৰ ক্ৰীড়া দল আৰু বিশিষ্ট অতিথিসকলক আদৰণি জনাই আহিছে।