নতুন দিল্লী
চিৰবৈৰী পাকিস্তানক পৰাজিত কৰি নৱমবাৰৰ বাৰে এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতীয় ক্ৰিকেট দলে। পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জয় লাভ কৰিও স্বাভিমান ৰাখি পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ তথা Asian Cricket Council ৰ সভাপতি মহছিন নকভিৰ পৰা ট্ৰফী গ্ৰহণ নকৰিলে ভাৰতে। ডুবাইত পুনৰ ছন্দপতন পাকিস্তানৰ, হুংকাৰ দি অসহায় আত্মসমৰ্পণ।
এছিয়া কাপত তিনিবাৰকৈ ভাৰতৰ বিৰুদ্ধে মুখামুখি হোৱাৰ পাছতো জয়ৰ মুখ নেদেখিলে পাকিস্তানে। এখন টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ হেট্ৰিক গঢ়িলে ভাৰতে। ষ্টেডিয়ামৰ বাহিৰে ভিতৰে চলিছিল সেই মহাৰণ। সেয়ে হয়তো ক্ৰীড়াপ্ৰেমীৰ মাজত তুমুল চৰ্চা চলিছিল। এছিয়া কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল ভাৰত-পাকিস্তান। এই যুঁজত শেষ হাঁহি মাৰিলে সূৰ্যকুমাৰ যাদৱ নেতৃত্ৱাধীন ভাৰতীয় দলে।
ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ ফাইনেলত দেওবাৰে কঠিন পৰিস্থিতিৰ অতিক্ৰমী ভাৰতীয় দলে জয় অৰ্জন কৰে ৫ উইকেটত। দেওবাৰে ভাৰতৰ সন্মুখত লক্ষ্য আছিল ১৪৭ ৰাণৰ। ৯ অভাৰ ৪টা বলত প্ৰথমটো উইকেট হেৰুৱাই ৮৪ ৰান কৰি পাকিস্তানে দৃঢ় আৰম্ভণি কৰিছিল। পাকিস্তানৰ অপেনাৰদ্বয়ে ভাৰতৰ বলাৰৰ বিৰুদ্ধে যি আক্ৰমণাত্মক ৰূপ লৈছিল তালৈ চাই ধাৰণা কৰা কৰিছিল ভাৰতৰ সন্মুখত এক বিশাল টাৰ্গেট দিব পাকিস্তানে। পিছে ১৯.১ অভাৰত ১৪৬ ৰানতে স্তব্ধ হ’ল পাকিস্তান।
বিপৰীতে আৰম্ভণিতে ভাৰতৰ উইকেট পতনে ভাৰতীয় শিবিৰত চিন্তিত কৰি তুলিছিল। অভিষেক শৰ্মাৰ ৫ ৰাণ, শুভমন গীলৰ ১২ ৰান আৰু সূৰ্যকুমাৰ যাদৱ ১ ৰাণ কৰি আউট হয়। ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ মাজত যেন এক প্ৰকাৰে নিৰাশা আহি পৰিছিল। ভাৰতীয় বেটাৰে পাকিস্তানৰ বলাৰৰ সন্মুখত ব্যৰ্থ হোৱাৰ সময়ত অৰ্ধশতক অৰ্জনেৰে দলৰ জয়ত মূল ভূমিকা পালন কৰে তিলক বাৰ্মাই। এই জয়ৰ ক্ষেত্ৰত তেওঁক সহায় কৰে সঞ্জু ছেমছন আৰু শিবম ডুবেই।
বিজয়ৰ পিছতে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ তথা Asian Cricket Council ৰ সভাপতি মহছিন নকভিৰ পৰা এছিয়া কাপৰ বিজয় ট্ৰফী গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় টীম ইণ্ডিয়াই। ভাৰতীয় দলে কিয় এছিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মন্তব্য ৰাখে BCCIৰ সচিব দেৱজিৎ শইকীয়াই।
প্ৰথমে ভাৰতীয় ক্ৰিকেট দলে লোৱা এই সিদ্ধান্তৰ শলাগ ল’লে সচিব দেৱজিৎ শইকীয়াই। তেওঁ কয় যে ভাৰতীয় দলে কেতিয়াও ভাৰতৰ বিপক্ষে যুদ্ধৰ প্ৰয়াস কৰা দেশৰ নেতাৰ পৰা কেতিয়াও ট্ৰফী গ্ৰহণ কৰিব নোৱাৰে।
আনহাতে, এছিয়া কাপ জয়ৰ পাছতেই এক্সযোগে টীম ইণ্ডিয়াক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক্ৰীড়াংগনতো চলিল অপাৰেচন সিন্দূৰ, যুদ্ধক্ষেত্ৰৰ দৰেই অৱধাৰিতভাৱে জয়লাভ কৰিলে ভাৰতে। তদুপৰি, ভাৰতীয় দলে ট্ৰফী গ্ৰহণ নকৰাত মহছিন নকভিয়ে ট্ৰফী আৰু মেডেল নিজৰ লগত লৈ যোৱাৰ ঘটনাকো গৰিহণা দিয়ে দেৱজিত শইকীয়াই।