BCCI ৰ নতুন সমিতি ঘোষণা; পুনৰ সচিবৰ দায়িত্বত দেৱজিৎ শইকীয়া

Story by  atv | Posted by  [email protected] • 2 h ago
দেৱজিৎ শইকীয়া
দেৱজিৎ শইকীয়া
 
গুৱাহাটী
 
দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নতুন কাৰ্যনিৰ্বাহক সমিতি ঘোষণা কৰে। নিৰ্বাচনী বিষয়াই নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰি বি চি চি আই এতিয়া নতুন হাতত থাকিব বুলি ইংগিত দিয়ে।
 
বি চি চি আইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে মিথুন মানহাছ। উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰাজীৱ শুক্লাক। দেৱজিৎ শইকীয়াক সচিব হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সচিব হিচাপে নিৰ্বাচিত কৰা হৈছে। এ ৰঘুৰাম ভাটক কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
 
বি চি চি আইত অন্যান্য পদতো গুৰুত্বপূৰ্ণ নিযুক্তি দিয়া হৈছে। এপেক্স কাউন্সিললৈ নিৰ্বাচিত হৈছে জয়দেৱ নিৰঞ্জন শ্বাহ। গভৰ্নিং কাউন্সিললৈ নিৰ্বাচিত হৈছে অৰুণ সিং ধুমল আৰু এম খাইৰুল জামাল মজৰুমদাৰ।
 
৪৫ বছৰীয়া মিথুন মানহাছ ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ দীৰ্ঘদিনীয়া তাৰকা আছিল। মনহাছে দিল্লী দলৰ হৈ ঘৰুৱা ক্ৰিকেটত খেলিছিল। ১৯৯৭-৯৮ চনৰ পৰা ২০১৬-১৭ চনলৈকে কেৰিয়াৰত তেওঁ ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ মেচ আৰু ৯১ খন টি-২০ মেচ খেলিছিল। তেওঁ প্ৰথম শ্ৰেণী ক্ৰিকেটত ৯,৭১৪ ৰান সংগ্ৰহ কৰিছে।
 
যদিও তেওঁ কেতিয়াও ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল, তথাপিও তেওঁ আই পি এলত তিনিটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছি ল: দিল্লী ডেয়াৰডেভিলছ, পুনে ৱাৰিয়ৰ্ছ, আৰু চেন্নাই ছুপাৰ কিংছ। শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ইয়াৰ পূৰ্বে দুলীপ ট্ৰফীৰ উত্তৰ মণ্ডলৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আই পি এল দল গুজৰাট টাইটানছৰ সহায়ক কৰ্মচাৰীৰ অংশ হিচাপেও কাম কৰিছিল।
 
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ সম্পূৰ্ণ কাৰ্য্যকাল পোৱা নাছিল অসম সন্তান দেৱজিৎ শইকীয়াই। কিন্তু এইবাৰ সমিতিখনত সম্পূৰ্ণ দুবছৰ কাৰ্যকাল সচিবৰ দায়িত্বত থাকিব দেৱজিৎ শইকীয়া।