ভাৰতীয় ক্ৰিকেটাৰৰ ফিটনেছৰ মানদণ্ড বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ হ'ব ব্ৰংকো টেষ্ট

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ভাৰতীয় ক্ৰিকেটাৰসকলৰ ফিটনেছৰ মানদণ্ড বৃদ্ধিৰ লক্ষ্যৰে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক এড্ৰিয়ান লে ৰ’ক্সে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই অনুসৰি বৰ্তমানৰ যো-য়ো টেষ্ট আৰু ২ কিলোমিটাৰ টাইম ট্ৰাইলৰ সমান্তৰালভাৱে ব্ৰংকো টেষ্ট (Bronco Test)ক ফিটনেছৰ নতুন মাপকাঠী হিচাপে প্ৰৱৰ্তন কৰিছে।
 
ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি, ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক এড্ৰিয়ান লে ৰ’ক্সে এই পৰীক্ষাটো টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ বাবে বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ দিছে। ইয়াৰ পূৰ্বে ২০০০ চনৰ আৰম্ভণিতে টিম ইণ্ডিয়াৰ সৈতে তেওঁ কাম কৰিছিল। দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ড, আই পি এল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ, আৰু পঞ্জাব কিংছৰ ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক হিচাপে আছিল এড্ৰিয়ান লে ৰ’ক্স। 
ব্ৰংকো টেষ্ট এতিয়া ভাৰতীয় দলৰ ফিটনেছ প্ৰট’কলৰ অংশ হিচাপে পৰিগণিত হ’ব। ইয়াত মুঠ ১২০০ মিটাৰ বিৰতি নোহোৱাকৈ ২০, ৪০ আৰু ৬০ মিটাৰ দৈৰ্ঘ্যৰ পাঁচটা অবিৰত ছেট শ্বাটল ৰান জড়িত হৈ আছে। খেলুৱৈসকলক ছয় মিনিটত সমগ্ৰ ক্ৰমটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইতিমধ্যে বেংগালুৰুৰ বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সত এই পৰীক্ষা সম্পন্ন কৰিছে একাংশ শীৰ্ষ খেলুৱৈয়ে।