এছিয়া কাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল

Story by  atv | Posted by  [email protected] • 7 h ago
এছিয়া কাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল
এছিয়া কাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল
 
নতুন দিল্লী
 
জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত এছিয়া কাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল। কেইবাটাও ডাঙৰ চমক দিলে টীম ইণ্ডিয়াই। আনফালে ভাৰতীয় দলৰ পৰা বাদ পৰিল কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ।
 
এছিয়া কাপৰ দলত শুভমন গিলক দলত স্থান দিয়াই নহয়, তেওঁক সহঃঅধিনায়ক হিচাপেও নিযুক্তি দিয়া হৈছে।
 
এছিয়া কাপৰ ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (সহঃ অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, সঞ্জু ছেমচন, হৰ্ষিত ৰাণা আৰু ৰিংকু সিং।
 
এছিয়া কাপৰ নিৰ্বাচনী কমিটিৰ বৈঠকৰ দৃশ্য
 
চৰ্চাত থকা কেইবাগৰাকী তাৰকা বাদ পৰিল এছিয়া কাপৰ দলৰ পৰা। বিশেষকৈ শ্ৰেয়স আয়াৰ, মহম্মদ ছিৰাজ বাদ পৰিল দলৰ পৰা। ১৫ জনীয়া দলটোৰ উপৰিও প্ৰসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছোৱালক ৰিজাৰ্ভ খেলুৱৈ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।