নতুন দিল্লী
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পিছত কেৱল এজন যাত্ৰীৰ বাহিৰে বিমানখনত থকা প্ৰতিগৰাকী যাত্ৰীৰেই মৃত্যু হ'ল। তথাপিও সকলোৰে আত্মীয়-পৰিয়ালৰ মনত যেন কিবা এটা চমৎকাৰ হোৱাৰ অপেক্ষা। যদি কিবা কাৰণত তেওঁলোকৰ প্ৰিয় মানুহজন বাচি গৈছে বা জীয়াই আছে।
DNA পৰীক্ষাত যাত্ৰীসকল মৃত্যু হোৱা বুলিয়ে নিশ্চিত হোৱা আৰম্ভ হৈছে। কালি দেওবাৰে দিয়া বিবৃতি অনুসৰি এইপৰ্যন্ত ৮০ জন লোকৰ মৃত্যু হোৱা বুলি DNA পৰীক্ষাৰ জৰিয়তে নিশ্চিত কৰা হৈছে। এইপৰ্যন্ত ৩৩টা মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰা হৈছে। আজি ১৩টা মান পৰিয়ালে মৃতদেহ গ্ৰহণ কৰিবলৈ আহিব বুলি জানিব পৰা গৈছে।
একেলগে ১১টা পৰিয়ালে একাধিক সদস্যক হেৰুৱাইছে, সেয়ে তেওঁলোকে একেলগে প্ৰিয়জনৰ মৃতদেহ সংগ্ৰহ কৰিব বুলি চৰকাৰী সূত্ৰৰপৰা জানিব পৰা গৈছে।২১টা পৰিয়ালে জনাইছে যে তেওঁলোকে তেওঁলোকৰ আত্মীয়ৰ সৈতে কথা পাতি কেতিয়া মৃতদেহ সংগ্ৰহ কৰিবলৈ আহিব পাৰিব সেই বিষয়ে কৰ্তৃপক্ষক জানিবলৈ দিব।
স্থান অনুসৰি বিভাজন: আহমেদাবাদ: ১২, বদোদৰা: ৫, খেদা: ২, বোটাড: ১, উদয়পুৰঃ ১, মেহছানা: ৪, যোধপুৰঃ ১, আৰাভাল্লী: ১, আনন্দ: ৪, ভৰুচ: ২