পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব লগা এক্সিয়াম-৪ মহাকাশ অভিযান পুনৰ এবাৰ পিছুৱাই দিয়া হৈছে। ১৯ জুনত হ’বলগীয়া এই অভিযানৰ উৎক্ষেপণ ২২ জুনলৈ নহয়।
 
এই সিদ্ধান্ত গ্ৰহণ কৰিছে নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ লগতে ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে । উৎক্ষেপণৰ তাৰিখৰ এই পৰিৱৰ্তনে নাছাক মহাকাশ কেন্দ্ৰৰ কাৰ্য্যকলাপৰ মূল্যায়ন অব্যাহত ৰাখিবলৈ সময় দিছে।
 
উল্লেখ্য যে, ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত থকা লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন মহাকাশযানত যাত্ৰা কৰিব মহাকাশচাৰীসকলে।
 
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ১৯ জুনত এক্সিয়াম-৪ অভিযান আৰম্ভ হ’ব বুলি অৱগত কৰিছিল। তেওঁ “এক্স”ৰ পোষ্টৰ জৰিয়তে জনাইছিল যে “ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণৰ তাৰিখ এতিয়া ১৯ জুন, ২০২৫ তাৰিখলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
 
লগতে স্পেচএক্সৰ দলে নিশ্চিত কৰিছে যে পূৰ্বে উৎক্ষেপণ পিছুৱাই দিয়া সকলো সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে।” সিঙে কয় যে সময় অনুসৰি আৰু যিকোনো আপডেট শ্বেয়াৰ কৰা হ’ব। এতিয়া সেই আপডেট প্ৰকাশ পাইছে। এই মিছন ২২ জুন দেওবাৰৰ পূৰ্বে নহয়।