চাইকেল চলাই সামাজিক পৰিৱৰ্তনৰ বাৰ্তা বিলাইছে আৰ্ছেল আখতাৰে

Story by  Daulat Rahman | Posted by  [email protected] • 6 h ago
আৰ্ছেল আখতাৰ
আৰ্ছেল আখতাৰ
 
দৌলত ৰহমান / গুৱাহাটী
 
দেউতাকে চাইকেল উপহাৰ দিয়াৰ পিছতে আৰ্ছেল আখতাৰে জীৱনত নিজাববীয়াকৈ চাইকেল চলাবলৈ শিকিছিল। তেতিয়া তেওঁ অষ্টম শ্ৰেণীত পঢ়ি আছিল। ছুটিৰ দিনত তেওঁ বন্ধু-বান্ধৱীৰ সৈতে ওচৰৰ অঞ্চলবোৰ ভ্ৰমণ কৰিছিল। ২০০১ চনত স্নাতক ডিগ্ৰী লাভ নকৰালৈকে অনিয়মিতভাৱে হ'লেও তেওঁ চাইকেল চলাই ঘুৰি ফুৰা কামটো অব্যাহত ৰাখিছিল।
 
কিন্তু চাকৰিত যোগ দিয়াৰ পিছত আৰ্ছেল আখতাৰে চাইকেল চলোৱা বাদ দিয়ে আৰু দেউতাকৰ পৰা উপহাৰ হিচাপে লাভ কৰা চাইকেলখন বিক্ৰী কৰি শেষত গাড়ী এখন কিনিলে। কিন্তু কৰ্পৰেট চাকৰি আৰু নতুন গাড়ীখনৰ সৈতে তেওঁৰ অভিজ্ঞতা বৰ ৰোমাঞ্চকৰ আৰু স্মৰণীয় নাছিল। সেয়ে পৰৱৰ্তী সময়ত কৰ্পৰেট চাকৰি এৰি উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰি ২০১৬ চনত আৰ্ছেলে পুনৰ চাইকেলিঙৰ ক্ষেত্ৰখনত সোমাই পৰে।
 
এইদৰে আজি আৰ্শ্বেল আখতাৰ কেৱল চাইকেল আৰোহীৰ মাজতে নহয়, অসমৰ সাধাৰণ মানুহৰ মাজতো আটাইতকৈ পৰিচিত মুখ হৈ পৰিছে। তেওঁ এতিয়া ৰাজ্যজুৰি চাইকেল চলাই সমাজত ইতিবাচক বাৰ্তা বিয়পোৱাৰ লগতে সদাব্যস্ত গুৱাহাটী চহৰত চাইকেল চলোৱাক এক নিৰ্ভৰযোগ্য যাতায়তৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ জনমতৰ সৃষ্টি কৰে।
 
নিজৰ চাইকেলখনৰ সৈতে আৰ্ছেল আখতাৰ
 
২০১৬ চনৰ পৰা আৰ্ছেলে চাইকেলেৰে গুৱাহাটীৰ আশে-পাশে থকা অঞ্চলসমূহ অন্বেষণ কৰিবলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে উইকেণ্ড ৰাইড (weekend rides)ৰ সময়ত মনে মিলা লোকৰ সৈতে সংযোগ স্থাপন কৰে। তেওঁ বিভিন্ন চাইক্লিং হোৱাটছএপ গ্ৰুপত যোগদান কৰি অধিক চাইক্লিং অনুৰাগীক লগ পায়।
 
২০১৭ চনৰ মাজভাগত আৰ্ছেলে উপলব্ধি কৰিলে যে তেওঁ চাইক্লিঙৰ জগতখনৰ বাবে অধিক কৰিবলগীয়া আছে। এই উদ্দেশ্যৰে প্ৰথম অৱস্থাত তেওঁ ছুটিৰ দিনত চাইকেল ৰাইড, বিশেষ অনুষ্ঠানত চাইকেল ৰেলী, আৰু পিছলৈ আমন্ত্ৰিত বিশেষজ্ঞৰ সৈতে চাইকেল অভিযান, আলোচনা আৰু কনক্লেভৰ আয়োজন কৰে।
 
২০১৮ চনত আৰ্ছেলে 'চাইকেল মেয়ৰ' নামৰ এক কাৰ্যসূচীৰ কথা জানিব পাৰে আৰু এই কাৰ্যসূচীৰ অংশ হ'বলৈ তেওঁ চাইকেল চলোৱাৰ প্ৰতি থকা আকৰ্ষণ তথা গুৱাহাটী চহৰখনৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে তিনি পৃষ্ঠাৰ এখন প্ৰতিবেদনৰ সৈতে আবেদন কৰিছিল। আমষ্টাৰডামত অৱস্থিত এটা গোলকীয় এন জি অ’ BYCS-এ তেওঁৰ তিনিটা অনলাইন সাক্ষাৎকাৰ লৈছিল আৰু আৰ্ছেলক চাইকেল মেয়ৰ পদৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছিল।
 
গুৱাহাটীৰ ৰাজপথত এক চাইকেল ৰেলীৰ দৃশ্য
 
এন জি অ’টোৱে তেওঁক সক্ৰিয় স্থানীয় নাগৰিকৰ পৰা সাতটা অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কয়। তেওঁ ৪০ জনতকৈ অধিক লোকৰ কাষ চাপিছিল আৰু প্ৰায় ২০খন অনুমতি পত্ৰ লাভ কৰিছিল। ২০১৮ চনৰ ২২ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে আৰ্ছেলক গুৱাহাটীৰ প্ৰথমজন চাইকেল মেয়ৰ হিচাপে নিযুক্তি দিয়া হয়।
 
“এই নতুন নিযুক্তিয়ে মোক সমগ্ৰ অসমৰ স্থানীয় প্ৰশাসন আৰু চাইকেল চলোৱা সমূদায়ৰ সৈতে জড়িত হোৱাই নহয়, এইটোও বুজিবলৈ সুযোগ দিলে যে বেছিভাগ মানুহেই চাইকেল চলোৱাক কেৱল ক্ৰীড়া বা বিনোদনৰ সৈতে জড়িত কৰে—যাতায়তৰ মাধ্যম হিচাপে নহয়। এই উপলব্ধিয়ে মোক বহনক্ষম পৰিবহণ, চাইকেল চলোৱা বিষয়ক চৰকাৰী আঁচনি আৰু নীতিৰ সৈতে জড়িত ধাৰণাসমূহ অন্বেষণ কৰিবলৈ বাধ্য কৰালে। মই জানিব বিচাৰিছিলো এইবোৰ কিয় বিফল হৈছে বা কাৰ্যকৰী নহ’ল।"-আৰ্ছেলে আৱাজ-দ্য ভইছৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয়।
 
লাহে লাহে আৰ্ছেলৰ বাবে দিনবোৰ ভাল হ’বলৈ ধৰিলে। ২০১৯ চনত দুজনমান বন্ধুৰ সৈতে আৰ্শ্বেলে চাইকেল চলোৱাৰ সকলো দিশতে গুৰুত্ব আৰোপ কৰি পেডেল ফৰ এ চেঞ্জ নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে আৰু চাইক্লিঙক মানুহৰ মাজত জনপ্ৰিয় কৰিবলৈ তেওঁলোকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।
 
এক চাইকেল ৰেলিৰ পূর্বে বন্ধুবৰ্গৰ সৈতে আৰ্ছেল আখতাৰ
 
“২০১৯ চনৰ পৰা মই চাইকেল চলোৱাক এক কাৰ্য্যকৰী নগৰীয়া গতিশীলতাৰ বিকল্প হিচাপে চাবলৈ আৰম্ভ কৰিলোঁ যিয়ে দুটা ডাঙৰ নগৰীয়া প্ৰত্যাহ্বান ক্ৰমে প্ৰদূষণ আৰু যানজঁটৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে। অন্য চহৰৰ সহযোগী চাইকেল মেয়ৰ, নগৰীয়া পৰিবহণ বিশেষজ্ঞৰ সৈতে মূলতঃ লিংকডইনৰ জৰিয়তে যোগাযোগ স্থাপন, প্ৰবন্ধ আৰু কিতাপ পঢ়া, আৰু অনলাইন বিষয়বস্তুৰ সৈতে জড়িত হৈ মই মোৰ শিক্ষণ প্ৰক্ৰিয়াক আগবঢ়াই নিছিলো। ২০২০ চনৰ ভিতৰত মই বহনক্ষম নগৰীয়া গতিশীলতা (Sustainable Urban Mobility)ৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰিছিলোঁ, আৰু মোৰ প্ৰচেষ্টাসমূহ ক্ৰমান্বয়ে সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিছিল।"-আৰ্ছেলে কয়।
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা চাইকেল চলোৱা লোকসকলৰ সৈতে অধিক সংযোগ স্থাপনৰ বাবে আৰ্ছেলে ২০২৩ চনৰ জুন–জুলাই মাহত সমগ্ৰ অসমত একক চাইকেল চলোৱা যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাত তেওঁ ২৮ দিনৰ ভিতৰত ২৭খন জিলাৰ মাজেৰে প্ৰায় ২০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। ভ্ৰমণৰ জৰিয়তে চাইক্লিষ্টগৰাকীয়ে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে সজাগতা, সক্ৰিয় গতিশীলতা আৰু পথ সুৰক্ষাৰ বাৰ্তাও প্ৰচাৰ কৰিছিল।
 
গুৱাহাটীত পেডেল ফৰ এ চেঞ্জৰ জৰিয়তে স্বেচ্ছাসেৱকসকলৰ সৈতে (যিসকলে ২০২০ চনৰ পৰা ২০২১ চনলৈকে তেওঁলোকৰ সৈতে যোগদান কৰিছিল) হোৱা আদান-প্ৰদানৰ পৰা অনুপ্ৰাণিত আৰু উৎসাহিত হৈ আৰ্ছেলে ২০২৪ চনত পুৰভকা ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠা কৰিছিল। ফাউণ্ডেচনটোৱে এতিয়া জলবায়ু সুৰক্ষা, ৰাজহুৱা পৰিবহণ, সক্ৰিয় গতিশীলতা (খোজকঢ়া আৰু চাইকেল চলোৱা), আৰু পথ সুৰক্ষাৰ সৈতে জড়িত কাম কৰে।
 
গুৱাহাটীৰ ৰাজপথত চাইকেল চলাই থকা মুহূৰ্তত বন্ধুৰ সৈতে আৰ্ছেল আখতাৰ
 
“আমি এতিয়া চাইকেল ৰাইডছৰ আয়োজন কৰোঁ আৰু বিভিন্ন সংস্থাৰ বাবে চাইকেল ৰেলী পৰিচালনা কৰোঁ। একেদৰে স্পকহাব চাইক্লিঙ (Spokehub Cycling)ৰ সৈতে অংশীদাৰিত্বৰে চাইকেল ৰেচ আয়োজন কৰো। ই এছ এ এফ ফাউণ্ডেশ্যন (ESAF Foundation)ৰ সহযোগত আমি ওপেন ষ্ট্ৰীট গুৱাহাটীৰো আয়োজন কৰোঁ। আমি প্ৰতিমাহে কেইদিনমান গাড়ী ব্যৱহাৰ নকৰিবলৈ উৎসাহিত কৰি “আই এম কাৰ-ফ্ৰী টুডে”ৰ দৰে অভিযান চলাইছো, আৰু চাইকেল আৰোহী আৰু পথচাৰীৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে 'We Too' নামৰ এক অভিযান মুকলি কৰিছো।” আৰ্শ্বেলে কয়।
 
আৰ্ছেল আৰু তেওঁৰ সংগঠনটোৱে নগৰীয়া গতিশীলতাৰ সমস্যাসমূহৰ সহযোগিতামূলক সমাধান বিচাৰিবলৈ অনলাইন আলোচনা অধিবেশন (পেডেল টকছ), অফলাইন সংলাপ (মবিলিটি টকছ), আৰু অংশগ্ৰহণমূলক নিয়োজিত অধিবেশন (লেট’ছ গেট ইনভলভড) অনুষ্ঠিত কৰিছিল। ৰাজহুৱা পৰিবহণ আৰু চাইকেল চলোৱাৰ প্ৰতি মানুহৰ ধাৰণা বুজিবলৈও তেওঁলোকে জৰীপ আৰু অধ্যয়ন চলাইছে। ২০২৩ চনত তেওঁলোকে চাইকেল চলোৱাৰ ক্ষেত্ৰত ব্যক্তি, প্ৰতিষ্ঠান, সংগঠনক স্বীকৃতি দিবলৈ উত্তৰ-পূব চাইক্লিং বঁটা আৰম্ভ কৰে।
 
আৰ্ছেল আখতাৰ
 
"আমি গুৱাহাটীৰ কেইখনমান বিদ্যালয়ত চাইকেল ৰেলীৰ আয়োজন কৰিছো, যদিও বহু ছাত্ৰ-ছাত্ৰীয়ে মূলতঃ আন সংগঠনৰ দ্বাৰা পৰিচালিত বৃহৎ ৰেলীত অংশগ্ৰহণ কৰে। বিশেষকৈ স্পকহাব চাইক্লিঙৰ সৈতে অংশীদাৰিত্বৰে আয়োজিত চাইকেল দৌৰে ১২ৰ পৰা ১৮ বছৰ বয়সৰ যুৱ অংশগ্ৰহণকাৰীক আকৰ্ষিত কৰে।"-আৰ্ছেল আখতাৰে কয়।
 
পুৰভকা ফাউণ্ডেশ্যনৰ জৰিয়তে আৰ্ছেলে বহনক্ষম নগৰীয়া গতিশীলতাৰ বাবে প্ৰমাণ আৰু সমৰ্থন গঢ়ি তুলিবলৈ অধিক অধ্যয়ন চলোৱাৰ পৰিকল্পনা কৰিছে। আৰ্ছেল আৰু তেওঁৰ দলটোৱে খোজ কঢ়া আৰু চাইকেল চলোৱাৰ জৰিয়তে চুবুৰী পৰ্যায়ৰ সুলভতা (neighborhood-level accessibility) উন্নত কৰাৰ বাবে এটা পাইলট প্ৰকল্পৰ কাম কৰি আছে—বিশেষকৈ স্থানীয় অঞ্চলসমূহক প্ৰধান ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সৈতে সংযোগ কৰা। পিছলৈ এই পাইলট প্ৰজেক্টসমূহ গুৱাহাটীৰ অন্যান্য অঞ্চললৈ আৰু শেষত অসমৰ অন্যান্য চহৰলৈ সম্প্ৰসাৰণ কৰিব পৰা যাব বুলিও তেওঁ কয়।
 
"আমি জীৱিকাৰ বাবে চাইকেল চলোৱা আৰোহীসকলক সহায় কৰাৰ বাবেও এক সুকীয়া কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো—যিসকলে আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে চাইকেল চলায়। ইয়াৰ উপৰিও আমি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰ কৰি চাইকেল চলোৱাৰ পদক্ষেপৰ ওপৰত কাম কৰি আছো। এইবাৰ আমি সেই ব্যক্তিসকলক চাইক্লিঙৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অনুপ্ৰাণিত কৰিবলৈ উত্তৰ-পূব চাইক্লিং বঁটাৰ দ্বিতীয় সংস্কৰণৰো আয়োজন কৰিম।"-আৰ্ছেলে কয়।