পুনে
২২ এপ্ৰিলৰ পেহেলগামত সংঘটিত হোৱা নৰসংহাৰ দিনা পুনেৰ এটি পৰিয়ালক নিজৰ ঘৰৰ নিৰাপদ স্থানলৈ লৈ গৈ প্ৰাণ ৰক্ষা কৰিছিল দক্ষিণ কাশ্মীৰৰ এজন টেক্সি চালকে। তেওঁৰ নাম হৈছে আদিল।
আদিলে পেহেলগামৰ সেই দুৰ্ভাগ্যজনক দিনটোৰ কথা মনত পেলাই অতি দুখেৰে কয় যে, "মাত্ৰ এজন ব্যক্তিৰ ভুলৰ বাবে সমগ্ৰ কাশ্মীৰখনে শাস্তি পাবলৈ গৈ আছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ হৈছে মানৱতাৰ বিৰুদ্ধে কৰা এক ডাঙৰ অপৰাধ। ই কেৱল আমাৰ কাশ্মীৰীৰ বাবেই অসন্মান কঢ়িয়াই অনা নাই, ই আমাৰ জীৱিকাও কাঢ়ি লৈ গৈছে।"
আদিল হৈছে সেইজন ব্যক্তি, যিজনে নিজৰ জীৱনৰ কথা এবাৰো ভাবি নাচাই পেহেলগামৰ বৈছাৰণত সংঘটিত আক্ৰমণৰ সময়ত বন্দুকৰ গুলীৰ পৰা মহাৰাষ্ট্ৰৰ পুনেৰ এটি পৰিয়ালৰ জীৱন ৰক্ষা কৰিছিল। আদিলে পৰিয়ালটিক নিজৰ ঘৰলৈ লৈ গৈ নিৰাপদ ঠাই আশ্ৰয় প্ৰদান কৰিছিল।
পুনে চহৰৰ অজিত পাৱাৰৰ কংগ্ৰেছৰ দলৰ নেত্ৰী ৰূপালী থম্ব্ৰে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এক ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত পৰিয়ালটোৱে আদিলৰ বীৰত্ব আৰু মানৱীয়তাক আন্তৰিকতাৰে প্ৰশংসা কৰিছে।
ৰূপালী থম্ব্ৰে কৈছে, "এইজনেই আদিল ভাই। যিজনে আমাক নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁ আমাক খাদ্য যোগান ধৰিছিল, আমাক সুৰক্ষা প্ৰদান কৰিছিল। আৰু ৰাতিপুৱাৰে পৰা তেওঁ আমাক ভয় নাখাবলৈ আশ্বস্ত প্ৰদান কৰি আহিছিল।"
ভিডিঅ'টোত আদিলে কৈছে, “এই এটা ঘটনাই সমগ্ৰ কাশ্মীৰ উপত্যকাক বদনাম কৰিছে। কাশ্মীৰৰ অৰ্থনীতি, আমাৰ পৰ্যটন উদ্যোগ, সকলো ধ্বংস কৰিছে। ৰাজপথৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ডাঙৰ হোটেললৈকে সকলোৱে ক্ষতিগ্ৰস্ত হ’বলৈ গৈ আছে।"
তেওঁ লগতে কয়, "নিৰীহ ল'ৰা-ছোৱালীয়ে পৰিয়ালৰ সৈতে ইয়ালৈ ফুৰিবলৈ আহিছিল। তেওঁলোকে কেনেকৈ গম পাব যে তেওঁলোকৰ লগত এনেকুৱা কিবা এটা হ'ব? এতিয়া ইয়াৰ প্ৰভাৱ সমগ্ৰ কাশ্মীৰত পৰিব। আমাৰ কৰ্মসংস্থাপন শেষ হৈ গ'ল, আমাৰ ব্যৱসায় ধ্বংস হৈ গ'ল। আমি ইয়াৰ কেতিয়াও সমৰ্থন নকৰো।"
এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সম্প্ৰতি কাশ্মীৰ উপত্যকাত শোক আৰু ক্ষোভৰ পৰিবেশে বিৰাজ কৰিছে। কাশ্মীৰৰ ইছলামিক সম্প্ৰদায়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু ইয়াক শান্তিপূৰ্ণভাৱে বন্ধ কৰাৰ আহ্বান জনাইছে। মুম্বাইকে ধৰি দেশৰ বহু ঠাইত নাগৰিক আৰু ধৰ্মীয় সংগঠনে ৰাজপথলৈ ওলাই আহি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
এই ঘটনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ আৰু শাস্তিমূলক পদক্ষেপৰ কথা ঘোষণা কৰিছে। নিয়ন্ত্ৰণ ৰেখাত নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে আৰু সতৰ্কতা বৃদ্ধি কৰা হৈছে।
সন্ত্ৰাসবাদে কাশ্মীৰ উপত্যকাৰ শান্তিক ভেঙুচালি কৰি আহিলেও আদিলৰ দৰে মানুহে প্ৰমাণ কৰি আহিছে যে মানৱতা এতিয়াও জীয়াই আছে। হয়, কাশ্মীৰ আজি কষ্টত আছে, কিন্তু আমাৰ মানুহৰ মানৱীয়তাৰ বাবে এক আশাৰ ৰেঙণিও কঢ়িয়াই আনিছে।