বৰ্তমানৰ ব্যয়বহুল চিকিৎসা ব্যৱস্থাৰ বিপৰীতে মাত্ৰ ১০ টকাত ৰোগীক সেৱা আগবঢ়াইছে ডাঃ ইজাজ আলীয়ে

Story by  atv | Posted by  Munni Begum • 18 d ago
ডাঃ ইজাজ আলী
ডাঃ ইজাজ আলী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
চিকিৎসকসকলক প্ৰায়ে আমি ঈশ্বৰৰ দূত বুলি গণ্য কৰোঁ। জীৱন-মৰণৰ সময়ত তেওঁলোক আমাৰ শেষ আশা, শেষ ভৰষা। কিন্তু বিগত কিছু বছৰৰ পৰা একাংশ চিকিৎসকৰ ব্যৱসায়িক মনোভাৱে সমাজৰ দুখীয়া-দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক বেয়াকৈ শোষণ কৰি থকা দেখা গৈছে। চিকিৎসকৰ ওচৰলৈ যাবলৈকে যেন ভয় কৰা হৈছে এই শ্ৰেণীৰ লোকসকল।  
 
একাংশ চিকিৎসকে সমগ্ৰ চিকিৎসা ব্যৱস্থাটোক ব্যৱসায়ত পৰিণত কৰাৰ সময়তে কিন্তু এইখন ভাৰতত এনে এজন চিকিৎসক আছে, যিয়ে সঁচা অৰ্থত মানৱীয় দৃষ্টিৰে ৰোগীক সেৱা কৰি আছে। দুখীয়াৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত এইগৰাকী চিকিৎসক হৈছে ডাঃ ইজাজ আলী। যি সময়ত বেছিভাগ চিকিৎসকে ৰোগী চোৱাৰ বিনিময়ত ৮০০ৰ পৰা ১২০০ টকাৰ ভিতৰত লয়, তেনে সময়তে ডাঃ ইজাজ আলীয়ে ৰোগীৰ পৰা মাচুল হিচাপে লয় মাত্ৰ ১০ টকা। ধনসৰ্বস্ব বৰ্তমানৰ চিকিৎসা ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে পৃথক ডাঃ আলীয়ে নিস্বাৰ্থ মনোভাৱৰ পৰিচয় দিছে। 
 
চিকিৎসালয়ত ভৰ্তি ৰোগীক চিকিৎসা কৰি থকা অৱস্থাত ডাঃ ইজাজ আলী
 
কেৱল তেওঁৰ মাচুল নূন্যতমেই নহয়, তেওঁৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ মূল্যও আন ঠাইতকৈ যথেষ্ট কম। বহু ক্ষেত্ৰত এই খৰচবোৰো ৰেহাই দিয়া হয়, বা ৰোগীক কিস্তিত পৰিশোধ কৰাৰো বিকল্প দিয়া হয়। উদাহৰণস্বৰূপে, ডাঃ আলীয়ে অস্ত্ৰোপচাৰৰ পিছৰ ঔষধকে ধৰি এপেণ্ডিক্স অপাৰেচনৰ বাবে প্ৰায় ১৭ হাজাৰ টকা লয়। আনহাতে, পিত্তথলীৰ পাথৰ (gallbladder stone) আঁতৰোৱাৰ মূল্য ঔষধকে ধৰি মাত্ৰ ১১ হাজাৰ টকা লোৱা হয়।
 
এজন সুপৰিচিত জেনেৰেল চাৰ্জন ডাঃ আলীয়ে ১৯৮৪ চনৰ পৰা পাটনাৰ বিখনা পাহাৰী অঞ্চলত চিকিৎসক হিচাপে প্ৰেকটিছ আৰম্ভ কৰিছিল। তিনি দশকৰো অধিক সময় ধৰি তেওঁৰ মাচুল (consultation fee) ১০ টকা অপৰিৱৰ্তিত হৈ আছে। প্ৰতিদিনে তেওঁক সাধাৰণ কুৰ্তা-পাইজামাৰে আছিয়ানা-দিঘা পথ (Ashiana-Digha Road)ৰ তেওঁৰ চিকিৎসালয়ৰ মুকলি চোতালত প্লাষ্টিকৰ চকী এখনত বহি থকা দেখা যায়। এইদৰে তেওঁ শ শ ৰোগীক মাত্ৰ ১০ টকাৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াই আছে।
 
বিখনা পাহাৰীস্থিত তেওঁৰ চিকিৎসালয়তো একেধৰণৰ দৃশ্যই দেখা দিয়ে, য’ত সমগ্ৰ বিহাৰৰ লোকে চিকিৎসাৰ বাবে তেওঁৰ ওচৰলৈ আহে। গড়ে তেওঁ ১০০ জনৰো অধিক ৰোগীক দেখা কৰে আৰু ৭ৰ পৰা ৮টা অস্ত্ৰোপচাৰ সম্পন্ন কৰে।
 
ডাঃ ইজাজ আলী তেওঁৰ ক্লিনিকত
 
ৰোগীৰ পৰা কিয় ইমান কম মাচুল লৈ আছে বুলি সাংবাদিকে সোধাত ডাঃ আলীয়ে কয়, “মই সৰুৰে পৰা মোৰ চৌদিশে দৰিদ্ৰতা দেখিছিলো আৰু মোৰ মাৰ পৰাও কিছুমান দিহা-পৰামৰ্শ পাইছিলো। মই সমাজখনক কিবা প্ৰকাৰে সেৱা আগবঢ়াবলৈ পাই অত্যন্ত সুখী।” তেওঁ লগতে কয় যে, টোকেন কনচালটেচন মাচুলৰ বাহিৰেও তেওঁ এই কথাও নিশ্চিত কৰে যে সকলো ৰোগীক একেদিনাই দেখা কৰিব পাৰে, যাতে তেওঁলোকে থকা-খোৱা আৰু ভ্ৰমণৰ বাবে অতিৰিক্ত ধন খৰচ কৰিব নালাগে। 
 
ডাঃ আলীৰ প্ৰয়াত পত্নীও চিকিৎসক আছিল। তেৱোঁ ৰোগীক সেৱাৰ বাবে মাত্ৰ ১০ টকাহে আদায় কৰিছিল। এতিয়া তেওঁলোকৰ তিনিটা সন্তান আৰু আটাইকেইজনে চিকিৎসা বৃত্তি গ্ৰহণ কৰি পিতৃ-মাতৃৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। আমেৰিকাৰ এখন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা পুত্ৰই ১০০ টকা লোৱাৰ বিপৰীতে স্ত্ৰীৰোগ বিশেষজ্ঞ কন্যাগৰাকীয়ে ৰোগীৰ পৰা মাত্ৰ ৫০ টকা লয়। তেওঁৰ আন এজনী কন্যা ডাঃ নাগমা আঞ্জুম এগৰাকী পেথ’লজিষ্ট।
 
আন চিকিৎসকৰ বাবে কিবা পৰামৰ্শ আছে নেকি বুলি সোধাত ডাঃ আলীয়ে কয়, "চিকিৎসাৰ আগতে ৰোগীৰ আৰ্থিক দিশটোৰ কথা আমি চিন্তা কৰা উচিত। অপ্ৰয়োজনীয় পৰীক্ষা আৰু দামী ঔষধৰ বাবে তেওঁলোকক বাধ্য নকৰিব। আমি সকলোৱে লোভ ত্যাগ কৰি উচিত।"
 
চিকিৎসা বিজ্ঞানৰ বাহিৰেও ডাঃ ইজাজ আলীয়ে সামাজিক কামত নিজকে উৎসৰ্গা কৰিছে। অভাৱগ্ৰস্ত, বিশেষকৈ দলিত মুছলমানসকলৰ উত্থানৰ বাবে তেওঁ অক্লান্তভাৱে কাম কৰি আছে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকৰ সংৰক্ষণৰ অধিকাৰৰ পোষকতা কৰি আহিছে।
 
(আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)