ৰুবী খান আৰু মিৰ্জা মহতাছিম বেইগ: অজস্ৰ লোকৰ জীৱন সলনি কৰা এহাল দম্পতী

Story by  atv | Posted by  [email protected] • 1 h ago
ৰুবী খান আৰু মিৰ্জা মহতাছিম বেইগ
ৰুবী খান আৰু মিৰ্জা মহতাছিম বেইগ
 
ফাৰহান ইজৰাইলী / জয়পুৰ

সমাজৰ বাবে নিষ্ঠাবান কামৰ জৰিয়তে কেপ্তেইন মিৰ্জা মহতাছিম বেইগ আৰু তেওঁৰ পত্নী ৰুবী খান জয়পুৰত সেৱা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক হৈ পৰিছে। কেপ্তেইন বেইগে ৰাজস্থানৰ প্ৰথমজন মুছলমান পাইলট হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত তেওঁৰ ২৫ বছৰতকৈও অধিক সময় উৰণৰ অভিজ্ঞতা আছে। তেওঁৰ পত্নী ৰুবী খান কেৱল এগৰাকী সক্ৰিয় ৰাজনীতিবিদেই নহয়, অগণন জীৱনক স্পৰ্শ কৰা এগৰাকী দায়বদ্ধ সমাজকৰ্মীও। 

দম্পতীহালৰ মতে প্ৰকৃত সামাজিক পৰিৱৰ্তন ব্যক্তিগত প্ৰচেষ্টাৰ পৰাই আৰম্ভ হয়। ৰুবীয়ে প্ৰায়ে কয় যে তেওঁ আজীৱন সমাজ সেৱা কৰি যাব বিচাৰে আৰু তেওঁৰ এই সপোনে কেপ্তেইন বেইগৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতেই প্ৰকৃত উদ্দেশ্য আৰু দিশ লাভ কৰিছিল। 

তেওঁলোকে হাতত হাত ধৰি কাম কৰি একেলগে বহুতো তৃণমূল পৰ্যায়ৰ প্ৰকল্প আৰম্ভ কৰিছে। যেনে--বিনামূলীয়া চিকিৎসা শিবিৰ আৰু নথিপত্ৰ অভিযানৰ পৰা আৰম্ভ কৰি ৰেচন বিতৰণ আৰু ছোৱালীৰ বিবাহৰ বাবে সমৰ্থনলৈকে। এই প্ৰচেষ্টাসমূহে অনগ্ৰসৰ সম্প্ৰদায়ৰ হাজাৰ হাজাৰ পৰিয়ালক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে, যাৰ ফলত তেওঁলোক আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

ৰুবী খানৰ দৃঢ় বিশ্বাস যে অভাৱগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ বাধাটো ধন নহয়, বৰঞ্চ তথ্যৰ অভাৱ। কেপ্তেইন বেইগে এই কথাত সম্পূৰ্ণ সন্মতি দি কয়, “যদিহে আমি প্ৰথম পদক্ষেপ নলওঁ, তেতিয়ালৈকে সমাজখন আগবাঢ়িব নোৱাৰে।” তেওঁলোকৰ এই অভিযান কেপ্তেইন বেইগৰ পিতৃ ৰাজস্থানৰ এজন সন্মানীয় চিভিল অভিযন্তা মিৰ্জা মুখতাৰ বেইগৰ পৰা গভীৰভাৱে অনুপ্ৰাণিত, যিয়ে নিজৰ সন্তানক দায়িত্ব আৰু সমাজ সেৱাৰ মূল্যবোধ শিকাইছিল।
 

ক'ভিড-১৯ মহামাৰীৰ সময়ত মানুহক সহায় আগবঢ়াইছে ৰুবী খানে
 
ৰুবী খান সম্প্ৰীতি আৰু শিক্ষাৰ দৃষ্টিভংগীৰে এগৰাকী লেখিকাও। প্ৰখ্যাত লেখক অধ্যাপক কে এল কমলৰ সৈতে তেওঁ যুটীয়াভাৱে লিখি উলিয়াইছে “হিন্দু ধৰ্ম আৰু ইছলাম: দো আঁখে, নয়া ৰোশনি” (হিন্দু ধৰ্ম আৰু ইছলাম: দুটা চকু, নতুন পোহৰ) নামৰ গ্ৰন্থখন। ২০১০ চনত তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে উন্মোচন কৰা এই গ্ৰন্থখনে ধৰ্মসমূহৰ মাজত থকা ভুল বুজাবুজিৰ সেতুবন্ধন কৰিব বিচাৰিছে আৰু ইয়াক এক কালজয়ী গ্ৰন্থ বুলি অভিহিত কৰা হৈছে। ই উপ-ৰাষ্ট্ৰপতিৰ পুথিভঁৰাল আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। 

ইয়াৰ উপৰিও তেওঁ “জ্ঞান কে বুলবুলে” শীৰ্ষক এখন শিশু কবিতা গ্ৰন্থ লিখিছিল, য’ত নাৰ্চাৰী আৰু প্ৰাক-প্ৰাথমিক শিশুসকলক ৰাজস্থানৰ সংস্কৃতি, পৰিৱেশ, আৰু মূল্যবোধৰ সৈতে সহজ, আকৰ্ষণীয় ভাষাত পৰিচয় কৰাই দিয়া হৈছে। এই গ্ৰন্থখন মুকলি কৰিছিল তেতিয়াৰ ৰাজস্থানৰ শিক্ষামন্ত্ৰী ব্রিজ কিশোৰ শর্মাই৷ ৰুবীয়ে শব্দৰ জৰিয়তে অনুপ্ৰাণিত কৰাৰ বিপৰীতে কেপ্তেইন বেইগে কাৰ্য্যৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ পিছপৰা যুৱক-যুৱতীসকলক কেৰিয়াৰ কাউন্সেলিং আৰু ব্যক্তিগত মেণ্টৰশ্বিপৰ জৰিয়তে পথ প্ৰদৰ্শন কৰাত আগ্ৰহী আৰু তেওঁলোকৰ সম্ভাৱনাক চিনাক্ত কৰাত সহায় কৰে। 

তেওঁ দিল্লী বিমানবন্দৰত এটা আৱেগিক মুহূৰ্তৰ কথা মনত পেলাই, যেতিয়া এতিয়াৰ এজন প্ৰাক্তন ছাত্ৰই তেওঁক কৃতজ্ঞতাৰে ভৰি চুইছিল আৰু বেইগৰ পথ প্ৰদৰ্শনৰ বাবেই তেওঁৰ জীৱন সলনি হৈছে বুলি কৈছিল। কেপ্তেইন বেইগৰ বাবে এনে মুহূৰ্তই প্ৰকৃত পুৰস্কাৰ আৰু যুৱ মনবোৰক উন্নীত কৰি ৰখাৰ সংকল্পক এইবোৰ কথাই ইন্ধন যোগায়। 
 

বিপদৰ সময়ত মানুহৰ কাষত কেপ্তেইন মিৰ্জা বেইগ
 
ৰুবী খানে নিজৰ জীৱনৰ বহুখিনি সময় মহিলা সবলীকৰণৰ বাবে উৎসৰ্গা কৰিছে। ঘৰুৱা হিংসা, মহিলাৰ স্বাস্থ্য, আৰু নিয়োগৰ সুযোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে তেওঁ সক্ৰিয়ভাৱে কাম কৰে। মহিলাসকলৰ বাবে কেন্সাৰ পৰীক্ষা শিবিৰ আৰু দক্ষতা বিকাশৰ কৰ্মশালাৰ আয়োজন কৰিছে। মেহেন্দি (হেনা আৰ্ট), বেংকিং, আৰু ডিজিটেল মাৰ্কেটিঙৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে বহু মহিলাই আৰ্থিকভাৱে স্বাধীন হ’ব পৰা দক্ষতা আৰু আত্মবিশ্বাস লাভ কৰিছে।

ৰুবী খান ৰাজনীতিতো সক্ৰিয়। কংগ্ৰেছ দলৰ সংখ্যালঘু শাখাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে তেওঁ মুছলমান মহিলাৰ ৰাজনৈতিক সবলীকৰণৰ তীব্ৰ পোষকতা কৰে। নীতি নিৰ্ধাৰণত সংখ্যালঘুৰ প্ৰত্যক্ষ অংশগ্ৰহণ অবিহনে সম্প্ৰদায়টোৱে প্ৰকৃত অগ্ৰগতি লাভ কৰিব নোৱাৰিব বুলি তেওঁ মনপোষণ কৰে। 

স্বামী কেপ্তেইন বেইগৰ সৈতে ৰুবীয়ে জয়পুৰৰ সাংস্কৃতিক আৰু স্থাপত্য ঐতিহ্য ৰক্ষাৰ প্ৰতি সমানেই আবেগিক। দ্ৰুত নগৰায়ন, যান-জঁট, পানী জমা হোৱাৰ বাবে চহৰখনে নিজৰ পৰিচয় হেৰুৱাই পেলোৱাৰ বিষয়ে তেওঁ প্ৰায়ে উদ্বেগ প্ৰকাশ কৰে। ৰুবী খানৰ বাবে জয়পুৰৰ ইতিহাস আৰু সংস্কৃতি সংৰক্ষণ কৰাটো ইয়াৰ ভৱিষ্যত গঢ়ি তোলাৰ দৰেই গুৰুত্বপূৰ্ণ।

ৰুবী খানৰ দৃঢ় বিশ্বাস যে দক্ষ অভিযন্তা আৰু পৰিকল্পনাকাৰীৰ সহযোগত জয়পুৰৰ ঐতিহাসিক মনোমোহাতাক পুনৰুজ্জীৱিত কৰিব পৰা যাব। সেৱাৰ এই দৃষ্টিভংগী বেইগ পৰিয়ালৰ গভীৰতাত বিয়পি আছে। কেপ্তেইন বেইগৰ কনিষ্ঠ ভাতৃ মিৰ্জা শ্বৰিক বেইগে জালমহল পুনৰুদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এসময়ত পৰিত্যক্ত আৰু অৱহেলিত এই স্মৃতিসৌধটো এতিয়া পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।
 

বিনামূলীয়া চিকিৎসা শিবিৰত একাংশ মহিলাৰ সৈতে ৰুবী খান  
 
প্ৰাকৃতিক পানী বিশুদ্ধকৰণ পদ্ধতি আৰু বহনক্ষম ডিজাইন ব্যৱহাৰ কৰি শ্বৰীকে এই স্থানক ৰাজস্থানৰ পৰিৱেশ আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰে। পৰিয়ালটোৰ আটাইতকৈ কনিষ্ঠ সদস্যজন আই আই টি ইন্দোৰৰ এজন বিজ্ঞানী। শেহতীয়াকৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে তেওঁৰ গৱেষণাক স্বীকৃতি দিছে। 

ৰুবীৰ বাবে এটা অবিস্মৰণীয় মুহূৰ্ত আহিছিল ২০০৪ চনত, যেতিয়া তেওঁ মিচেছ জয়পুৰ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। সেই মুহূৰ্তটোৱে তেওঁক নিজৰ ব্যক্তিত্ব আৰু সামাজিক মিছনক আগুৱাই নিয়াৰ আত্মবিশ্বাস আৰু দৃঢ়তা প্ৰদান কৰিছিল। আজিও কেপ্তেইন বেইগ আৰু ৰুবী খানে নিজৰ পদক্ষেপ সম্প্ৰসাৰণ কৰি আহিছে। তেওঁলোকে যুৱক-যুৱতী, মহিলা আৰু সংখ্যালঘু সম্প্ৰদায়ক উন্নীত কৰাৰ বাবে নতুন প্ৰশিক্ষণ কাৰ্যসূচী, বৃত্তি শিবিৰ, আৰু সজাগতা অভিযান আৰম্ভ কৰিছে।

জয়পুৰৰ নগৰীয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে ইয়াৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবেও চৰকাৰী সংস্থাসমূহৰ সৈতে কাম কৰি আছে। কেপ্তেইন মিৰ্জা মহতাছিম বেইগ আৰু ৰুবী খানৰ যাত্ৰাই দেখুৱাইছে যে প্ৰকৃত পৰিবৰ্তনৰ বাবে বৃহৎ ধন-সম্পত্তিৰ প্ৰয়োজন নহয়, বৰঞ্চ শক্তিশালী বিশ্বাস আৰু দৃঢ়তাৰ প্ৰয়োজন। মমতা, নিষ্ঠা আৰু এক সঠিক উদ্দেশ্যেৰে এই দম্পতীয়ে গঢ়ি তুলিছে এক উত্তৰাধিকাৰ যিয়ে কেৱল জয়পুৰেই নহয়, সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে।