বিশ্বকৰ্মা পূজাঃ জাতি-ধৰ্মৰ সীমা নমনা ভাতৃত্ববোধৰ এক অনন্য উৎসৱ

Story by  Munni Begum | Posted by  Munni Begum • 3 h ago
ভগৱান বিশ্বকৰ্মা
ভগৱান বিশ্বকৰ্মা
 
মুন্নী বেগম / গুৱাহাটী 
 
বিশ্বকৰ্মা পূজা কেৱল পূজাৰ সঁজুলি আৰু যন্ত্ৰৰ উৎসৱ নহয়; ই একতা, কঠোৰ পৰিশ্ৰম আৰু ভাতৃত্ববোধ উদযাপনৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। ঐশ্বৰিক স্থপতি হিচাপে পৰিচিত ভগৱান বিশ্বকৰ্মাক অভিযন্তা, শিপিনী, যান্ত্ৰিক, কাৰখানাৰ শ্ৰমিক তথা চালককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকে পূজা কৰি আহিছে। এই পূজাৰ স্বকীয়তা হ’ল যে, ই জাতি, ধৰ্ম, সামাজিক মৰ্যাদাৰো উৰ্দ্ধত। 
 
আমাৰ কৰ্মক্ষেত্ৰসমূহ কেৱল উৎপাদন কেন্দ্ৰই নহয়, বিভিন্ন পটভূমিৰ লোকসকলে একত্ৰিত হৈ উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ এক মঞ্চও। এনে স্থানত সফলতাৰ বাবে ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক সন্মান অতি প্ৰয়োজনীয় হৈ পৰে। ভাৰতবৰ্ষৰ অসংখ্য সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাৰ ভিতৰত বিশ্বকৰ্মা পূজাই কৰ্মক্ষেত্ৰত একতাই কেনেদৰে সম্প্ৰীতি, প্ৰগতি, সামূহিক বৃদ্ধিৰ সূচনা কৰিব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।  
 
ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে অয়োজন কৰা বিশ্বকৰ্মা পূজা
 
হিন্দু পৌৰাণিক কাহিনী মতে, ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থপতি আৰু অভিযন্তা হিচাপে শ্ৰদ্ধা কৰা হয়। তেওঁ দেৱতাসকলৰ আকাশী অস্ত্ৰ, বিষ্ময়কৰ নগৰ, বিশাল আকৰ্ষণীয় ৰাজপ্ৰসাদ আদিৰ ডিজাইন কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁৰ সৃষ্টিসমূহ দক্ষতা, সৃষ্টিশীলতা আৰু নিখুঁততাৰ প্ৰতীক যদিও তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াত দলীয় কাম আৰু সামূহিক প্ৰচেষ্টাৰ মূল্যবোধসমূহো প্ৰতিফলিত হৈ আহিছে। বিশ্বকৰ্মাই যেনেকৈ সকলো সত্তাৰ কল্যাণৰ বাবে কাম কৰিছিল, ঠিক তেনেদৰে তেওঁৰ পূজাই আধুনিক কৰ্মক্ষেত্ৰসমূহক সহযোগিতা আৰু ভাগ-বতৰা কৰা দায়বদ্ধতাক অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে।   
 
বিশ্বকৰ্মা পূজাৰ এটা আকৰ্ষণীয় দিশ হ’ল ই কোনো এটা সম্প্ৰদায় বা ধৰ্মৰ মাজতে সীমাবদ্ধ নহয়। যিকোনো কাৰখানা আৰু গেৰেজৰ পৰা আৰম্ভ কৰি কাৰ্যালয়, নিৰ্মাণ স্থান, ঘৰ-বাৰীলৈকে বিভিন্ন ধৰ্ম আৰু সামাজিক পটভূমিৰ লোকে এই পূজা উদযাপনত অংশগ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰখানা, কাৰ্যালয়, কৰ্মশালা, উদ্যোগসমূহত বিশ্বকৰ্মা পূজা অতি উৎসাহেৰে পালন কৰা হয়। শ্ৰমিকসকলে নিজৰ সঁজুলি, যন্ত্ৰ আৰু কৰ্মস্থলীসমূহ পৰিষ্কাৰ কৰি সজাই তোলা হয়। সকলোৱে নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি একেলগে প্ৰাৰ্থনা কৰে। একেদৰে ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ সদস্যসকলে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে। 
 
গুৱাহাটী মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই পূজাই ভাতৃত্ববোধৰ আৰু সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিছে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান আৰু জৈন আদি বিভিন্ন ধৰ্মৰ তিনিশৰো অধিক সদস্যৰে গঠিত ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে যোৱা ২০২৩ বৰ্ষৰ পৰাই বিশ্বকৰ্মা পূজা আয়োজন কৰি সমাজলৈ ভাতৃত্ববোধৰ ভাৱধাৰা বিয়পাই আহিছে।  
 
ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ সদস্যসকল
 
ইউনিয়নৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে কয়, "বিশ্বকৰ্মা পূজাৰ অন্যতম মূল্যৱান শিক্ষা হ’ল শ্ৰমৰ মৰ্যাদা। আজিৰ দিনটোত এগৰাকী কাৰখানাৰ মালিক আৰু এগৰাকী মেচিন অপাৰেটৰ, এগৰাকী অভিযন্তা আৰু এগৰাকী মিস্ত্ৰী, এগৰাকী গাড়ী স্বত্বাধিকাৰী আৰু এগৰাকী চালকে একে শাৰীতে বহি এই পূজা উদযাপন কৰে। এই পূজাত সামাজিক আৰু পেছাদাৰী স্তৰসমূহ ম্লান পৰি ৰয়, আৰু সকলোকে সমান সন্মান জনোৱা হয়। এনে মনোভাৱে কৰ্মস্থলীত ভাতৃত্ববোধৰ পোষকতা কৰে আৰু সংঘাত হ্ৰাস কৰে। যেতিয়া কৰ্মচাৰীসকলে নিজকে মূল্যৱান আৰু সন্মানীয় বুলি অনুভৱ কৰে, তেতিয়া স্বাভাৱিকতে তেওঁলোকৰ মাজত ঐক্যতা বৃদ্ধি পায়, যাৰ ফলত সহযোগিতা আৰু উৎপাদনশীলতাও উন্নত হয়। সামূহিক পূজাৰ এই সৰল কাৰ্য্যই কৰ্মক্ষেত্ৰত সকলোৱে একত্ৰিত হৈ থকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কৰ্মচাৰীসকলৰ পদবী বা ভূমিকা যিয়েই নহওঁক কিয়, সকলোৱে একেলগে থিয় হৈ প্ৰমান কৰে যে, প্ৰতিটো ডাঙৰ তথা সৰু অৱদানে যিকোনো সংস্থাৰ সফলতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই।"     
 
ভগৱান বিশ্বকৰ্মাৰ মহান সৃষ্টিসমূহ যেনেকৈ ঐশ্বৰিক শক্তিৰ সহায় অবিহনে নিৰ্মাণ কৰিব নোৱাৰিলেহেঁতেন, ঠিক তেনেদৰে আধুনিক উদ্যোগসমূহেও দলীয় সহযোগিতা অবিহনে কাম কৰিব নোৱাৰে। এখন সফল কৰ্মক্ষেত্ৰ পৰিচালক, দক্ষ শ্ৰমিক, সহায়ক আৰু কৰ্মচাৰী আদিসকলো সদস্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল হয়। বিশ্বকৰ্মা পূজাই আমাক সোঁৱৰাই দিয়ে যে, কোনো এজন ব্যক্তিয়ে অকলেই স্বীকৃতি লাভ কৰিব নোৱাৰে। সামূহিক প্ৰচেষ্টাই হৈছে অগ্ৰগতিৰ মূল চাবিকাঠি কিয়নো মিলাপ্ৰীতিৰে একেলগে কাম কৰিলে অতি কঠিন কামবোৰো সহজে সম্পন্ন কৰিব পৰা যায়।  
 
আলীয়ে লগতে কয়, "শ্ৰমৰ প্ৰতি সন্মান অবিহনে সামাজিক ঐক্যৰ অস্তিত্ব থাকিব নোৱাৰে। দুৰ্ভাগ্যজনকভাৱে বহু সমাজত কিছুমান চাকৰিক উচ্চ বুলি গণ্য কৰা হয়  আৰু আন কিছুমানক কম মূল্য দিয়া হয়। কিন্তু বিশ্বকৰ্মা পূজাই এনে থেক মানসিকতাক প্ৰত্যাহ্বান জনাই আহিছে। বিশ্বকৰ্মা পূজাত মিস্ত্ৰী, কাঠমিস্ত্ৰী, চালক তথা অভিযন্তাই হওঁক সকলোধৰণৰ কামত ব্যৱহৃত সঁজুলি আৰু যন্ত্ৰক পূজা কৰা হয়। কিয়নো এই উৎসৱে ইয়াকে শিকায় যে, সকলো ধৰণৰ কাম সমানে পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ। এই স্বীকৃতিয়ে বিভিন্ন বৃত্তিৰ লোকৰ মাজত সন্মানৰ পোষকতা কৰে, যাৰ ফলত সামাজিক সম্প্ৰীতিৰ তন্ত্ৰ শক্তিশালী হয়।"  
 
বিশ্বকৰ্মা পূজাত বিভিন্ন ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিছে
 
আলীয়ে কয়, "যি সময়ত বস্তুবাদ আৰু ব্যক্তিবাদ বৃদ্ধি পাইছে, সেই সময়তে বিশ্বকৰ্মা পূজাৰ দৰে উৎসৱবোৰে আমাক সম্প্ৰদায় আৰু ঐক্যৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। শান্তিপূৰ্ণ সমাজ গঢ়াৰ বাবে সন্মান, ভাতৃত্ববোধ, কৰ্মৰ মৰ্যাদাৰ মূল্যবোধ অতি প্ৰয়োজনীয়। বিশ্বকৰ্মা পূজাৰ মনোভাৱ গ্ৰহণ কৰি মানুহে পক্ষপাতিত্ব দূৰ কৰি, সামাজিক বিভাজন হ্ৰাস কৰি, উমৈহতীয়া লক্ষ্যৰ দিশত আগবাঢ়িব পাৰে।এই উৎসৱে শিকায় যে, ঐক্যতা হৈছে শক্তি, আৰু ঐক্যৰদ্বাৰাহে সমাজে প্ৰকৃত সমৃদ্ধি লাভ কৰিব পাৰে। আৰু কৰ্মক্ষেত্ৰত ঐক্যতা কেৱল পৰম্পৰাৰ কথাই নহয় বৰং ই হৈছে ইতিবাচক সংস্কৃতিৰ বিকাশৰ এক ক্ষেত্ৰ। বিশ্বকৰ্মা পূজাই সহযোগীসকলৰ মাজত ভাগ-বতৰা কৰা, ভোজ-ভাত, সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ইজনৰ আনজনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। এই পাৰস্পৰিক ক্ৰিয়াই পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি কৰে আৰু জাতি, ধৰ্ম আৰু মৰ্যাদাৰ ক্ষেত্ৰত থকা বাধাসমূহও দূৰ কৰি বিশ্বাস আৰু আনুগত্য গঢ়ি তোলে, যিবোৰে যিকোনো সংস্থাৰ দীৰ্ঘম্যাদী সফলতাৰ বাবে অতি প্ৰয়োজনীয়।"         
 
আজিৰ প্ৰতিযোগিতামূলক জগতখনত অধিকাংশ কৰ্মক্ষেত্ৰত প্ৰায়ে মানসিক চাপ, সংঘাত আৰু সহযোগিতাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। তেনে পৰিপ্ৰেক্ষিতত বিশ্বকৰ্মা পূজাই আমাক শিকাই আহিছে যে, ঐক্য আৰু ভাতৃত্ববোধেৰে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পৰা যায়। নিয়োগকৰ্তাই নিজৰ কৰ্মচাৰীক সন্মানজনক ব্যৱহাৰ কৰিব পাৰে, আনহাতে শ্ৰমিকসকলে অনুশাসন আৰু নিষ্ঠাৰ গুৰুত্ব বুজিব পাৰে। যেতিয়া দুয়োপক্ষই মিলাপ্ৰীতিৰে কাম কৰে, তেতিয়া কৰ্মক্ষেত্ৰখন কেৱল উৎপাদনৰ কেন্দ্ৰই হৈ নাথাকি ই এখন পৰিয়ালৰ দৰে হৈ পৰে।     
 
আলীয়ে কয়, "ভগৱান বিশ্বকৰ্মাৰ আদৰ্শই আমাক শিকাই আহিছে যে, যেতিয়া মানুহে সন্মান আৰু সম্প্ৰীতিৰে একেলগে কাম কৰে, তেতিয়া তেওঁলোকে উচ্চতাৰ শিখৰত উপনীত হব পাৰে। আধুনিক যুগত কৰ্মক্ষেত্ৰসমূহ ক্ৰমান্বয়ে বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিছে, তেনে পৰিস্থিতিত ভগৱান বিশ্বকৰ্মাৰ আদৰ্শমূলক শিক্ষাসমূহ পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। বিশ্বকৰ্মা পূজাৰ মনোভাৱ গ্ৰহণ কৰি সংগঠনসমূহে এক সুস্থ কৰ্ম সংস্কৃতি গঢ়ি তুলি, ঐক্যতা মজবুত কৰি একেলগে প্ৰগতি আৰু সমৃদ্ধিৰ দিশত আগবাঢ়িব পাৰে।"    
 
বিশ্বকৰ্মা পূজাৰ এক দৃশ্য
 
বিশ্বকৰ্মা পূজাই ধৰ্মীয় পৰম্পৰাতকৈও বেছি কৰ্মক্ষেত্ৰত ঐক্যতা, সমতা, দলীয় কাম-কাজৰ মূল্যবোধক সোঁৱৰাই আহিছে। কিয়নো কৰ্মৰ আহিলাক সন্মান জনাই এই পূজাই শ্ৰমৰ মৰ্যাদাক সন্মান জনোৱাৰ লগতে সকলো সম্প্ৰদায়ৰ লোকক একত্ৰিত কৰি ভাতৃত্ববোধকো প্ৰসাৰিত কৰি আহিছে। এই উৎসৱে সমাজৰ বান্ধোনক শক্তিশালী কৰি আমাৰ সৰ্বোচ্চ শক্তি যে, একতাত নিহিত হৈ আছে, সেই কথা বাৰে বাৰে সোঁৱৰাই দিয়ে। এই বাৰ্তাৰে যদি আমি আমাৰ দৈনন্দিন জীৱন আগুৱাই লৈ যাওঁ তেন্তে বিশ্বকৰ্মা পূজা কেৱল মাত্ৰ উদযাপনৰ এটি দিন হৈ নৰয় বৰঞ্চ ই সম্প্ৰীতি, প্ৰগতি, শান্তিৰ এক নিৰন্তৰ প্ৰেৰণাৰ উৎস হৈ পৰিব।