নতুন দিল্লী
	
	
	ভাৰত আৰু পাকিস্তানৰ মাজত দেওবাৰে নিশা অনুষ্ঠিত এছিয়া কাপৰ খেলখনৰ পিছত সূৰ্যকুমাৰ যাদৱবাহিনীয়ে প্ৰতিপক্ষৰ খেলুৱৈক কৰমৰ্দন নকৰাকৈ লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। 
	
	 
	ভাৰতে ৭ উইকেটত জয়লাভ কৰাৰ পাছতো পাকিস্তানৰ খেলুৱৈৰ সৈতে হাত মিলোৱাৰ পৰা বিৰত থকাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)ত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু বিচিচিআইৰ এগৰাকী জেষ্ঠ বিষয়াই বিষয়টো স্পষ্ট কৰি কয় যে ভাৰতীয় খেলুৱৈসকলে যি কৰিছে, সেয়া একেবাৰেই ভুল নহয়।
	 
	বিচিচিআইৰ বিষয়াগৰাকীয়ে আৰু কয় যে খেলৰ শেষত খেলুৱৈসকলক হাত মিলাবলৈ বাধ্য কৰাৰ কোনো আইন নাই, আৰু ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে পাকিস্তান ক্ৰিকেটাৰসকলৰ সৈতে হাত মিলোৱা বা কোনো ধৰণৰ কথা বতৰা পতাৰ কোনো যুক্তি নাই।
	
	"চাওক, ক্ৰিকেটৰ নিয়ম লিখা থকা গ্ৰন্থবোৰ পঢ়িলে, ক'তো উল্লেখ নাই যে খেলৰ শেষত খেলুৱৈয়ে প্ৰতিপক্ষৰ সৈতে হাত মিলাবলৈ বাধ্য। ই এক সদিচ্ছাৰ প্ৰকাশৰ বাহিৰে আন একো নহয়, ক্ৰিকেটৰ নিয়মাৱলী অনুসৰি ই কোনো আইন নহয়। এক প্ৰকাৰৰ নৈতিক নিয়ম, যিটো সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰতে বিশ্বজুৰি অনুসৰণ কৰা হয়।"- নাম প্ৰকাশ নকৰাকৈয়ে পিটিআইক এইদৰে কয় বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই। তেওঁ লগতে কয় যে যদি কোনো আইন নাই, তেন্তে ভাৰতীয় ক্ৰিকেট দলে এনে এটা বিৰোধী দলক হাত মিলাবলৈ বাধ্য নহয়, যাৰ সৈতে ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ ইতিহাস আছে।
	 
	পিচিবিয়ে মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক চলি থকা প্ৰতিযোগিতাখনৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ বাবেও দাবী জনায়। তেওঁ ‘ক’ড অৱ কণ্ডাক্ট’ উলংঘা কৰা বুলি পিচিবিয়ে অভিযোগ উত্থাপন কৰে। "পিচিবিয়ে অভিযোগ উত্থাপন কৰিছে যে মেচ ৰেফাৰীয়ে আইচিচিৰ আচৰণ বিধি আৰু স্পিৰিট অৱ ক্ৰিকেটৰ সৈতে জড়িত এমচিচি আইন উলংঘা কৰিছে।"-পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে ‘এক্স’ত এইদৰে কয়।