'অৰ্জুন' ভোগেশ্বৰ বৰুৱা আৰু অভিৰুচি ক্ৰীড়া দিৱস

Story by  atv | Posted by  [email protected] • 7 h ago
অভিৰুচি ক্ৰীড়া দিৱসত অৰ্জুন ভোগেশ্বৰ বৰুৱাক সন্মান (প্ৰতিনিধিত্বমূলক ফটো)
অভিৰুচি ক্ৰীড়া দিৱসত অৰ্জুন ভোগেশ্বৰ বৰুৱাক সন্মান (প্ৰতিনিধিত্বমূলক ফটো)
 
 স্বপ্না দাস

৩ ছেপ্টেম্বৰ। অসমৰ বাবেই, বিশেষকৈ আমাৰ ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এটা বিশেষ উল্লেখযোগ্য দিন। কাৰণ এই‌ দিনটোত ৰাজ্যজুৰি 'অভিৰুচি ক্ৰীড়া দিৱস' উদ্‌যাপন কৰা হৈ আহিছে। বছৰৰ প্ৰায় প্ৰতিটো দিনতেই কেইবাটাও দিৱস উদ্‌যাপনৰ হিচাপলৈ দৃষ্টি নিক্ষেপ কৰিলে 'অভিৰুচি ক্ৰীড়া দিৱস'কো তাৰ মাজৰেই এটা দিৱস বুলি কোনোৱে ক'ব পাৰে।
 
কিন্তু দৰাচলতে কথাটো হয়তো তেনে বুলি ভাবিব নোৱাৰি। কাৰণ 'অভিৰুচি ক্ৰীড়া দিৱস' অসমৰ ক্ৰীড়াক্ষেত্ৰৰ একধৰণৰ সঞ্জীৱনী স্বৰূপ দিৱস বুলি সময়ে সময়ে চৰ্চা হোৱা পৰিলক্ষিত হোৱাৰ উপৰি অনুভৱ কৰোঁ যে এই দিৱসটোৱে অসম আৰু অসমীয়াৰ সহৃদয়তা অন্য এক অনন্য মাত্ৰা প্ৰদান কৰে।

'অভিৰুচি ক্ৰীড়া দিৱস' উদ্‌যাপন কৰা হয় 'অৰ্জুন' ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি। অধিক পোনপটীয়াকৈ ক'বলৈ হ'লে এই দিৱস হ'ল অৰ্জুন বঁটা বিজয়ী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদ্‌যাপিত ক্ৰীড়া দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত বছৰৰ বিভিন্ন সময়ত অন্য অনেকৰ দৰেই ক্ৰীড়াৰ সৈতে জড়িত বিভিন্ন দিৱসো উদ্‌যাপন কৰা হৈ আহিছে যদিও অভিৰুচি ক্ৰীড়া দিৱসে ক্ৰীড়া আৰু ক্ৰীড়ামোদীৰ প্ৰতি আমাৰ প্ৰীতিৰ বহিঃপ্ৰকাশ কৰাৰ লগতে গুণীক উপযুক্ত সন্মান প্ৰদৰ্শনৰ এটা বৰ্ণিল প্ৰত্যাশাকো এই দিলে প্ৰতিনিধিত্ব কৰে।

ভোগেশ্বৰ বৰুৱা হ'ল সন্মানীয় অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তেওঁ হ'ল প্ৰথমগৰাকী অসমীয়া খেলুৱৈ। কেৱল অসমৰেই নহয়, এইক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিচিত ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত অনুষ্ঠিত বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল৷
 
অভিৰুচি ক্ৰীড়া দিৱসৰ এক দৃশ্য (প্ৰতিনিধিত্বমূলক ফটো)
 
সেই সময়ৰ অনেক প্ৰত্যাহ্বানকো হেলাৰঙে অতিক্ৰম কৰি লক্ষ্য আৰু ইপ্সিত লক্ষ্যপ্ৰাপ্তিৰ বাবে কৰা অহোপুৰুষাৰ্থৰ ফলস্বৰূপে আজিৰ পৰা বহুদশকৰ আগতেই--- ১৯৬৬ চনত বেংকক এছিয়াডত স্বৰ্ণপদক লাভ কৰি বিশ্বৰ বুকুত অসমক সন্মানিত কৰা 'অৰ্জুন'ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্টেম্বৰৰ ওপজা দিনটো 'অভিৰুচি ক্ৰীড়া দিৱস' হিচাপে উদ্‌যাপন কৰা হৈ আহিছে।
 
সন্মানীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ ৮০০ মিটাৰ শাখাৰ দৌৰত সোণৰ পদক লাভ কৰা ভোগেশ্বৰ বৰুৱাৰ অৱদানক স্বীকাৰ কৰি তেওঁক সন্মানিত কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি এই দিৱস ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে উদ্‌যাপন কৰা হৈছিল। 'অভিৰুচি ক্ৰীড়া দিৱস'ৰ চিন্তা-চৰ্চা কৰা আৰু সেই চিন্তাক বাস্তৱায়িত কৰাৰ প্ৰসংগত পোনতে এটা বিশেষ নাম উচ্চাৰিত হয়। সেই নামটো হ'ল বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী।
এসময়ৰ জনপ্ৰিয় অসমীয়া ক্ৰীড়া আলোচনী 'অভিৰুচি'ৰ স্বত্বাধিকাৰ চক্ৰৱৰ্তী। তেওঁ 'অৰ্জুন' ভোগেশ্বৰ বৰুৱাৰ অৱদান যুগমীয়া কৰাৰ হেঁপাহেৰে ১৯৮৪ চনত 'অভিৰুচি ক্ৰীড়া দিৱস'ৰ শুভ-আৰম্ভ কৰিছিল।‌‌ তেতিয়াৰ পৰাই আজিকোপতি এই দিৱস সমগ্ৰ অসমতে ৩ ছেপ্টেম্বৰৰ দিনা উদ্‌যাপন কৰা হৈ আহিছে।

সুন্দৰপুৰ শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰৰ এটা অঞ্চল। এই সুন্দৰপুৰতেই ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত ওপজা ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱন এগৰাকী ফুটবল খেলুৱৈ হিচাপে আৰম্ভ হৈছিল যদিও পিছলৈ তেওঁ দৌৰত মনোনিৱেশ কৰে আৰু ঐকান্তিক সাধনাৰে বৰ্ণিল সফলতা লাভ কৰে।
 
নতুন দিল্লীত ১৯৬৩ চনত হোৱা অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত স্বৰ্ণপদক, শ্রীলংকাত তাৰ পিছৰ বছৰত অনুষ্ঠিত হোৱা অ’পেন এথলেটিকছৰ ৪০০ আৰু ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক, বাংগালুৰুত ১৯৬৪–৬৫ চনত হোৱা ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত স্বর্ণপদক, চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত সফলতা লাভ কৰাৰ উপৰি ভোগেশ্বৰ বৰুৱাই অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ১৯৬৬ চনত বেংকক পঞ্চম এছিয়ান গেমছত স্বৰ্ণপদক লাভ কৰি বিশ্বৰ বুকুত অসমক সন্মানিত কৰে। ১৯৬৭ চনত ভোগেশ্বৰ বৰুৱাক 'অৰ্জুন বঁটা'ৰে সন্মানিত কৰে ভাৰত চৰকাৰে। তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ।
 

শিৱসাগৰত ভোগেশ্বৰ বৰুৱাক সন্মান
 
২০২০ চনত অসম চৰকাৰে “বীৰ চিলাৰায় বঁটা” প্ৰদান কৰা ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো 'অভিৰুচি ক্ৰীড়া দিৱস' হিচাপে উদ্‌যাপন কৰাৰ যি পন্থা ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি চলি আহিছে, এয়া নিঃসন্দেহে আদৰণীয়। ই ৰাজ্যখনত ক্ৰীড়াৰ পৰিবেশ সৃষ্টি আৰু নৱাগত খেলুৱৈৰ অনুপ্ৰেৰণাৰ উৎস হোৱাৰ লগতে গুণী লোকক জীৱনকালতেই সন্মান প্ৰদৰ্শন কৰাৰ এটা স্বৰ্ণিল যাত্ৰাৰো প্ৰেৰণাৰ আকৰ হ'ব পাৰে।

(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক, ৩ ছেপ্টেম্বৰত 'অভিৰুচি ক্ৰীড়া দিৱস' উপলক্ষে এই লেখা প্ৰকাশ কৰা হৈছে)