অসমীয়া সাহিত্য জগতলৈ ভাল খবৰ; ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত নলবাৰীৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মন

Story by  atv | Posted by  [email protected] • 15 d ago
গল্পকাৰ পাপৰি বৰ্মন
গল্পকাৰ পাপৰি বৰ্মন
 
নীলিম আকাশ কাশ্যপ

অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ উপৰি নলবাৰীলৈ পুনৰ সন্মান কঢ়িয়াই আনিলে এগৰাকী অসম সন্তানে। নলবাৰী জিলাৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান।
 
অসমীয়া গল্পৰ চৰ্চাৰ বাবে পাপৰি বৰ্মনলৈ ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ 'যুৱ পুৰস্কাৰ সন্মান' আগবঢ়োৱা হৈছে। আজি এই বঁটা ঘোষণাৰ পিছতেই অসমৰ সাহিত্য ক্ষেত্ৰৰ লগতে তেওঁৰ জন্মস্থান পশ্চিম নলবাৰীত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিবিশেষে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।
 
উল্লেখ্য যে চামতাৰ ৰূপীয়াবাথান নিবাসী পাপৰি বৰ্মনে 'পৰুৱা পোহনীয়া' শীৰ্ষক গল্প সংকলনৰ বাবে ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বটাঁৰে সন্মানিত হৈছিল। ২০১৭চনৰ পৰা সাহিত্যৰ  ক্ষেত্ৰখনত জড়িত হৈ সূনাম কঢ়িয়াই অনাত পাপৰি বৰ্মনে চামতালৈ সুনাম কঢ়িয়াইছিল।
 
কবি মিণ্টুল হাজৰিকাৰ সৈতে পাপৰি বৰ্মন
 
পাপৰি বৰ্মনৰ প্ৰথম গল্প সংকলন 'পৰুৱা পোহনীয়া'ৰ মুনীন বৰকটকী বঁটা লাভ কৰাৰ পিছত গল্প চৰ্চাৰে তেওঁ আজি ঘোষিত ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ 'যুৱ পুৰস্কাৰ সন্মান' লাভ কৰাটো অসমীয়া সাহিত্য জগতৰ বাবে আনন্দৰ বতৰা হিচাপে পৰিগণিত হৈছে।
 
নিৰৱচ্ছিন্নভাৱে সাহিত্যৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰা পাপৰি বৰ্মনে "জীৱনৰ স্বপ্ন দুৰ্নিবাৰ" শীৰ্ষক গল্পৰ  বাবে ২০২৫ চনৰ নতুন সাহিত্য পৰিষদ'ৰ দ্বাৰা আয়োজিত বিপুল খাটনিয়াৰ গল্প সাহিত্য বঁটাৰেও সন্মানিত হয়।
 
আজি ২০২৫ বৰ্ষৰ ভাৰতীয় ভাষা পৰিষদৰ 'যুৱ পুৰস্কাৰ সন্মান' ঘোষণাৰ পিছতেই চামতা নিবাসী পাপৰি বৰ্মনে  নিজৰ অভিমত প্ৰকাশ কৰি কয়, "গল্প এটা লিখিবৰ সময়ত মোৰ মনত বিলাসী জীৱন যাপন কৰা বা বিলাসী গাড়ী এখনত বহিল থকা মানুহ এজনৰ ছবি ভাহি নুঠে। ইয়াৰ বিপৰীতে শাল বি থকা মানুহগৰাকী, পাণ পাৰি থকা মানুহ এজন বা কোনো সৰ্বসাধাৰণ লোকৰ জীৱনৰ ছবিহে গল্প এটা লিখিবৰ সময়ত মোৰ মনত ভাহি উঠে।"
 
লোকজীৱনৰ ছবিও গল্পত প্ৰতিফলিত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি এনে মনোভাৱেৰেই তেওঁ বুঢ়াদিয়া, পাগলাদিয়া আদি নলবাৰীৰ নৈ, চামতাৰ ওচৰৰ নদলা বজাৰ আদিক লৈ গল্প ৰচনা কৰাৰ কথা উল্লেখ কৰে। সম্প্ৰতি নলবাৰীত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিছাপে কৰ্মৰত পাপৰি বৰ্মনে চামতা নিবাসী শিক্ষাবিদ অনন্ত বৰ্মন আৰু প্ৰতিভা বৰ্মনৰ কন্যা।
 
ব্যতিক্ৰম ধাৰাৰ গল্প ৰচনাৰে বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বৰ্মনে এই সন্মান লাভ কৰি আনন্দিত বুলি উল্লেখ কৰি পাপৰি বৰ্মনে কয়, "যদিও মই গল্পকাৰ হিচাপে আজিও শিকাৰু। নিঃসন্দেহে সাহিত্য জগতলৈ এখোজ সাহ বাঢ়িছে। বুজিছোঁ দায়িত্ব তাতোধিক।"
 
'যুৱ পুৰস্কাৰ সন্মান' লাভ কৰা পাপৰি বৰ্মন, দ্বিতীয় ছবিত কবি বিজয় শংকৰ বৰ্মনৰ সৈতে পাপৰি বৰ্মন
 
২০১৭ চনৰ পৰা গল্প লিখিবলৈ আৰম্ভ কৰা বুলি উল্লেখ কৰা গল্পকাৰগৰাকীয়ে কয়, "গল্পকাৰ হিচাপে মই নিজে শিকাৰু।অসমীয়া সাহিত্যৰ ভঁৰাল অত চহকী যে বিশেষকৈ গল্পৰ ক্ষেত্ৰত প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মা ছাৰ, ডঃ প্ৰণৱজ্যোতি ডেকা, মনোৰমা দাস মেধি, বিপুল খাটনিয়াৰ, অৰূপা পটঙ্গীয়া কলিতা প্ৰতিগৰাকীৰ কলমত আমি ঋদ্ধ। অপূৰ্ব শৰ্মা ছাৰৰ গল্পত যদি আমি সমাজ দেখিছোঁ, প্ৰণৱজ্যোতি ডেকা ছাৰৰ গল্পত মানুহ, অৰূপা বাইদেউৰ লোকজীৱনৰ গাঁথা আদি অলেখ কথা।গল্প সম্পৰ্কে মই শিকিবলৈ আগ্ৰহী। শিকিছোঁও। শিকাৰ জানো শেষ থাকে!"
 
ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক'বলৈ গৈ তেওঁ কয়, "কিবা কব পৰাৰ লায়ক বুলি নাভাবোঁ। কিন্তু অধ্যয়ন, নীৰিক্ষণ, বিশ্লেষণ প্ৰয়োজনীয়। গল্পৰ ওপৰত কিছু বছৰ কাম কৰিবলৈ আগ্ৰহী।" পাপৰি বৰ্মনক শুভেচ্ছা জনাইছে পশ্চিম নলবাৰী প্ৰেছ ক্লাব, সুহুৰি, জোনাক, ঔপন্যাসিক নীলিম আকাশ কাশ্যপ, শিক্ষাব্ৰতী ৰাজেন বৈশ্য, তপন শৰ্মা, সাংবাদিক দিগন্ত বৰ্মন, বুবুল শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে।
 
উল্লেখ্য যে অহা ১ মে'ত পাপৰি বৰ্মনক যুৱ পুৰষ্কাৰ সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি ভাৰতীয় ভাষা পৰিষদৰ সভাপতি ড° কুসুম খেমানিয়ে জনাইছে। এই বঁটাত উদ্ধৃতি, অংগবস্ত্ৰ আৰু ৫১০০০ টকা নগদ‌ ধন‌ থাকিব বুলি ভাৰতীয় ভাষা পৰিষদৰ এটা প্ৰেছ বিবৃতিত প্ৰকাশ।