জম্মু-কাশ্মীৰৰ পৰা হজযাত্ৰীৰ সংখ্যা কিয় তীব্ৰভাৱে হ্ৰাস পাইছে ?

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলমানৰ বাবে ইছলামিক চন্দ্ৰ কেলেণ্ডাৰৰ শেষ মাহত ছৌদি আৰৱৰ মক্কালৈ বাৰ্ষিক তীৰ্থযাত্ৰা কৰাটো বাধ্যতামূলক, যদিহে তেওঁ তীৰ্থযাত্ৰাৰ বাবে শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম হয়। বহু মুছলমানৰ দৰে ৬৩ বছৰীয়া মহম্মদ আশ্ৰাফেও হজ যাত্ৰালৈ যাব বিচাৰে। 
 
কিন্তু শ্ৰীনগৰৰ বাসিন্দা আশ্ৰফে আৰ্থিক বাধাৰ সন্মুখীন হৈছে। অনুৰোধৰ ভিত্তিত নাম সলনি কৰা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আশ্ৰফে কয়, "যদি মোৰ পত্নী আৰু মই হজযাত্ৰালৈ যোৱাৰ পৰিকল্পনা কৰো, তেন্তে ইয়াৰ বাবে আমাক আন খৰচৰ উপৰিও প্ৰায় ৯ লাখ টকাৰ প্ৰয়োজন হ'ব। পেঞ্চনেৰে জীৱন নিৰ্বাহ কৰা ব্যক্তি এজনৰ বাবে এয়া সম্ভৱ নহয়, যিসময়ত ঘৰৰ প্ৰতিটো সামগ্ৰী অতি ব্যয়বহুল হৈ পৰিছে।"
 
জম্মু-কাশ্মীৰৰ হজযাত্ৰী
 
উল্লেখ্য যে, অধিক ব্যয়ৰ বাবে এইবাৰ জম্মু-কাশ্মীৰৰ পৰা হজযাত্ৰাৰ বাবে আবেদন কৰা লোকৰ সংখ্যা দুটা দশকৰো অধিক সময়ৰ ভিতৰত সৰ্বনিম্ন হোৱা দেখা গৈছে। জম্মু-কাশ্মীৰৰ পৰা ছৌদি আৰৱৰ মক্কা আৰু মদিনালৈ যোৱা দুবছৰত বাৰ্ষিক হজযাত্ৰীৰ সংখ্যা প্ৰায় ৭০ শতাংশ হ্ৰাস পোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে, তীৰ্থযাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে ভ্ৰমণৰ ব্যয় বৃদ্ধি পোৱাকে ধৰি বিভিন্ন কাৰকৰ সংমিশ্ৰণ। 
 
চৰকাৰী ৰাজসাহায্য আঁতৰোৱাৰ পিছত ভ্ৰমণৰ ব্যয় বৃদ্ধি, এইবাৰৰ হজ কাৰ্য্যকলাপত বিদেশী বিমান সংস্থাৰ অনুপস্থিতি, চৌদি আৰৱত অসহ্যকৰ উষ্ণতা আদি মূল কাৰকসমূহৰ ভিতৰত আছে। এই বছৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ২০২৫ বৰ্ষত প্ৰায় ৩,৬২৪ জন হজযাত্ৰীয়ে হজযাত্ৰা কৰাৰ সম্ভাৱনা আছে, ২০২৪ চনত হজ কৰা ৭,০০৮ জন হজযাত্ৰীৰ এই সংখ্যাৰ প্ৰায় আধা বুলি বিষয়াসকলে জনায়। শ্ৰীনগৰত সাংবাদিকৰ আগত জম্মু-কাশ্মীৰ হজ কমিটীৰ কাৰ্যবাহী বিষয়া ছুজাত আহমদ কুৰেশ্বীয়ে কয় যে, "এই বছৰ জম্মু-কাশ্মীৰৰ পৰা ৩,৬২৪ জন আৰু লাডাখৰ ২৪২ জন হজযাত্ৰী হজ সম্পন্ন কৰিব।"
 
কেইবছৰমান আগলৈকে জম্মু-কাশ্মীৰৰ পৰা হজ আবেদনৰ সংখ্যা কেইবা হাজাৰো আছিল। কুৰেশ্বীয়ে কয়, "ছৌদি চৰকাৰে ভাৰতক আবণ্টন দিয়া মুঠ হজ কোটাৰ ভিতৰত জম্মু-কাশ্মীৰে ৪.৯% লাভ কৰে। যিহেতু আগতে আমি অধিক সংখ্যক আবেদন পাইছিলোঁ, সেয়েহে কেন্দ্ৰীয় চৰকাৰেও প্ৰতি বছৰে জন্মু-কাশ্মীৰক অতিৰিক্ত ২০০০ স্লট দিছিল।” আবেদনকাৰীৰ সংখ্যা আৰু আবণ্টিত আসনৰ মিল নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি তীৰ্থযাত্ৰীসকলক লটৰ ড্ৰ’ৰ জৰিয়তে বাছনি কৰা হৈছিল। 
 
২০১৭ চনত ৩৫ হাজাৰ লোকে হজযাত্ৰাৰ বাবে আবেদন কৰিছিল। ২০২৩ চনত আবেদনৰ সংখ্যা আছিল ১৪,২১৭। সেই বছৰতে ১২ হাজাৰৰো অধিক হজযাত্ৰীয়ে ছৌদি আৰৱলৈ যাত্ৰা কৰিছিল, যিটো এক অভিলেখ আছিল। যোৱা বছৰ আবণ্টিত কোটাৰ ৮৩৪৫ জনৰ বিপৰীতে প্ৰায় ৮,১৩৬ জন লোকেহে হজলৈ যাবলৈ আবেদন কৰিছিল। কিন্তু অৱশেষত মাত্ৰ ৭,০০৮ গৰাকী  হজযাত্ৰীহে হজযাত্ৰা কৰিবলৈ আগবাঢ়ি আহে। এইবছৰ এই সংখ্যা হৈছে মাত্ৰ ৩,৬০০। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
কুৰেশ্বীয়ে কয় যে হজযাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ এটা অন্যতম কাৰক হৈছে তীৰ্থযাত্ৰাৰ ব্যয় বৃদ্ধি। ২০০২ চনত জম্মু-কাশ্মীৰৰ পৰা হজ যাত্ৰাৰ খৰচ আছিল ৮৬ হাজাৰ টকা। মুদ্ৰাস্ফীতিৰ লগত সামঞ্জস্য কৰিলে এই খৰচৰ পৰিমাণ এতিয়া প্ৰায় ২.৭ লাখ টকা হ’ব লাগে। কিন্তু খৰচ এতিয়া প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ৪.৩ লাখ টকা হৈছে।”
 
কুৰেশ্বীয়ে লগতে কয় যে, টকা মূল্য দুৰ্বল হোৱা আৰু ভাৰত চৰকাৰে যোৱা কেইবছৰমানৰ পৰা হজযাত্ৰীসকলক উন্নত সেৱা আৰু সুবিধা প্ৰদানৰ সিদ্ধান্ত লোৱাৰ ফলত এই খৰচ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, মদিনাত থকাৰ বাবে প্ৰায় ৯৫% হজযাত্ৰীক পবিত্ৰ মছজিদৰ ৫০০ মিটাৰৰ ভিতৰত ৰখা হয়। ইয়াৰ পূৰ্বে মাত্ৰ ৪০% হজযাত্ৰীহে ইমান ওচৰত থাকিব পাৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ হজ ৰাজসাহায্যৰ অন্ত পৰাৰ বাবেও হজযাত্ৰা ব্যয়বহুল হৈ পৰিছে।
 
পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান যাত্ৰাৰ ব্যৱস্থা কৰি বিমান ভাড়াত ৰাজসাহায্য প্ৰদান কৰিছিল। ছৌদি আৰৱৰ মক্কালৈ হজযাত্ৰা কৰাৰ ক্ষেত্ৰত মুছলমানসকলক চৰকাৰী সমৰ্থনৰ এই নীতি ব্ৰিটিছ শাসনৰ পৰাই আৰম্ভ হৈছিল। ২০১২ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ১০ বছৰৰ ভিতৰত ৬৮৫ কোটি টকাৰ ৰাজসাহায্য হ্ৰাস কৰি পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ সময়সীমাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত হজযাত্ৰীৰ বাবে দিয়া সমগ্ৰ ৰাজসাহায্য বাতিল কৰে। ফলস্বৰূপে হজৰ সমগ্ৰ খৰচ বৰ্তমান হজযাত্ৰীসকলে নিজেই বহন কৰে। 
 
কিন্তু জম্মু-কাশ্মীৰত হজ আবেদনৰ সংখ্যা হ্ৰাস পোৱাৰ কাহিনী কাশ্মীৰৰ অৰ্থনৈতিক দুৰাৱস্থাৰ সৈতেও জড়িত হৈ আছে। ২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আৰু ৰাজ্যৰ পদ বাতিল হোৱাৰ প্ৰাক্ক্ষণত কেন্দ্ৰই কাশ্মীৰক কেইবামাহো ধৰি বন্ধ কৰি ৰাখিছিল, যাৰ ফলত ইয়াৰ অৰ্থনীতিৰ প্ৰায় ১৮ হাজাৰ কোটি টকাৰ ক্ষতি হৈছিল। সেই সময়ত হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাইছিল। তাৰ পিছত ২০২০ চনত ক'ভিড-১৯ মহামাৰী আৰু লকডাউনে ৰাজ্যখনৰ অৰ্থনীতি স্থবিৰ কৰি তোলে।  ২০২১ চনত ক'ভিডৰ দ্বিতীয় ঢৌৰ পিছত তিনিটা ক্ৰমাগত লকডাউনত জম্মু-কাশ্মীৰৰ অৰ্থনীতিৰ সামগ্ৰিক লোকচান ৬০,০০০ কোটি টকা বুলি অনুমান কৰা হৈছিল। 
 
জম্মু-কাশ্মীৰৰ হজযাত্ৰী
 
জম্মু-কাশ্মীৰৰ অৰ্থনীতিৰ সংগ্ৰাম এতিয়াও অব্যাহত আছে। যোৱা তিনি-চাৰি বছৰে জম্মু-কাশ্মীৰত নিবনুৱাৰ হাৰ ধাৰাবাহিকভাৱে দুটা সংখ্যাৰ ভিতৰত আছে। লেবাৰ ফৰ্চ চাৰ্ভেত নৱেম্বৰ মাহত ত্ৰিমাসিক সময়ছোৱাত জম্মু-কাশ্মীৰত ১৫-২৯ বছৰ বয়সৰ ভিতৰত ৩২%ৰ ভয়াৱহ নিবনুৱাৰ হাৰ দেখা গৈছিল। “অৰ্থাৎ প্ৰতি তিনিজন যুৱকৰ ভিতৰত এজন নিবনুৱা। ইয়াৰ ফলত কি হ’ব? ই এটা পৰিয়ালৰ গড় দৰিদ্ৰতা বৃদ্ধি কৰে।’- জম্মু-কাশ্মীৰৰ অৰ্থনীতিৰ বিশেষজ্ঞ এগৰাকী অৰ্থনীতিবিদে এইদৰে কয়। তেওঁ নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। 
 
দীৰ্ঘদিনীয়া নিবনুৱা সমস্যাৰ উপৰিও কাশ্মীৰৰ অৰ্থনীতিৰ মূল খণ্ড যেনে উদ্যান শস্য আৰু বাণিজ্যৰ ক্ষেত্ৰত যোৱা কেইবছৰমানৰ পৰা ভাল প্ৰদৰ্শন হোৱা নাই বুলিও তেওঁ কয়। বিশেষজ্ঞগৰাকীয়ে কয়, ‘যিজনৰ সামৰ্থ্য আছে তেওঁৰ বাবে হজ বাধ্যতামূলক। কিন্তু কাশ্মীৰত উচ্চ মুদ্ৰাস্ফীতিৰ মাজতে মানুহে কেৱল মৌলিক প্রয়োজনীয় বস্তুৰ বাবে খৰছ কৰিছে৷ যেতিয়াই দেশৰ অৰ্থনীতিত ব্যয়ৰ ওপৰত মানসিক চাপৰ সাক্ষী হওঁ, তেতিয়াই গ্ৰাহকে প্ৰথমে বাদ দিয়া বস্তুটো হৈছে বিলাসীতা।” 
 
৩৭০ নং অনুচ্ছেদ বাতিলৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন হৈছে বুলি নতুন দিল্লীয়ে কৰা দাবীৰ ই সম্পূৰ্ণ বিপৰীত স্থিতি। হজ ব্যয়বহুল হোৱাৰ লগে লগে বহুতে উমৰাহৰ জৰিয়তে মক্কা আৰু মদিনাৰ পবিত্ৰ স্থানসমূহ ভ্ৰমণ কৰাৰ হেঁপাহ পূৰণ কৰিবলৈ চেষ্টা কৰিছে। বাধ্যতামূলক হজৰ বিপৰীতে উমৰা স্বেচ্ছামূলক আৰু ইয়াক প্ৰায়ে ক্ষুদ্ৰ হজযাত্ৰা বুলি কোৱা হয়। পাঁচৰ পৰা ছয় দিনৰ ভিতৰত হজৰ ৰীতি-নীতি সম্পন্ন কৰিব লাগে যদিও কেইঘণ্টামানৰ ভিতৰতে উমৰা সম্পন্ন কৰিব পাৰি। এজন ব্যক্তিৰ বাবে উমৰাৰ গড় খৰচ প্ৰায় ১.২ লাখ টকাৰ ভিতৰত হৈ যায় আৰু ১৫ দিনত এই যাত্ৰা সামৰিব পাৰি। আনহাতে, হজযাত্ৰাত ৪৫ দিন থাকিব লাগে।
 
ছৰফৰাজ আহমেদ (অনুৰোধমৰ্মে নাম সলনি কৰা হৈছে) নামৰ ৬২ বছৰীয়া অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী এগৰাকীয়ে কয়, “মোৰ পত্নী আৰু মই মৃত্যুৰ আগতে কাবা (মক্কাৰ গ্ৰেণ্ড মছজিদৰ মাজৰ ওচৰৰ শিলৰ বৰ্গক্ষেত্ৰৰ অট্টালিকাটো) চাবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু আমাৰ দুয়োৰে ক্ষেত্ৰত হজৰ বাবে প্ৰায় ৯-১০ লাখ টকাৰ ব্যৱস্থা কৰাৰ সামৰ্থ্য নাই। কিন্তু, উমৰাহৰ জৰিয়তে আমি দুয়ো তিনি লাখ টকাৰ ভিতৰত কাবা চাবলৈ সক্ষম হ’লোঁ।” 
 
জম্মু-কাশ্মীৰ ৰাজ্যিক হজ সমিতিৰ কাৰ্যবাহী বিষয়া কুৰেশ্বীয়ে মুছলমান সমাজত জনপ্ৰিয় হোৱা এই ধাৰাৰ কথা নিশ্চিত কৰে। তেওঁ কয়, “প্ৰতি বছৰে জম্মু-কাশ্মীৰৰ পৰা প্ৰায় ১৫-২০,০০০ লোকে উমৰাহ সম্পন্ন কৰে।”  
 
অৱশ্যে, কুৰেশ্বীয়ে কয় যে ধৰ্মগুৰুসকলে উমৰাহৰ প্ৰতি এই আগ্ৰহৰ পৰা মানুহক বিৰত ৰাখিব লাগিব। ‘আমি তেওঁলোকক পতিয়ন নিয়াব লাগিব যে উমৰা হজৰ বিকল্প নহয়। পাঁচ-ছয়জনীয়া পৰিয়াল এটাই উমৰাহলৈ যোৱাৰ সলনি যদি সেই টকাৰে এজন বা দুজন মানুহে হজ কৰিবলৈ যায়, তেন্তে সেয়া বেছি ভাল। 
 
শ্ৰীনগৰৰ পৰা ছৌদি আৰবলৈ ৪ মে’ৰ পৰা হজৰ বিমান সেৱা আৰম্ভ হব। ১৫ মে’ত ছৌদি আৰৱলৈ শেষৰখন বিমানে যাত্ৰা কৰিব। এইবাৰ জোন চোৱাৰ ওপৰত নিৰ্ভৰ কৰি ২০২৫ চনৰ ৪ জুনৰ পৰা ৯ জুনলৈ হজ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, ইছলামিক কেলেণ্ডাৰৰ ১২ মাহ জিল-হজ আৰম্ভ হ’ব।  
 
যোৱা বছৰ জম্মু-কাশ্মীৰৰ ৭,০০৮ গৰাকী পুৰুষ- মহিলাই হজলৈ গৈছিল। ২০২৩ চনত এই সংখ্যা ১২,০৭৯ জন হোৱাৰ বিপৰীতে ২০২২ চনত জম্মু-কাশ্মীৰ আৰু লাডাখৰ পৰা প্ৰায় ৬,০০০ গৰাকীয়ে হজযাত্ৰা কৰিছিল। ২০২২ চনৰ পূৰ্বে ২০২০ আৰু ২০২১ চনত ক'ভিড-১৯ মহামাৰীৰ বাবে হজযাত্ৰা বন্ধ কৰি দিয়া হৈছিল।