৩ মে'ত ৰাজ্যৰ হজযাত্ৰীক লৈ মদিনা অভিমুখী উৰা মাৰিব প্ৰথমখন বিমান

Story by  atv | Posted by  Munni Begum • 14 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
চলিত বৰ্ষত হজৰ বাবে গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলগা বিমানৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু ছিকিমক লৈ গঠিত যুটীয়া ৰাজ্যিক হজ কমিটীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে হজযাত্ৰাৰ এই সময়সূচী ঘোষণা কৰে।  
 
সেইমতে উত্তৰ-পূবৰ উক্ত ৰাজ্যকেইখনৰ হজযাত্রীসকলক লৈ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰৰ পৰা বিমান মদিনা অভিমুখে উৰা মাৰিব। 
 
এই প্রক্রিয়া অনুসৰি অহা ৩ মে'ৰ পৰা আৰম্ভ হৈ পুৱা ৬.৫৫ বজাত প্রথমখন বিমান উৰা মৰাৰ পিচত ক্রমে ৪ মে'ৰ পুৱা ৮.৪০ বজাত, ৫ মে'ৰ পুৱা ৬.৪৫ বজাত, ৭ মে'ৰ পুৱা ৬.৪৫ বজাত আৰু ৮ মে'ৰ পুৱা ৮.২০ বজাত মদিনা অভিমুখে বিমান উৰা মাৰিব। স্পাইচজেটৰ আটাইকেইখন বিমানৰ যাত্রীৰ আসনৰ সংখ্যা হ'ব ৩২১।


শেহতীয়া খবৰ