ৰাখীৰ সৈতে তেওঁৰ বৰদেউতা চফদাৰ নৱাজ খান (বাওঁফালে) আৰু পিতৃ গৌতম কুমাৰ (সোঁফালে)
ফিৰদৌছ খান, বিজনোৰ
উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাই এনে এক নিদৰ্শনৰ সাক্ষী হৈ পৰিছে, যিয়ে মানৱতাৰ উচ্চতা স্পৰ্শ কৰাই নহয় ধৰ্ম, জাতি আৰু সংকীৰ্ণ মনোভাৱৰ সীমা অতিক্ৰম কৰি নতুন যুগৰ সূচনা কৰিছে। কিৰাটপুৰ চহৰৰ মহল্লা কাজিয়ানৰ মুছলমান ব্যৱসায়ী ছফদাৰ নৱাজ খানে ইয়াত যি কৰিলে সেয়া কেৱল সমাজসেৱাই নহয়, আৱেগিক আৰু সাংস্কৃতিক বিপ্লৱৰো প্ৰতীক হৈ পৰিছে।
ছফদাৰ নৱাজ খান পেছাত এজন ডাঙৰ ব্যৱসায়ী যদিও হৃদয়েৰে তেওঁ মানৱতাক নিজৰ ধৰ্ম হিচাপে গঢ়ি তুলিছে। ছফদাৰ নৱাজ খানে কেৱল নিজৰ কৰ্মচাৰী গৌতম কুমাৰৰ ডাঙৰ কন্যা ৰাখীৰ বিয়াৰ আয়োজন কৰাই নহয়, নিজে কন্যাদানো কৰে। এইটো কেৱল আনুষ্ঠানিকতা নাছিল বৰঞ্চ বছৰ বছৰ ধৰি বন্ধুত্ব, ভাতৃত্ববোধ আৰু পাৰস্পৰিক বিশ্বাসৰ এক মুহূৰ্ত আছিল আৰু ই সমগ্ৰ চহৰখনক আৱেগিক কৰি তোলে।
ৰাখীৰ বৰদেউতা চফদাৰ নৱাজ খান আৰু পিতৃ গৌতম কুমাৰ দৰাৰ সৈতে বহি থকা এক মূহুৰ্ত
কইনাৰ পিতৃ গৌতম কুমাৰে যোৱা ২৪ বছৰ ধৰি ছফদাৰ নৱাজ খানৰ প্ৰতিষ্ঠানত কাম কৰি আহিছে। তেওঁ এজন সৎ আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি। ছফদাৰ নৱাজে তেওঁক সদায় পৰিয়ালৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল আৰু সময়ৰ লগে লগে এই বন্ধন ইমানেই দৃঢ় হৈ পৰিছিল যে তেওঁৰ সন্তানসকলে ছফদাৰ নৱাজ খানক ‘বড়ে পাপা’ বুলি ক’বলৈ আৰম্ভ কৰিছিল। ৰাখীৰ বিয়া ঠিক হোৱাত ছফদাৰ নৱাজ খানে পিতৃ হিচাপে নিজৰ কৰ্তব্য পালন কৰি সকলো খৰচ নিজেই বহন কৰে।
মহানগৰীৰ এটা বিবাহ ভৱনত তেওঁ এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰে আৰু হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকক ইয়ালৈ আমন্ত্ৰণ জনোৱা হয়। লখিমপুৰ খেৰীৰ পৰা অহা দৰাযাত্ৰীক এইদৰে আদৰণি জনোৱা হয় যে সকলোৱে আৱেগিক হৈ পৰে। পুষ্পবৃষ্টি, মিঠাই, আৰু সৰ্বোপৰি হৃদয়ৰ মিলনেৰে এই বিয়াখন আছিল সামাজিক অনুষ্ঠানত কৈ বহু উৰ্ধত।
বিয়াৰ সকলো ৰীতি-নীতি হিন্দুৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি কৰা হৈছিল। পণ্ডিত সুভাষ খান্নাই হৱন পৰিচালনা কৰি দম্পতীহালক বিয়া কৰাই কন্যাদানৰ পবিত্ৰ পৰম্পৰা পালন কৰে। যেতিয়া ছফদাৰ নৱাজে ৰাখীক দৰাৰ হাতখন কাইনাৰ হাতত ৰাখি আশীৰ্বাদ দিছিল, তেতিয়া সকলোৰে চকু সেমেকি উঠে।
উল্লেখ্য যে, এই বিবাহ কেৱল এহাল পুৰুষ-মহিলাৰ মিলন নাছিল, বৰঞ্চ দুটা ধৰ্ম, দুটা সংস্কৃতি আৰু দুটা সম্প্ৰদায়ৰ মাজৰ ব্যৱধান দূৰ কৰাৰ এক অভিনৱ প্ৰচেষ্টা আছিল। মুছলমান ব্যৱসায়ীগৰাকীয়ে হিন্দু ছোৱালীজনীৰ বিবাহৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাই নহয়, সমগ্ৰ অনুষ্ঠানটো আন্তৰিকতাৰে গ্ৰহণ কৰে।
কইনা ৰাখীৰ বিদায়ৰ সময়ৰ এক দৃশ্য
তেওঁ কেৱল বিয়াৰ খৰচ বহন কৰাই নহয়, চান্দা আৰু যৌতুক হিচাপেও প্ৰয়োজনীয় সামগ্ৰীসমূহো প্ৰদান কৰে। কইনা ৰাখীয়ে অশ্ৰুসিক্ত নয়নেৰে কয়, "বড়ে পাপাই যি মৰম, সুৰক্ষা আৰু সমৰ্থন দিলে, সেয়া আজিৰ সময়ত বিৰল। আজি তেওঁ প্ৰমাণ কৰিলে যে সম্পৰ্ক তেজৰ নহয়, আৱেগৰ দ্বাৰাহে গঠিত।"
গৌতম কুমাৰে আৱেগিক হৈ কয়, "মোৰ ছোৱালীজনীক বিয়া পাতি দি ভাই ছফদাৰে প্ৰমাণ কৰিলে যে মানৱতাতকৈ ডাঙৰ কোনো ধৰ্ম নাই।" হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিকে ধৰি মহানগৰীৰ বহু লোকে এই বিয়াত অংশগ্ৰহণ কৰে। সকলোৱে এই বিবাহক একতা, ভাতৃত্ববোধ আৰু প্ৰেমৰ প্ৰতীক বুলি অভিহিত কৰে।
ছফদাৰ নৱাজ খানে কয়, "ৰাখী মোৰ ছোৱালীৰ দৰেই। মই কেৱল বিয়াত কন্যাদান কৰাই নহয়, আমি সকলোৱে এক হোৱাৰ বাৰ্তাও দিবলৈ চেষ্টা কৰিছো। ধৰ্মই মানুহক পৃথক নকৰে, আমাৰ কৰ্মই পৃথক কৰে।" সঁচাকৈয়ে এই বিবাহে সমাজখনক শিকাইছে যে ধৰ্ম বেলেগ হ’লেও হৃদয় এক হ’ব পাৰে। যি সময়ত দেশৰ বহু ঠাইত সাম্প্ৰদায়িক উত্তেজনা দেখা গৈছে, সেই সময়ত বিজনোৰৰ এই ঘটনাই মানৱ সম্পর্কৰ শক্তি প্রদর্শন কৰিছে৷
এই খবৰ ছচিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে মানুহে ছফদাৰ নৱাজ খানক সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰে। টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত মানুহে এই বিবাহ অনুষ্ঠানক ‘প্ৰকৃত ভাৰত’ৰ ছবি বুলি অভিহিত কৰিছে, য’ত মানুহে ইজনে সিজনৰ আনন্দ-দুখৰ ভাগ-বতৰা কৰে আৰু ধৰ্মৰ কথা গুৰুত্ব নিদিয়ে।
উত্তৰ-প্ৰদেশৰ বিজনোৰৰ এই কাহিনীটো কেৱল এখন বিয়াৰ সৈতে জড়িত নহয়, ই আমাক বুজাইছে যে আজিও সমাজত এনে মানুহ আছে যি ধৰ্ম আৰু জাতিৰ উৰ্ধত উঠি কেৱল মানৱতাক বিশ্বাস কৰে। ছফদাৰ নৱাজ খানৰ দৰে মানুহ সমাজৰ বাবে আদৰ্শ, যিয়ে ভৱিষ্যত প্ৰজন্মক এই কথা শিকাই যে "চুবুৰীয়াৰ দুখত আমিও দুখী হোৱা উচিত আৰু ছোৱালী যি ধৰ্মৰে নহওক কিয়, তেওঁলোক আমাৰে কন্যা।"