বসিত জাৰগৰ / শ্ৰীনগৰ
জম্মু-কাশ্মীৰ ৱাকফ ব’ৰ্ডে পহলগাম হত্যাকাণ্ডৰ বীৰ আদিল হুছেইন শ্বাহৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে। বৃহস্পতিবাৰে ব’ৰ্ডৰ অধ্যক্ষ ড০ দাৰাখশ্বন আন্দ্ৰাবীয়ে সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰা পহলগামৰ ছৈয়দ আদিল হুছেইন শ্বাহৰ ভাতৃক নিযুক্তি পত্ৰ প্ৰদান কৰে। আদিল হুছেইন শ্বাহ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল।
আন্দ্ৰাবীয়ে কয় যে আদিলৰ এই ত্যাগক সন্মান জনাই তেওঁৰ পৰিয়ালৰ লোকক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। তেওঁৰ এই ত্যাগ সদায় স্মৰণীয় হৈ থাকিব বুলি আন্দ্ৰবিয়ে লগতে উল্লেখ কৰে।
ভাতৃ আদিল হুছেইন শ্বাহক মৰণোত্তোৰভাৱে আগবঢ়োৱা বীৰত্বৰ বঁটা গ্ৰহণ কৰি নাজাকাত আলীয়ে
উল্লেখ্য যে, সন্ত্ৰাসবাদীয়ে ২৬ পৰ্যটকৰ প্ৰাণ কাঢ়ি নিয়াৰ দিনাখন আদিলে পহলগামৰ পৰা নিজৰ ঘোৰাত উঠাই পৰ্যটকক ফুৰাব লৈ গৈছিল। নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বৈছাৰ উপত্যকাত পৰ্যটকৰ সৈতে চলাচল কৰি থকা সময়ত সন্ত্রাসবাদীৰ সৈতে মুখামুখি হয়৷ তেওঁ পৰ্যটকক কোৰানৰ আয়াত পাঠ কৰিবলৈ কোৱা এজন সন্ত্ৰাসবাদীৰ সৈতে সংঘাতত লিপ্ত হয় আৰু সন্ত্ৰাসবাদীজনৰ পৰা বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰে। তেতিয়াই সন্ত্ৰাসবাদীজনে আদিল হুছেইনক গুলীয়াই হত্যা কৰে।
নিযুক্তি পত্ৰ লাভ কৰা নাজাকাত আহমেদে মানৱ জীৱন ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়াৰ বাবে ভাতৃক প্ৰশংসা কৰে আৰু তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পহলগামৰ বৈছাৰ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ দল এটাৰ ওপৰত গুলীচালনা কৰাৰ ফলত আদিল হুছেইনকে ধৰি ২৬ জন সাধাৰণ নাগৰিক নিহত হয়। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়া লোকসকলৰ পৰিয়ালক সহায় কৰিবলৈ ৱাকফ ব’ৰ্ড আগবাঢ়ি অহাৰ দেশৰ ভিতৰত এইটোৱেই প্ৰথম দৃষ্টান্ত।