জনপ্ৰিয় আপদ প্লাষ্টিক বনাম পৰিৱেশ তন্ত্ৰ

Story by  atv | Posted by  [email protected] • 6 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
  স্বপ্না দাস

প্লাষ্টিকৰ বেগ উৎপাদন আৰু আকাশলংঘী ব্যৱহাৰে সেউজ গৃহ নিৰ্গমনৰ লগতে জলবায়ু পৰিৱৰ্তনতো কুপ্ৰভাৱ পেলোৱাৰ বাদেও ই প্ৰকাৰান্তৰে খাদ্য-শৃংখল দূষিত কৰিব পৰাৰ উপৰি ইয়াত থকা বিপিএ আৰু থালেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মানুহৰ লগতে জলজ জীৱ আৰু বন্যপ্ৰাণীৰ কৰ্কট ৰোগ, জন্মগত বিসংগতিৰ কাৰক হোৱাৰ লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰিব পাৰে। 
 
পৰিৱেশ প্ৰদূষণ, খাদ্য শৃংখলত প্ৰৱেশকৰণ, জলবায়ু পৰিৱৰ্তন, পানী প্ৰদূষণ, ভূ-প্ৰদূষণ আদিৰ কাৰক পেলনীয়া প্লাষ্টিক হোৱাৰ উপৰি ই আৱৰ্জনা ব্যৱস্থাপনাতো কুপ্ৰভাৱ পেলায়। প্লাষ্টিকৰ বেগৰ উৎপাদন, নিষ্কাশন আৰু পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক ক্ষেত্ৰতো ই প্ৰকাৰান্তৰে পেলোৱা প্ৰভাৱ কম বুলিব নোৱাৰি। পৰিতাপজনক যে বিশ্বজুৰি ব্যৱহৃত মুঠ প্লাষ্টিকৰ এক নগন্য শতাংশহে পুনঃব্যৱহাৰ হোৱাৰ বিপৰীতে বুজন অংশ পৰিৱেশতেই জমা হৈ ৰয়।

প্লাষ্টিকৰ ব্যৱহাৰ— বিশেষকৈ অনবীকৃত প্লাষ্টিক আৰু মোনাৰ ব্যৱহাৰ অপকাৰী। এইক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ৩ জুলাইত ‘আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ বিৰোধী দিৱস’ পালন কৰা হৈ আহিছে। প্ৰায় চাৰে সাতটা দশক পূৰ্বে ব্যৱসায়িকভাৱে আৰম্ভ হোৱা প্লাষ্টিকৰ ব্যৱহাৰ যে কেইটামান বছৰৰ ভিতৰতে মানৱজাতিৰ বাবে ইমান প্ৰত্যাহ্বানপূৰ্ণ হ’ব কোনে ভাবিব পাৰিছিল! কিন্তু কোনেও নভবাকৈয়ে বৰ্তমান সময়ত বৰ্জ্য প্লাষ্টিক আমাৰ বাবে হৈ পৰিছে ডাঙৰ আপদ। সেয়েই এই সম্পৰ্কত জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বজুৰি ৩ জুলাইত ‘আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ বিৰোধী দিৱস’ পালন কৰা হয় ।
 

প্লাষ্টিকৰ আৱৰ্জনা
 
পৰিৱেশ তন্ত্ৰৰ প্ৰতি কৰণীয় বুজিয়েই ইতিমধ্যে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাসৰ লগতে মোনাকে ধৰি একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা অথবা বিভিন্ন কঠোৰ নিয়ম বিশ্বৰ বিভিন্ন দেশে আৰম্ভ কৰাৰ উপৰি 'আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ বিৰোধী দিৱস' উদযাপনো কৰিবলৈ লৈছে। এইক্ষেত্ৰত বিশেষভাৱে নাম ল'ব পাৰি বাংলাদেশৰ। কিয়নো প্লাষ্টিকৰ বেগ নিষিদ্ধকৰণ সফলতাৰে আৰোপ কৰা বিশ্বৰ প্ৰথমখন দেশেই হেনো বাংলাদেশ, য'ত ২০০২ চনতেই প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হয়। 
 
পিছলৈ বিশ্বৰ বহু দেশে প্লাষ্টিকৰ বেগৰ ওপৰত নিষেধাজ্ঞা অথবা কৰ, জৰিমনা আদি আৰোপ কাৰ্যকৰী কৰিছে। কেনিয়াত ২০১৭ চনত দেশজুৰি সংশ্লিষ্ট ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি অন্যথাই জৰিমনা নাইবা কাৰাদণ্ড বিহাৰ নিয়ম কৰাৰ উপৰি ৰুৱাণ্ডা আৰু টাঞ্জানিয়াতো কঠোৰ নিয়ম বলবৎ কৰাৰ কৰা হৈছে। সম্প্ৰতিপৰ্যন্ত বিশ্বৰ হেনো মুঠ ৯৯খন দেশত প্লাষ্টিক বেগ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিপৰীতে ৩২খন দেশত প্লাষ্টিক বেগ ব্যৱহাৰৰ ওপৰত কৰ আৰোপ কৰা হৈছে। 
 
এনে প্ৰয়াসে প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাৰ বাদেও পুনৰ ব্যৱহাৰযোগ্য মোনা আৰু বহনক্ষম পদ্ধতিৰ দিশত ইতিবাচক পৰিৱৰ্তনক উৎসাহিত কৰিছে। এইক্ষেত্ৰত বাৰু ভাৰত বা অসমৰ ছবিখন সম্পূৰ্ণ আশাপ্ৰদ বুলিব পাৰিনে ? একাধিকবাৰ বিভিন্ন নিৰ্দেশনা বাহিৰ হোৱাৰ পিছতো ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত মোনা তথা একক-ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰৰ ছবিখন কেনেকুৱা? 
 
প্ৰতিনিধিত্বমূলক ফটো
 
যদি আশাপ্ৰদ নহয়, তেন্তে আমি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰাইচোন অনুপ্ৰাণিত হ'ব পাৰো! নোৱাৰোনে আমি প্লাষ্টিকৰ বেগ আৰু একক ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত চৌপাশ গঢ়াৰ সপোন বাস্তৱায়িত কৰিব ? আনহাতে, এইক্ষেত্ৰত জনগণৰ ভূমিকাও গুৰুত্বপূৰ্ণ। বিশ্বৰ বিভিন্ন প্ৰান্তত চৰকাৰী বাধা-নিষেধেৰে প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। ঠায়ে ঠায়ে বহু পৰিমাণে সফলতাও লাভ কৰিছে। 
 
কিন্তু চৰকাৰী শক্তিৰ সমান্তৰালভাৱে নাগৰিকসকলো সজাগ হ’ব লাগিব। কাৰণ নাগৰিকৰ সহযোগিতা অবিহনে এনে মহাব্যাধিৰ পৰা আমাৰ প্ৰকৃতিক ৰক্ষা কৰাটো সহজসাধ্য নহয়।ইতিমধ্যে বাংলাদেশৰ কথা আমি উল্লেখ কৰিছো। প্লাষ্টিকৰ ব্যৱহাৰ সীমিতকৰণৰ ক্ষেত্ৰত বাংলাদেশে বহু পৰিমাণে সফলতা লাভ কৰিছে। দেশখনৰ নাগৰিকসকল প্লাষ্টিকৰ ব্যৱহাৰত অভ্যস্ত হৈ পৰিছে। 
 
এইখিনিতে আমি উল্লেখ কৰিব পাৰো চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ কথাও। এক সমীক্ষা অনুসৰি চীনৰ প্ৰতিগৰাকী ব্যক্তিয়ে বছৰি গড়ে ২-৩টা প্লাষ্টিকৰ বেগহে ব্যৱহাৰ কৰে। ডেনমাৰ্কৰ নাগৰিকৰ ক্ষেত্ৰত এই সংখ্যা হৈছে ৪টা। জাৰ্মানীৰ জনতাই বছৰি গড়ে ৬৫টা প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰে। পোলেণ্ড, হাংগেৰী আৰু শ্লোভাকিয়াৰ নাগৰিকে কিন্তু বছৰি ৪০০ৰো অধিক প্লাষ্টিক বেগ ব্যৱহাৰ কৰি আহিছে। চীন, বাংলাদেশৰ জনতাই যদি পাৰে, তেন্তে পোলেণ্ড বা হাংগেৰীৰ জনতাই নোৱাৰে কিয়? অৰ্থাত সেই দেশসমূহৰ জনতা সজাগ হোৱা নাই। সেই সজাগতা আমাৰ কিমান ?
 

সাগৰৰ পাৰত প্লাষ্টিকৰ আৱৰ্জনা
 
প্লাষ্টিকৰ অবৈধ বা অবাধ ব্যৱহাৰ ৰোধ কৰিবলৈ ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে মুকলি কৰিছিল এটা বিশেষ ম’বাইল এপ্লিকেশ্যন, য’ত নাগৰিকসকলে অভিযোগ উত্থাপন কৰিব পাৰে। ২০২২ চনৰ জুলাই মাহত মুকলি কৰা এপ্লিকেশ্যনটোৰ তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিমাহে অভিযোগৰ সংখ্যা বাঢ়ি গৈছে। 
 
অভিযোগ সমাধানৰ সংখ্যা কিন্তু উদ্বেগজনকভাৱে কম। ২০২৪ চনৰ মে’ মাহৰ তথ্যলৈ লক্ষ্য কৰিলে আমি দেখো যে ১৯ শতাংশ গোচৰৰহে সমাধান হৈছে। ৮৯৭৮টা গোচৰৰ ১৭১০টা গোচৰৰ সমাধানসূত্ৰ ওলাল, বাকীখিনিৰ এতিয়াও সমাধানবিহীন। কোনোবাখিনিত প্লাষ্টিক ব্যৱহাৰকাৰীৰ যে সদিচ্ছাৰ অভাৱ, সেই কথা এই তথ্যই স্পষ্ট কৰি নিদিয়ে জানো !

(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক; আজি 'আন্তৰ্জাতিক প্লাষ্টিক বেগ বিৰোধী দিৱস' উপলক্ষে এই লেখা প্ৰকাশ কৰা হৈছে)


শেহতীয়া খবৰ