হিন্দু সমাজক খোৱাপানীৰ সুবিধা কৰি দিলে মুছলমান ৰাইজে; হাইলাকান্দিত সম্প্ৰীতিৰ নিদৰ্শন

Story by  Satananda Bhattacharjee | Posted by  [email protected] • 5 h ago
খোৱাপানী আঁচনি পুনৰ মুকলি কৰিবলৈ ৰাইজৰ দাবী
খোৱাপানী আঁচনি পুনৰ মুকলি কৰিবলৈ ৰাইজৰ দাবী
 
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

ভাৰতবর্ষৰ বিভিন্ন ঠাইত ধৰ্মকলৈ একাংশ মানুহৰ মাজত অসন্তুষ্টি থাকিলেও দক্ষিণ অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ এখন ভিতৰুৱা গাওঁত হিন্দু-মুছলমানৰ মাজত এক বিৰল সম্প্ৰীতিৰ ছবি পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি চৰকাৰী পানীযোগান আঁচনি বন্ধ হৈ পৰাত সমস্যাত পৰা গাওঁখনৰ হিন্দু জনসাধাৰণক সহায়ৰ হাত আগবঢ়াইছে মুছলমান সমাজে।

মানৱতাৰ অনুপম নিদৰ্শন দাঙি ধৰি অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল আগুৱাই আহি স্থানীয় মছজিদৰ পৰা হিন্দু লোকক খোৱাপানী যোগান ধৰে। এই ঘটনাটোৱে সমগ্ৰ জিলাখনৰ শিক্ষিত আৰু বৌদ্ধিক মহলত ব্যাপক প্ৰশংসা লাভ কৰিছে। 

হাইলাকান্দি চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা ৰাজেশ্বৰপুৰ প্ৰথম খণ্ড গাওঁত মানৱতাৰ এই কাহিনীটো চৰ্চালৈ আহিছে। হাইলাকান্দি জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কামৰাঙৰপাৰ ৱাটাৰ চাপ্লাই স্কীমৰ অধীনত নিৰ্মান কৰা পানীযোগান আচঁনিটো দীৰ্ঘদিন ধৰি নষ্ট হৈ আছে যদিও চৰকাৰে এইটো ঠিক কৰাৰ বাবে কোনো পদক্ষেপ লোৱা নাই। 
 

হিন্দু সমাজৰ বাবে পানী সংগ্ৰহ কৰিছে মুছলমান মহিলাই
 
যোৱা প্ৰায় ছয় মাহ ধৰি গাওঁৰ ৰাইজে আন্দোলন কৰি আহিছে যদিও পি এইচ ই বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। লালা ৰাজহ চক্ৰৰ অধীনত ৰাজেশ্বৰপুৰ এলেকাত আৰু এটা পুৰণি পানীযোগান আঁচনি নষ্ট হৈ পৰি থকাত সমগ্ৰ এলেকাত খোৱাপানীৰ নাটনি হৈছে। যোৱা মাহত এলেকাটোৰ বেছিভাগ ঠাই বানপানীয়ে বুঢ়াই পেলায় আৰু তেতিয়াই খোৱাপানীৰ নাটনি আৰম্ভ হয়। 

হিন্দু অধ্যুষিত এলেকাত এনে খোৱাপানী নাটনিৰ বিষয়টো স্থানীয় নালুবাক জামে মছজিদৰ বিষয়ববীয়াসকলৰ নজৰত আহে। আৰু গাঁৱৰ সকলো সম্প্ৰদায়ৰ মানুহৰ বাবে মছজিদত থকা পানীৰ নল মুকলি কৰি দিয়া হয়। 

 
জামে মছজিদ পৰিচালনা সমিতিৰ সম্পাদক বিলাল আহমেদ বৰভূঞাই কয় যে খোৱাপানীৰ কাৰণে গাওঁৰ লোকসকলে কষ্ট পোৱাটো বৰ দুখৰ কথা। সেই কাৰণেই সকলোৰে কাৰণে পানীৰ ব্যৱস্থা কৰা হৈছে। 

তেওঁ কয় যে পানীৰ বাবে কোনোবাই কষ্ট পালে, সেইটো কেতিয়াও মানি লব নোৱাৰি। মানৱধৰ্ম হৈছে শ্ৰেষ্ঠ ধৰ্ম। অঞ্চলটোৰ 'দাস' পদবীৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে কয় যে তেওঁলোকে মছজিদৰ পৰাই খোৱাপানী পাই আছে আৰু ইয়াৰ বাবে মছজিদৰ পৰিচালনা সমিতিক ধন্যবাদ জনায়। 
 

বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ ফলক
 
স্থানীয় নাগৰিক সুমিত নাথ, নাৰায়ন নাথ, প্রভাকৰ নাথ, অভিষেক নাথ, ধীৰেন্দ্র সিনহা, পুর্নিমা নাথ, লক্ষী নাথ, সিথি নাথ, বাপন নাথ, কৃপাময় ৰায়,অমৰজিত সিনহা, জয়ন্তীয়া ৰায় আদিয়ে দীৰ্ঘদিনৰ পৰা ৰাজ্যেশ্বৰপুৰৰ ৫ম খণ্ডত থকা ডাঙৰ পানী যোগান আচঁনিটো পুনৰ আৰম্ভ কৰাৰ বাবে অনুৰোধ জনাই আছে। অসম মজুৰি শ্ৰমিক ইউনিয়নৰ সম্পাদক পাৰভেজ খচৰুৰ নেতৃত্বত যোৱা কেই মাহ ধৰি আন্দোলন চলি আছে।