গণ সাৰথি বৃদ্ধাশ্ৰমৰ আবাসীৰ সৈতে অন্তৰঙ্গ আলাপ 'প্ৰত্যাশা টি চি ৮৭'ৰ সদস্য সকলৰ

Story by  atv | Posted by  Munni Begum • 19 h ago
 'গণ সাৰথি বৃদ্ধাশ্ৰম'ৰ আবাসীসকলৰ সৈতে প্ৰত্যাশা টি চি ৮৭ৰ সদস্য সকল
'গণ সাৰথি বৃদ্ধাশ্ৰম'ৰ আবাসীসকলৰ সৈতে প্ৰত্যাশা টি চি ৮৭ৰ সদস্য সকল
 
গুৱাহাটী 
 
অলপতে গুৱাহাটী মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ গোট 'প্ৰত্যাশা টিচি ৮৭' ৰ উপ সভাপতি জয়শ্ৰী বৰুৱাৰ জন্মদিন উদযাপন কৰা হৈছে। গোটৰ সদস্যাসকলে গুৱাহাটীৰ বামুণীমৈদামৰ চৰকাৰী প্ৰেছ ৰোডত অৱস্থিত 'গণ সাৰথি বৃদ্ধাশ্ৰম'ৰ আবাসীসকলৰ সৈতে সন্ধিয়া প্ৰায় দুঘণ্টা সময় সান্ধ্য প্ৰাৰ্থনাৰে আৰম্ভ কৰি হাঁহি-ধেমালি, গীত- মাতেৰে এই অনুষ্ঠানটি পালন কৰা হৈছে।    
 
'প্ৰত্যাশা টি চি ৮৭'ৰ সাধাৰণ সম্পাদিকা মালবিকা ৰায়মেধি দাসে নিজৰ পৰিয়ালৰ পৰা বিভিন্ন কাৰণত আশ্ৰমখনলৈ থাকিব অহা আবাসীসকলৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে জীৱনৰ ইতিবাচক দিশটোৰ প্ৰতি আঙুলিয়াই নতুন উদ্যম আৰু সন্তুষ্ট মনোভাবেৰে জীয়াই থকাৰ বাবে শুভেচ্ছা জনায়। 
 
লিপিকা কলিতাই প্ৰত্যেকৰে আশ্ৰমৰ আবাসীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ বুজ লয়। লগতে ৰেচন তথা কিছু খোৱা বস্তু, ফল - মূল আৰু কেইখনমান বিছনা বৰঙণি হিচাপে আগবঢ়ায়। আবাসীসকলে নিজৰ নিজৰ সুখ-দুখৰ কথা কৈ বিহু নামকে আদি কৰি কিছু গীত পৰিবেশন কৰে। 
 
অসমৰ বিভিন্ন ঠাইৰ লগতে কলকাতা, বিহাৰ, নেপাল আদি ঠাইৰ হিন্দী আৰু বাংলা ভাষী  ৩০ গৰাকী বৃদ্ধ পুৰুষ-মহিলা আৰু সহায়কাৰী মিলাই মুঠ ৩৫ জন আবাসী থকা আশ্ৰমখন বৰ্তমান বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে আৰ্থিক অনাটনত ভূগি থকা বুলিও আশ্ৰমখনৰ সহ প্ৰতিষ্ঠাপক তথা তত্বাৱধায়িকা প্ৰিয়ংকা শইকীয়াই জানিব দিয়ে। 
 
১অক্টোবৰ, ২০২০ চনত প্ৰতিষ্ঠা হোৱা এই আশ্ৰমখনে বৰ্তমানলৈ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত, যদিও বিভিন্ন সময়ত সংবেদনশীল ৰাইজৰ সহায় সহযোগিতা লাভ কৰি আহিছে বুলি আশ্ৰমখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। 


শেহতীয়া খবৰ