আৱাজ দ্য ভইচ ব্যুৰ'
আইন-শৃংখলা ব্যৱস্থাক দেশ এখনৰ আত্মা হিচাপে গণ্য কৰা হয়। ভাৰতীয় মুছলমানসকলে ভাৰতীয় আৰক্ষী সেৱাত নিজৰ শক্তিশালী উপস্থিতি দেখুৱাই গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাটো আচৰিত কথা নহয়, সেয়া আৰক্ষীয়েই হওক, অৰ্ধসামৰিক বাহিনীতেই হওক বা চোৰাংচোৱা সংস্থাই হওক। তলত ভাৰতৰ দহজন মুছলমান আৰক্ষী নেতাৰ বিষয়ে আলোচনা কৰা হৈছেঃ
১) ছৈয়দ আছিফ ইব্ৰাহিমঃ ২০১৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতৰ প্ৰধান আভ্যন্তৰীণ চোৰাংচোৱা সংস্থা চোৰাংচোৱা ব্যুৰোৰ প্ৰথম মুছলমান সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৭ বেটচৰ মধ্যপ্ৰদেশ কেডাৰৰ আই পি এছ বিষয়া হিচাপে বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সন্ত্ৰাসবাদ আৰু মৌলবাদ প্ৰতিহত ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ দূত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে।
আছিফ ইব্ৰাহীম
তেওঁ আশীৰ দশকত ভয়ংকৰ ডকাইত মালখান সিঙৰ দলটোক নিঃশেষ কৰি পেলাইছিল। ১৯৯৪ চনত পাকিস্তানী সন্ত্ৰাসবাদী ওমৰ শ্বেখক বন্দী কৰা আৰক্ষীৰ অভিযানতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০১৩ চনত আই বি চোৰাংচোৱাগিৰি অভিযানত ইব্ৰাহিমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যিয়ে সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীন (আই এম)ৰ সহ-প্ৰতিষ্ঠাপক ইয়াচিন ভাটকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।
২) নাজহাত হাছানঃ ভাৰতৰ প্ৰথমগৰাকী মহিলা মুছলমান বিষয়া নুজহাত হাছানে এজিএমইউটি কেডাৰৰ ১৯৯১ বেটচত যোগদান কৰি বৰ্তমান দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০১৮ চনলৈকে আন্দামান আৰু নিকোবৰ আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নাজহাত হাছান
৩) নাজমুল হুদাঃ নাজমুল হুদা হৈছে তামিলনাডু কেডাৰৰ ২০০১ বেটচৰ এগৰাকী আই পি এছ বিষয়া। তেওঁ মূলতঃ বিহাৰৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ তামিলনাডুৰ মুখ্য ভিজিলেন্সৰ আই জি পিৰ পদত অধিষ্ঠিত হৈ আছে।
ভাৰতীয় জাতীয়তাবাদ আৰু মুছলমানৰ বিষয়ে আমেৰিকাৰ এক অনুষ্ঠানত মাত মাতি হুদাই খ্যাতি অৰ্জন কৰিছিল। তেওঁ মুছলমানসকলক "বিশ্বাস আৰু সমন্বয়"ৰ মাজত থকা মিছা দ্বৈতক এৰাই চলিবলৈ আহ্বান জনায় আৰু তেওঁলোকক ভাৰতত তেওঁলোকৰ "সাংস্কৃতিক মূল" পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান জনায়। তেওঁৰ এই দৃষ্টিভংগীক মুছলিম সোপন্থীসকলে তীব্ৰ সমালোচনা কৰিছিল।
নামজূল হুদা
৪) আব্দুল ৰহমানঃ মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰাক্তন বিষয়া আইপিএছ আব্দুৰ ৰহমানে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত ২০১৯ চনত পদত্যাগ কৰিছিল। কেৰালাৰ কোলামৰ পৰাভোৰ অঞ্চলৰ ৰহমানে আই আই টিত অধ্যয়ন কৰি ২১ বছৰ আৰক্ষীত কাৰ্যনিৰ্বাহ কৰিছিল। ধূলেৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৌশলগতভাৱে ডকাইতি বিৰোধী অভিযান চলাইছিল। সোলাপুৰৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ দক্ষ আৰু অনুশাসিত আৰক্ষী বাহিনী গঢ়ি তোলাৰ বাবে শক্তিশালী ব্যৱস্থা ৰূপায়ণ কৰে।
আব্দুল ৰহমান
তেওঁক মহাৰাষ্ট্ৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ বিশেষ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ দুখন উল্লেখ্যযোগ্য গ্ৰন্থ হৈছেঃ Absent in Politics and Power আৰু Denial and Deprivation Indian Muslims After the Sachar Committee and Rangnath Mishra Commission Reports।
৫) এছ আই এছ আহমেদঃ ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া এছআইএছ আহমেদে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ)কে ধৰি বিভিন্ন উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ ডি জি হিচাপেও তেওঁ অতিৰিক্ত দায়িত্ব পালন কৰিছিল। তেওঁ চি আৰ পি এফ, চি আই এছ এফ, বি এছ এফ, আৰু এছ পি জি (বিশেষ সুৰক্ষা গোট)ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পিছত জিএমআৰ গ্ৰুপত সঞ্চালক আৰু বিমান সুৰক্ষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে।
এছআইএছ আহমেদ
৬) ইয়ামিন হাজৰিকাঃ দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, দমন আৰু ডিউ, দাদৰ নগৰ হাভেলী আৰক্ষী সেৱাৰ ১৯৭৭ বেটচৰ এনচিটিৰ বিষয়া আছিল ইয়ামিন হাজৰিকা। ১৯৯৯ চনত দিল্লী আৰক্ষীৰ ডিচিপি হিচাপে কাৰ্যনিৰ্বাহ কৰা হাজৰিকাই ১৯৯৯ চনত মাত্ৰ ৪৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ দেশৰ প্ৰথম কেইগৰাকীমান মহিলা আৰক্ষী বিষয়াৰ ভিতৰত অন্যতম আছিল।
অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া ইয়ামিন হাজৰিকাই অজস্ৰ মহিলাক আৰক্ষীৰ দৰে পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান বৃত্তিৰ প্ৰতি অনুপ্ৰাণিত কৰে। প্ৰায় দুটা দশক ধৰি দিল্লী আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ দুটি সন্তান ক্ৰমে হুমা আৰু বিক্ৰমক ডাঙৰ-দীঘল কৰিছিল। ১৯৯৯ চনৰ ২৪ জুলাইত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ অকাল মৃত্যুক সাৱতি লয়।
ইয়ামিন হাজৰিকা
৭) জাভেদ আহমদঃ উত্তৰ প্ৰদেশৰ কেডাৰৰ ১৯৮৪ বেটচৰ ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ প্ৰাক্তন বিষয়া জাভেদ আহমদ আৰক্ষী সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হয়। ২০০৮ চনৰ ১৫ আগষ্টত বিশিষ্ট সেৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, ২০০০ চনৰ ২৬ জানুৱাৰীত মেৰিটৰিয়াছ সেৱাৰ বাবে আৰক্ষী পদক আৰু ১৯৯৭ চনৰ ১৫ আগষ্টত ৫০ সংখ্যক স্বাধীনতা বাৰ্ষিকী মেডেল লাভ কৰে। পাটনাৰ বাসিন্দা জাভেদ আহমেদ সেৱাৰ সময়ছোৱাত আৰক্ষী বাহিনীক আধুনিকীকৰণ আৰু মানৱীয়কৰণৰ ক্ষেত্ৰত আগৰণুৱা আছিল।
জাভেদ আহমদ
৮) হানিফ কুৰেশ্বীঃ হানিফ কুৰেশ্বী ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী দক্ষ বিষয়া। আৰক্ষী সেৱাত তেওঁ অপৰাধমূলক তদন্ত, যান-বাহন ব্যৱস্থাপনা, চোৰাংচোৱা অভিযান, আৰক্ষী প্ৰশিক্ষণ, আৰু আইন-শৃংখলাৰ পৰিস্থিতি চম্ভালি আছে। ফৰিদাবাদৰ আৰক্ষী আয়ুক্ত হোৱাৰ উপৰি হাৰিয়ানাৰ ৮খন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু দুখন আৰক্ষী ৰেঞ্জৰ আই জি পি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছে।
হানিফ কুৰেশ্বী
হাৰিয়ানা ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে তেওঁ হাৰিয়ানাৰ নুহত মেৱাট অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰে। কুৰেশ্বীয়ে আমেৰিকাৰ চিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু পি এইচ ডি (ফৌজদাৰী ন্যায়) সম্পূৰ্ণ কৰে। তেওঁ এজন TEDx বক্তা আৰু এজন সক্ৰিয় গৱেষক। তেওঁৰ প্ৰবন্ধ জাৰ্নেল অৱ পুলিচ এণ্ড ক্রিমিনেল চাইক’লজি, ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ পুলিচ চাইন্স এণ্ড মেনেজমেণ্ট, দ্য পুলিচ জাৰ্নেল, আৰু অন্যান্য আমেৰিকান, ইণ্ডিয়ান, আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাইছে।
৯) আকিল মহম্মদঃ হাৰিয়ানাৰ কেডাৰৰ ১৯৮৯ বেটচৰ আই পি এছ বিষয়া আকিল মহম্মদ বৰ্তমান হোম গাৰ্ডৰ সঞ্চালক প্ৰধান। হাৰিয়ানা আৰক্ষীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ থকা আকিল মহম্মদ প্ৰশাসনিক অভিজ্ঞতা আৰু কাৰ্যকৰী দক্ষতাৰ বাবে পৰিচিত।
আকিল মহম্মদ
১০) এম এ ছালীমঃ এম এ ছালীম ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) এগৰাকী দক্ষ বিষয়া যিয়ে কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কৰ্ণাটক কেডাৰৰ ১৯৯৩ বেটচৰ আই পি এছ বিষয়া। ইয়াৰ পূৰ্বে তেওঁ চি আই ডি (ফৌজদাৰী তদন্ত বিভাগ)ৰ সঞ্চালক প্ৰধান আছিল।
এম এ ছালীম
এম এ ছালীম বাংগালুৰুৰ যান-বাহন আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। যান-বাহন ব্যৱস্থাপনাত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে বাবে তেওঁ "one-way Saleem" উপনাম লাভ কৰিছে। এজন অভিজ্ঞ বিষয়া ছালীম শক্তিশালী প্ৰশাসনিক দক্ষতাৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াৰ পূৰ্বে তেওঁ বেংগালুৰু চহৰৰ বিশেষ আৰক্ষী আয়ুক্ত হিচাপেও ৰাজ্যজুৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।