আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অসমৰ কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 15 h ago
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

আলীগড়

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰা অসমৰ কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে কলা অনুষদৰ চৌহদত এক শোক কাৰ্যসূচীৰ আয়োজন কৰে। জুবিনৰ স্মৃতিত এক মিনিট মৌনতাৰে এই অনুষ্ঠানৰ আৰম্ভ হয়।
 
ড০ হিফজুৰ ৰহমান ছিদ্দিকে (প্ৰাণীবিজ্ঞান বিভাগ) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উল্লেখ কৰে যে জুবিন গাৰ্গৰ অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু তেওঁ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। ড° নাজৰিন লস্কৰে (ভাষাবিজ্ঞান বিভাগ, এ এম ইউ) তেওঁৰ পৰিয়ালৰ সৈতে জুবিনৰ ব্যক্তিগত সম্পৰ্ক আছিল বুলি উল্লেখ কৰি কয় যে সহজ-সৰল, নিৰ্ভীক, আৰু মহানুভৱতাৰ প্ৰতীক জুবিন গাৰ্গ নিজেই এক প্ৰতিষ্ঠান আছিল।
 
দৰ্শন বিভাগৰ অধ্যাপক ড° শ্বাহিদুল হকে জুবিন গাৰ্গ নিৰন্তৰ প্ৰেৰণাৰ উৎস আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতীক বুলি মন্তব্য কৰি কয়, “আমাৰ জীৱনৰ পৰা যেন পোহৰ হেৰাই গ'ল, অৱশ্যে জুবিন গাৰ্গ এই পৃথিৱীত নাথাকিলেও তেওঁ আগন্তুক প্ৰজন্মলৈকে আমাৰ হৃদয়ত জীয়াই থাকিব।”
 
অনুষ্ঠানত বহু অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগেও সমবেদনা জ্ঞাপন কৰে। এ এম ইউ মুৰ্ছিদাবাদ কেন্দ্ৰৰ আইন বিভাগৰ অধ্যাপক ড০ আইজাজ আহমদ ৰাজে জুবিন গাৰ্গৰ মৃত্যুক প্ৰতিজন অসমীয়াৰ বাবে ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰাৰ বিপৰীতে ৰকিবুল হকে (ভাষা অনুষদ, এল বি এছ এন এন এ, মুছৌৰী) কয় যে সমগ্ৰ অসম গভীৰ শোকত ভাগি পৰিছে আৰু সকলোৱে জুবিন গাৰ্গৰ বিদেহী আত্মাই শান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছে।

জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শিক্ষাৰ্থী আৰু অধ্যাপকসকলে আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত গছপুলি ৰোপনৰ সংকল্পৰে অনুষ্ঠানৰ সামৰণি পৰে।