বায়ু সেনাৰ এয়াৰ শ্ব'ৰ বাবে দেওবাৰে মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব'ৰ বাবে মহানগৰীৰ কেতবোৰ পথত যান-বাহন চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
 
এই এয়াৰ শ্ব'ত দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অংশ গ্ৰহণ কৰিব। বায়ুসেনাৰ এয়াৰ শ্ব'ৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা শনিবাৰ আৰু দেওবাৰৰ বাবে জাৰি কৰা হৈছে। 
 
এয়াৰ শ্ব'ৰ বাবে এম জি পথ আৰু পাণবজাৰৰ দিশে যান-বাহনৰ ভিৰ বৃদ্ধি পাব। তাৰ বাবে এই যান-বাহনৰ চলাচলত সালসলনি কৰা হৈছে। যান-বাহন চলাচলৰ ক্ষেত্রত জাৰি কৰা নিয়মসমূহ ক্ৰমে-- 
 
বাণিজ্যিক সামগ্রী কঢ়িয়াই নিয়া বাহন বা অন্যান্য গধুৰ বাহনক এইচ বি পথ, এ টি পথ, ডি জি পথ, এম জি পথ, বি বৰুৱা পথ আৰু জি এন বি পথত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব।
 
থেলা, ৰিক্সা, ই-ৰিক্সা আদি লেহেমীয়া বাহনক এম জি পথত মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব।
 
ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা গাড়ীৰ পাছ থকা বাহনৰ বাহিৰে আন কোনো বাহনক এম জি পথৰ মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টলৈ (দুয়োপিনে) দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব।
 
খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটি বাছে জি এছ পথ, এ টি পথৰ আঠগাঁও উৰণ সেতুৰে যাব লাগিব আৰু পাণবজাৰৰ ফালে পাণবজাৰ আৰ অ' বিৰ জৰিয়তে ঘূৰিব নোৱাৰিব। 
 
জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন, যাৰ ভিতৰত আন্তঃজিলা বাছ আৰু এ এছ টি চিৰ অধীনত চলা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছ (চিটি বাছৰ বাহিৰে) অন্তৰ্ভুক্ত, মহানগৰীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। 
 
এই সকলো বাহনক জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰ জৰিয়তে ডাইভার্ট কৰা হ'ব। এইচ বি পথৰ দুয়োপিনে যান-বাহন চলাচলৰ অনুমতি দিয়া হ'ব। 
 
ভৰলুমুখৰ পৰা পাণবজাৰ তথা চানমাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহনক মাছখোৱাত এলিভেটেড কৰিড'ৰ পইণ্টত এইচ বি পথ বা এ টি পথৰ ফালে চলাচল কৰিবলৈ দিয়া হ'ব। তাৰ পাছত এইচ বি পথৰ জৰিয়তে চানমাৰী তথা লতাশিলৰ ফালে যোৱা বাহনসমূহ এন বি হল (চেছন ক'ৰ্ট) পইণ্টত বাওঁফালে ঘূৰি এফ চি পথৰ জৰিয়তে আগবাঢ়িব লাগিব।
 
চানমাৰীৰ পৰা পাণবজাৰ ভৰলুমুখ তথা জালুকবাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহন জিলা লাইব্ৰেৰী পইণ্টত পাণবজাৰ আৰ অ' বি (দক্ষিণ)ৰ জৰিয়তে এ টি পথৰ ফালে ডাইভার্ট কৰা হ'ব আৰু ভৰলুমুখৰ ফালে আগবাঢ়িব লাগিব। 
 
উজানবজাৰ/লতাশিলৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো লঘু বাহন তাৰকাগৃহ পইণ্টত লেম্ব পথ, এফ চি পথ, তৈয়েবুল্লা পইণ্ট, জি এন বি পথ, জিলা লাইব্ৰেৰী অভিমুখে ডাইভার্ট কৰা হ'ব আৰু এন বি হল (চেছন ক'ৰ্ট) পইণ্টত বাওঁফালে ঘূৰিব পাৰিব।
 
ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা ৰঙা, নীলা আৰু হালধীয়া পাছ থকা বাহনসমূহক নির্ধাৰিত পার্কিং স্থলীত ৰাখিবলৈ অনুমতি দিয়া হ'ব। এম জি পথ, এফ এ পথ, বি আৰ পি পথ, এম এল এন পথ, এ আৰ বি পথ, এইচ বি পথ আৰু টি আৰ পি পথত বাহন পার্ক কৰিবলৈ অনুমতি দিয়া নহ'ব।
 
ট্রাক/গধুৰ বাণিজ্যিক বাহনসমূহক টি আৰ পি পথ, লক্ষী গলি, চেম্বাৰ পথ, এছ আৰ চি বি পথ, এছ এছ পথ, কেদাৰ পথ আৰু এম এছ পথত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পাৰ্ক কৰিবলৈ অনুমতি দিয়া নহ'ব। এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যান-বাহন শাখাৰ আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই।