বাংলাদেশী বুলি ঘোষণা কৰা দুগৰাকী মহিলাক দেশ এৰি যাবলৈ নিৰ্দেশ বিশ্বনাথ জিলা প্ৰশাসনৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বিদেশী ন্যায়াধিকৰণে বাংলাদেশী নাগৰিক বুলি ঘোষণা কৰা দুগৰাকী মহিলাক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে অসমৰ বিশ্বনাথ জিলা প্ৰশাসনে। বিশ্বনাথ জিলা প্ৰশাসনে জাননী লাভ কৰাৰ পিছত এই নিৰ্দেশ দিছে বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰিছে। 
 
ইয়াৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে মিছামাৰী গাঁৱৰ আছমুল খাতুন আৰু বকৰাপট্টা গাঁৱৰ আফুজা বেগমক বিভিন্ন সময়ত বাংলাদেশৰ পৰা অহা বিদেশী বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে বিশ্বনাথ জিলাৰ উপায়ুক্ত লখিনন্দন চহৰীয়াই অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ৰ ২ নং ধাৰাত আদেশ জাৰি কৰি তেওঁলোকক দেশ এৰি যাবলৈ নিৰ্দেশ দিছে।
 
এই নিৰ্দেশত কোৱা হৈছে যে, ঘোষিত বিদেশীয়ে জাননী লাভ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত ভাৰতৰ অসম ভূখণ্ড এৰি ধুবুৰী, শ্ৰীভূমি, বা দক্ষিণ শালমাৰা-মানকাচৰ পথ ব্যৱহাৰ কৰি যাব লাগিব।
 
এই নিৰ্দেশত যদি তেওঁলোকে নিৰ্দেশনা পালনত ব্যৰ্থ হয়, তেন্তে তেওঁলোকক ভাৰতৰ অসম ৰাজ্যৰ পৰা আঁতৰাই নিয়াৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়া হৈছে। সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰা হয়।
 
ইয়াৰ পূৰ্বে ১৮ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে বিদেশী বুলি চিনাক্ত হোৱা ১৫ জন লোকক একে ধৰণৰ নিৰ্দেশ জাৰি কৰি দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল।