নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দুত্ববাদী সংগঠনৰ উত্তাল প্ৰতিবাদ

Story by  atv | Posted by  [email protected] • 2 h ago
নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দুত্ববাদী সংগঠনৰ উত্তাল প্ৰতিবাদ
নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দুত্ববাদী সংগঠনৰ উত্তাল প্ৰতিবাদ
 
নতুন দিল্লী
 
বিগত সপ্তাহত বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাক লৈ নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি হিন্দুত্ববাদী সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰ আৰু তেওঁলোকৰ ধৰ্মীয় স্থান ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি বিশ্ব হিন্দু পৰিষদ(VHP) আৰু বজৰং দলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 
 
বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ সদস্যসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে। সেই পোষ্টাৰত লিখা আছিল, "এই নিৰ্যাতন সহ্য কৰা উচিত নহয়। প্ৰতিবাদ কৰক, অন্যায়ৰ বিৰুদ্ধে থিয় হওক।’’ প্ৰতিবাদকাৰীসকলে দীপু দাসৰ বাবে ন্যায় বিচাৰি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।
ইপিনে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা সত্ত্বেও একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাধা নেওচি বেৰিকেড ভাঙি পেলায়। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে উচ্চায়ুক্ত কাৰ্যালয়ৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। অঞ্চলটো তিনি তৰপীয়া বেৰিকেডেৰে সুৰক্ষিত কৰা হৈছে। প্ৰতিবাদকাৰী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।