২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Story by  atv | Posted by  [email protected] • 1 h ago
২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
 
গুৱাহাটী
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপতে ২২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত ‘জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ’ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। 
 
অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে কালি পুৱা বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱাই বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ বটদ্ৰৱা প্ৰকল্প পৰিদর্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বৃহৎ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। তাৰ পাছত বিয়লি গুৱাহাটীত কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰকল্পটোৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। উদ্বোধনী অনুষ্ঠান হৈ যোৱাৰ পাছত এমাহৰ ভিতৰত বাকী ১০ শতাংশ কামো সম্পূৰ্ণ কৰা হ’ব।”
 
বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত ‘জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ’ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োটা স্থান পৰিদৰ্শন কৰি চূড়ান্ত পৰ্যায়ৰ কাম-কাজৰ বুজ লোৱাৰ লগতে উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। উল্লেখ্য যে পাঁচ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব৷ প্ৰেক্ষাগৃহটোৰ সৈতে সন্মিলন ভৱন, ভিআইপি ছ্যুইট, বহুখলপীয়া গাড়ী ৰখা স্থান, উদ্যান, ফুড ক’ৰ্ট আদি সংলগ্ন হৈ থাকিব৷ 
 
আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত আঠমহলীয়া ভৱনত অন্যান্য সা-সুবিধাৰ লগতে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰীৰ CCTV নিৰীক্ষণৰ বাবে সংহত নিয়ন্ত্ৰণ আৰু কমাণ্ড কেন্দ্ৰও থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটোও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে একেদিনাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।