জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আটাইকেইজন অভিযুক্তৰ বিচাৰ আৰম্ভ সত্ৰ আদালতত

Story by  atv | Posted by  Munni Begum • 3 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী
 
জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ অভিযুক্ত সাতজনৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটীৰ এখন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সকলো অভিযুক্তেই ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে আদালতত হাজিৰ হয়।
 
কামৰূপ (মেট্ৰ') জিলা আৰু সত্ৰ আদালতে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে অভিযুক্তসকলক পৰীক্ষা কৰাৰ পাছত পৰৱৰ্তী শুনানিৰ তাৰিখ ২০২৬ বৰ্ষৰ ৩ জানুৱাৰীলৈ নিৰ্ধাৰণ কৰে। 
 
এগৰাকী জ্যেষ্ঠ আইনজীৱীৰ মতে, পৰৱৰ্তী শুনানিৰ দিনা আদালতে অভিযোগ গঠন কৰাৰ বিষয়টো বিবেচনা কৰিব। সেইদিনা আদালতে অভিযুক্তসকলক ব্যক্তিগতভাৱে বা ভাৰ্চুৱেলভাৱে পুনৰ হাজিৰ কৰিবলৈ ক’ব আৰু তেওঁলোকে দোষ স্বীকাৰ কৰে নে বিচাৰৰ সন্মুখীন হ’বলৈ বাছি লয় সেই বিষয়ে সুধিব।
 
নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল (এন ই আই এফ)ত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয়।
 
অভিযুক্তৰ ভিতৰত আছে এন ই আই এফৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গ, আৰু দুজন ব্যক্তিগত দেহৰক্ষী বিষয়া (পি এছ অ’) নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। তেওঁলোকক বাক্সা জেলৰ পৰা আদালতত হাজিৰ কৰোৱা হয়। তেওঁৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক হাফলং জেলৰ পৰা অনলাইনযোগে উপস্থিত হয়। 
 
শুনানিৰ সময়ত আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পালমী বৰঠাকুৰ। তেওঁ সাংবাদিকৰ আগত কয় যে পৰিয়ালটোৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।
 
গোচৰটোৰ তদন্তকাৰী বিশেষ তদন্তকাৰী দলে যোৱা ১২ ডিচেম্বৰত মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত দাখিল কৰা অভিযোগনামাত মহন্ত, শৰ্মা, গোস্বামী আৰু অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। 
 
নিলম্বিত অসম আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ সমান নহয় দোষী হত্যাৰ অভিযোগ উত্থাপন হৈছে। পি এছ অ’ দুজনৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু তেওঁলোকৰ ওপৰত ন্যস্ত কৰা ধন বা সম্পত্তিৰ অপব্যৱহাৰ কৰি অপৰাধমূলক আস্থা ভংগৰ অভিযোগ উত্থাপন হৈছে।