গুৱাহাটী
বহাগ শেষ হ'ব হোৱাৰ পিছতো ৰাজ্যত পৰা নাই গৰমৰ প্ৰকোপ৷ বিগত কেবাদিনধৰি ৰাজ্যত হৈ আছে ধুমুহা-বৰষুণ৷ যাৰ ফলত ৰাজ্যত বহু পৰিমাণে হ্ৰাস পাইছে তাপমাত্ৰা৷ কিন্তু মাজে-মাজে বৰষুণৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পোৱাত কৃত্ৰিম বানৰ দৰে সমস্যাও উদ্ভৱ হোৱা দেখা গৈছে ৷
শেহতীয়াকৈ লাভ কৰা তথ্য মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শুকুৰবাৰৰ দিনটোত বজ্ৰপাতসহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ ঠাইতে ধাৰাষাৰৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে ৷ এই তথ্য সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অসমৰ কিছু ঠাইত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে বজ্ৰপাত আৰু ধুমুহা হ’ব পাৰে। আনকি অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সমান্তৰালকৈ বজ্ৰপাত হোৱাৰো সম্ভাৱনা আছে। মণিপুৰৰ কিছু ঠাইত বজ্ৰপাত হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
ইয়াৰোপৰি, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসমৰ লগতে মেঘালয় আৰু মিজোৰামৰ কিছু ঠাইত অধিক বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।
আনহাতে, গুৱাহাটী আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থাকিব আৰু মাজে মাজে বজ্ৰপাতসহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ২৭ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ২১ ডিগ্ৰী ছেলছিয়াছ হ’ব বুলি অনুমান কৰা হৈছে।
আনহাতে আগন্তুক ৫ দিন ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ ৰাজ্যত বৰষুণ অব্যাহত থাকিব। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত বেছিভাগ ঠাইত মধ্যমীয়াৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড আৰু মণিপুৰৰ বহু ঠাইত বৰষুণ হ’ব পাৰে বুলি পূৰ্বানুমান কৰিছে বতৰ বিজ্ঞানকেন্দ্ৰই।