যোৰহাট
শনিবাৰে যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ বিমান ঘাটিত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পাঁচজন জোৱানক শ্ৰদ্ধাঞ্জলি জনায় ভাৰতীয় বায়ুসেনাই৷ দেওবাৰে ভাৰতীয় বায়ুসেনাৰ উচ্চপদস্ত বিষয়াৰ উপস্থিতিত শ্বহীদ জোৱানসকলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
আনহাতে এএন-৩২ বিমানৰ দুৰ্ঘটনাত শ্বহীদ হোৱা স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিঙৰ নশ্বৰ দেহ ডেৰাডুন, ফ্লাইট লেফটেনেণ্ট শুভমৰ নশ্বৰ দেহ গয়া আৰু অগ্নিবীৰবায়ু সেনা ডানিছ আলমৰ নশ্বৰ দেহ ভোজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, শনিবাৰে যোৰহাট বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণৰ সময়তে ভাৰতীয় বায়ুসেনাৰ এএন-৩২ পৰিবহণ বিমানখন দুৰ্ঘটনাত পতিত হৈছিল৷ ফলত ৫ জন জোৱান নিহত হোৱা হৈছিল৷
এক্সৰ এটা পোষ্টত বায়ুসেনাই নিহত জোৱানক স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভাম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু সেনা খেমাৰম কুমাৱত আৰু অগ্নিবীৰবায়ু সেনা ডানিছ আলম বুলি উল্লেখ কৰিছিল৷
ভাৰতীয় বায়ুসেনাই বিষয়াসকলৰ মৃত্যুত শোক প্ৰকাশ কৰা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই ঘটনা সন্দৰ্ভত বায়ুসেনাই ইতিমধ্যে এক উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰিছিল৷
আইএএফে সামাজিক মাধ্য়ম এক্সত কৈছিল, "যোৰহাটত অৱতৰণ কৰাৰ সময়ত আইএএফ এন-৩২ বিমান এখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন তদন্ত আদালত গঠন কৰা হৈছে।"
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ প্ৰাক্তন বিমান পৰিচালন পৰিদৰ্শক প্ৰশান্ত ধল্লাই এই দুৰ্ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি দুৰ্ঘটনাটোৰ আঁৰত একাধিক কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছিল৷
এএন-৩২ বিমান হৈছে দুখন ইঞ্জিনযুক্ত সেনা পৰিবহণ বিমান যি ভাৰতীয় বায়ুসেনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ভাৰতীয় বায়ুসেনাই বিভিন্ন সামগ্ৰী কঢ়িওৱাত ব্যৱহাৰৰ লগতে দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত ব্যৱহাৰৰ কৰে এএন-৩২ বিমানখন৷