অতি শীঘ্ৰেই প্ৰচলন হ'ব ১০-২০ টকীয়া পলিমাৰ প্লাষ্টিক নোট

Story by  atv | Posted by  [email protected] • 1 h ago
অতি শীঘ্ৰেই প্ৰচলন হ'ব ১০-২০ টকীয়া পলিমাৰ প্লাষ্টিক নোট
অতি শীঘ্ৰেই প্ৰচলন হ'ব ১০-২০ টকীয়া পলিমাৰ প্লাষ্টিক নোট
 
নতুন দিল্লী
 
দেশৰ মুদ্ৰা ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে যো-জা চলাইছে। অতি শীঘ্ৰেই সমগ্ৰ দেশজুৰি ১০ টকীয়া আৰু ২০ টকীয়া মূল্যৰ পলিমাৰ নোটৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হ’ব।
 
সোমবাৰে লোকসভাত বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে যে কাগজৰ উপৰি শীঘ্ৰে আপুনি-মই ব্যৱহাৰ কৰিবলৈ পাম প্লাষ্টিকৰ নোট।
 
বৰ্তমান ব্যৱহৃত কাগজৰ ১০ টকীয়া আৰু ২০ টকীয়া নোট বন্ধ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। পলিমাৰ নোটসমূহ কাগজৰ নোটৰ সৈতে সমান্তৰালভাৱে চলিব। ফিল্ড ট্ৰায়েল সফল হ'লে তেতিয়াহে বৃহৎ পৰিসৰত এই নোট জাৰি কৰাৰ সিদ্ধান্ত লোৱা হ'ব।
 
এই নোটবোৰ পৰম্পৰাগত কপাহ বা কাগজৰ নোটৰ পৰিৱৰ্তে পাতল, নমনীয় প্লাষ্টিকৰে তৈয়াৰ কৰা হয়। এয়া আমি ক্ৰেডিট বা ডেবিট কাৰ্ডত ব্যৱহাৰ কৰা ডাঠ প্লাষ্টিক নহয় । বৰঞ্চ ই অতিশয় পাতল, নমনীয় প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী নোট, যাক কাগজৰ নোটৰ দৰেই ভাঁজ কৰি সহজে ব্যৱহাৰ কৰিব পাৰি।
 
কাগজৰ নোটতকৈ পলিমাৰৰ নোট ২.৫-৪ গুণ পৰ্যন্ত অধক সময় ব্যৱহাৰ কৰিব পাৰি। সহজে নষ্ট নহয়। পানী আৰু মলি লাগি নধৰে
এই নোটবোৰত পানী, তেল, মলি আদিবোৰ লাগি নধৰে ৷ ভুলবশতঃ ৱাশ্বিং মেচিনত ধুলেও ইয়াত কোনো প্ৰভাৱ নপৰে।
 
পলিমাৰ নোটবোৰ নকল কৰাটো কাৰ্যত অসম্ভৱ৷ কাৰণ ইয়াত স্বচ্ছ খিৰিকী আৰু উন্নত হ’ল’গ্ৰাম লগোৱা থাকিব পাৰে৷
 
এইথখিনিতে উল্লেখ কৰাতো প্ৰয়োজন যে, অষ্ট্ৰেলিয়া,কানাডা, ইউকে, নিউজিলেণ্ডকে ধৰি ৬০খনতকৈও অধিক দেশত পলিমাৰ বেংকনোটৰ প্ৰচলন আৰম্ভ হৈছে। ভাৰতে নোটৰ চেল্ফ লাইফ বৃদ্ধিৰ বাবে ২০১২ চনত প্ৰথমবাৰৰ বাবে পলিমাৰ বেংকনোট প্ৰৱৰ্তনৰ প্ৰয়াস কৰিছিল যদিও সেই সময়ত কাৰিকৰী প্ৰত্যাহ্বানৰ বাবে প্ৰকল্পটো স্থগিত ৰখা হৈছিল।
 
উল্লেখযোগ্য যে প্লাষ্টিকৰ নোটসমূহ ফাটি নাযায় আৰু পানীয়ে ক্ষতি কৰিব নোৱাৰে। লগতে ইয়াত উন্নত সুৰক্ষা বৈশিষ্ট্যসমূহ সহজেই অন্তৰ্ভুক্ত কৰিব পাৰি। ফলত নকল কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰে, যাৰ ফলত দেশৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী হৈ পৰে।
 
লোকসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে, বৰ্তমান সময়ত পলিমাৰ নোট প্ৰৱৰ্তনৰ ফলত ডিজিটেল লেনদেনত কি প্ৰভাৱ পৰিব, সেই বিষয়ে কোনো চূড়ান্ত মন্তব্য কৰাটো অকাল বা প্ৰাক-মুহূৰ্তৰ কথা হ’ব। কাৰণ, এই প্ৰকল্পটো এতিয়াও একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত আছে। সমগ্ৰ দেশত পলিমাৰ নোটৰ নিয়মীয়া প্ৰচলন আৰম্ভ হোৱাৰ পাছতহে ডিজিটেল পেমেণ্টৰ ওপৰত ইয়াৰ প্ৰকৃত প্ৰভাৱ মূল্যাংকন কৰিব পৰা যাব।
 
আনহাতে,  ইউ পি আই বা অন্যান্য ডিজিটেল পেমেণ্ট ব্যৱহাৰকাৰীসকলৰ বাবে পলিমাৰ নোটে কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। যিসকল লোকে সুবিধাজনক লেনদেনৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰে, তেওঁলোকে সেয়া অব্যাহত ৰাখিব পাৰিব।  ডিজিটেল লেনদেন অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা সত্ত্বেও, দেশৰ সৰু-সুৰা খুচুৰা বজাৰ, গ্ৰাম্য অঞ্চল আৰু জৰুৰীকালীন অৱস্থাত নগদ ধনৰ চাহিদা এতিয়াও অপৰিহাৰ্য। সেয়েহে নগদ লেনদেন অধিক সুৰক্ষিত আৰু দীৰ্ঘস্থায়ী কৰিবলৈহে এই পলিমাৰ নোটৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।