নতুন দিল্লী
মধ্যপ্ৰদেশত ঘটিছে এক শোকাৱহ ঘটনা। নৰ্মদা নদীত ডুবিল পৰ্যটক পৰিবাহী ক্ৰুজ৷ এই দুৰ্ঘটনাই সৰ্বত্ৰে হাহাকাৰৰ সৃষ্টি কৰিছে৷ নৰ্মদা নদীৰ বৰগী বান্ধত বৃহস্পতিবাৰে সন্ধিয়া এই দুৰ্ঘটনা সংঘটিত হয়৷ জাহাজখনত ২৯ গৰাকী লোক থকা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে উদ্ধাৰ হৈছে চাৰিজন লোকৰ মৃতদেহ। অৱশ্যে এই দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
নৈখনত ক্ৰুজ ডুবাৰ খবৰটো বনজুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হয়। ইতিমধ্যে অভিযানকাৰী দলে ১৫ জন লোকক পানীৰ পৰা উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰায় ৷ খবৰ অনুসৰি এই ক্ৰুজৰ বাবে ২৯ টা টিকট প্ৰদান কৰা হৈছিল।
কেবিনেট মন্ত্ৰী ৰাকেশ সিং, জিলা আয়ুক্ত ৰাঘবেন্দ্ৰ সিং আৰু আৰক্ষী অধীক্ষক সম্পাদ উপাধ্যায়ো ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। স্থানীয় ডুবাৰুৰ সহযোগত এছডিআৰএফ আৰু আৰক্ষীয়ে পানীত ডুবি নিৰুদ্দিষ্ট হোৱা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰকাৰ্য সুকলমে অব্যাহত ৰাখিবলৈ মটৰ নাও আৰু স্পীড বট ব্যৱহাৰ কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী ৰাকেশ সিঙে দুৰ্ঘটনাটোক লৈ শোকপ্ৰকাশ কৰি কয়, ‘‘সেই সময়ত ক্ৰুজ জাহাজখনত ২৯ জন লোক আছিল । ইয়াৰে ১৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু চাৰিজনৰ মৃতদেহ পোৱা হৈছে । বাকী কেইজন নিৰুদ্দেশ হৈ আছে । উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে আমি মুঠ ভুক্তভোগীৰ সংখ্যা সঠিককৈ ক’ব পাৰিম । মুখ্যমন্ত্ৰী মোহন যাদৱেও এই দুৰ্ঘটনাৰ খবৰ লাভ কৰিছে । উদ্ধাৰ অভিযানৰ পিছত সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব ।’’ তেওঁ লগতে কয় যে এই ক্ৰুজখন দৈনন্দিন ভিত্তিত নদীখনত চলিছিল ৷
বৰগীৰ চিএছপি অঞ্জুল মিশ্ৰই দুৰ্ঘটনাটো সন্দৰ্ভত এনেদৰে কয়, ‘‘বৃহস্পতিবাৰে জবলপুৰৰ নৰ্মদা নদীৰ বৰগী বান্ধত যাত্ৰী পৰিবাহী এখন ক্ৰুজ ডুব যায়। ক্ৰুজখনত প্ৰায় ৩৫-৪০ জন লোক আছিল। ইয়াৰে ১৮ জন লোকক সুকলমে উদ্ধাৰ কৰাৰ বিপৰীতে ১৫-১৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।’’
আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমানলৈকে নদীখনৰ পৰা চাৰিটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ তদুপৰি নিৰুদ্দেশ হোৱা যাত্ৰীসকলৰ সন্ধান অব্যাহত ৰখা হৈছে ৷