গুৱাহাটী
নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত। চৰকাৰে যুৱক-যুৱতীক সংস্থাপন প্রদানেৰে নিবনুৱা সমস্যা সমাধানৰ দিশত যথেষ্ট কাম কৰা বুলি দাবী কৰি আহিলেও ৰাজ্যৰ বাস্তৱ ছবিখন যে সম্পূর্ণ বিপৰীত, সেয়া প্রকট হৈছে নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্যত। এই অনুসৰি সাম্প্ৰতিক সময়ত অসমত পঞ্জীভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা হ'ল ২৬,৪৪,০৮৭ গৰাকী।
ৰাজ্যত এতিয়া হোৰাহোৰে বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সংখ্যা। সাম্প্ৰতিক সময়ত অসমৰ মুঠ জনসংখ্যাৰ ৮ শতাংশৰো অধিক লোকেই হ'ল নিবনুৱা। লক্ষণীয়ভাৱে যোৱা এবছৰত অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে প্রায় ২ লাখ। মন কৰিবলগীয়া যে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নৰ বাবে দুবছৰ পূৰ্বে আবেদন কৰা নিবনুৱা আছিল ৩৪,২৮,৭৬৩ গৰাকী। ইয়াৰে ১৯,৭৮,৫৫৮ গৰাকী আছিল পুৰুষ আৰু ১৪,৪৯,৬২৮ গৰাকী মহিলা। তদুপৰি ৫৭৭ গৰাকী আছিল তৃতীয় লিংগৰ।
পঞ্জীয়নৰ বাবে আবেদন জনোৱাসকলৰ মাজৰ বহুসংখ্যক আবেদন নাকচ কৰা হয় আৰু একাংশ আবেদন বিবেচনাধীন হৈ আছে। কেইবালাখ আবেদন বয়স বৃদ্ধিকে ধৰি বিভিন্ন অজুহাতত বাতিল কৰা হয়। ৰাইজক দেখুৱাই চৰকাৰে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ্রাস কৰাৰ উদ্দেশ্যে বহুসংখ্যক নিবনুৱাৰ পঞ্জীয়ন বাতিল কৰা বুলি চৰ্চিত হৈছে। কিন্তু লক্ষণীয়ভাবে ইয়াৰ পিচতো সাম্প্রতিক সময়ত পঞ্জীয়নভুক্ত নিবনুৱা হৈছেগৈ ২৬,৪৪,০৮৭ গৰাকী। ইয়াৰে উচ্চতৰ মাধ্যমিক উত্তীর্ণ নিবনুৱাৰ সংখ্যা সর্বাধিক। উচ্চতৰ মাধ্যমিক উত্তীর্ণ নিবনুৱাৰ সংখ্যা বাৰ লক্ষাধিক।
আনহাতে স্নাতক উত্তীর্ণ নিবনুৱা হ'ল সাত লক্ষাধিক আৰু স্নাতকোত্তৰ উত্তীর্ণ নিবনুৱা হ'ল প্রায় এক লাখ। একেদৰে ৰাজ্যত পি এইচ ডি ডিগ্রীধাৰী নিবনুৱা আছে ৭৯৮ গৰাকী। ইয়াৰ সমান্তৰালকৈ অসমত দশম শ্রেণী উত্তীর্ণ নিবনুৱা আছে পাঁচ লক্ষাধিক আৰু আই টি আই উত্তীর্ণ নিবনুৱা আছে কেইবাহেজাৰ। তথ্য অনুসৰি প্ৰতিবছৰে পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে অভাবনীয়ভাবে। বছৰি লক্ষাধিক নিবনুৱাই অনলাইনযোগে তেওঁলোকৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰে। এই প্রক্রিয়া অব্যাহত থাকিলে অহা ৫ বছৰত অসমত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যাই যে ৩৫ লাখৰ ঘৰ অতিক্ৰম কৰিব।