নতুন দিল্লী
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ ঘৰুৱা প্ৰাকৃতিক গেছৰ উৎপাদন বিগত বৰ্ষৰ তুলনাত ৩.৯ শতাংশ হ্রাস পাই ২৮৬ কোটি মানক ঘনমিটাৰ (এম এম এছ চি এম) হৈছেগৈ। আনহাতে তৰলীকৃত প্রাকৃতিক গেছৰ (এল এন জি) আমদানি ১.২ শতাংশ বৃদ্ধি পাই ২,৮১৯ এম এম এছ চি এম হৈছে বুলি পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ তথ্যত প্রকাশ পাইছে।
মাহটোত বিক্ৰীৰ বাবে উপলব্ধ মুঠ গেছৰ পৰিমাণ ৫,২০৭ এম এম এছ চি এম, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১.১ শতাংশ হ্রাস পাইছে। প্রতিবেদনত কোৱা হৈছে যে ব্যৱহাৰৰ বাবে প্ৰাকৃতিক গেছৰ মুঠ উপলব্ধতা (ঘৰুৱা আৰু আমদানিকৃত) ৫,৬৪২ এম এম এছ চি এম।
মন্ত্র্যালয়ে প্রতিবেদনত উল্লেখ কৰিছে যে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ প্ৰাকৃতিক গেছৰ মুঠ উৎপাদন পূৰ্বৰ বছৰৰ একে মাহৰ তুলনাত ৩.৯ শতাংশ কম। ঘৰুৱা উৎপাদকসকলৰ ভিতৰত অ' এন জি চি, অইল আৰু ব্যক্তিগত, যৌথ প্রতিষ্ঠানসমূহে একেলগে মুঠ উৎপাদনৰ হিচাপ দাখিল কৰিছিল।
অ' এন জি চিৰ উৎপাদন ১,৫১৮ এম এম এছ চি এম, অইলে ২৫৪ এম এম এছ চি এম আৰু ব্যক্তিগত আৰু জেভি প্রতিষ্ঠানসমূহে ১,০৮৮ এম এম এছ চি এম উৎপাদনত অৰিহণা যোগাইছিল। মুঠ উৎপাদনৰ প্ৰায় ৮৪ শতাংশ বিক্ৰীৰ বাবে উপলব্ধ আছিল, বাকীখিনি আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।