মৃত্যু এতিয়া সহজ; অসমীয়াৰ বুকুত শোকৰ হেন্দুলনি তুলি অজান দেশলৈ গুছি গ'ল জুবিন গাৰ্গ

Story by  atv | Posted by  [email protected] • 1 Months ago
অজান দেশলৈ গুছি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
অজান দেশলৈ গুছি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আমাৰো যি প্ৰাণ, তোমাৰো সেই প্ৰাণ, শিলেৰে খোদিত সময়, মৰণ নামৰ নদী, তোমাৰো বাবে বয়, জোৱাৰত সকলো সমান---অজস্ৰজনক কন্দুৱাই, অজস্ৰজনৰ হৃদয় তোলপাৰ লগাই মৰণ নামৰ নদীত উটি গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। অসমীয়াৰ বুকুত শোকৰ হেন্দুলনি তুলি অজান দেশলৈ গুছি গ’ল প্ৰিয় শিল্পীজন।
 
'মৃত্যু এতিয়া সহজ, মৃত্য এতিয়া উছৱ' বুলি গান জোৰা জুবিনৰ জীৱনতো যেন মৃত্যু তেনেই সহজ আৰু সুলভ হৈ পৰিল। সূদূৰ ছিংগাপুৰৰ পৰা শুকুৰবাৰে দুপৰীয়া অহা তেওঁৰ মৃত্যুৰ এই কৰুণ খবৰে শোকস্তব্ধ আৰু বাকৰুদ্ধ কৰিছে প্ৰতিজন অসমীয়াক। 
 
মন্ত্ৰমুগ্ধকৰ গান, হৃদয়স্পৰ্শী কণ্ঠৰে দেশে-বিদেশে অজস্ৰজনৰ হৃদয়ত স্থান দখল কৰা জুবিন গাৰ্গৰ অবিশ্বাস্য মৃত্যুত আজি শোকস্তব্ধ অসমৰ জন-জীৱন। সংগীতসূৰ্য সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদযাপন কৰাৰ সময়তে অসমবাসীয়ে আজি লাভ কৰিলে বৰ্তমান প্ৰজন্মৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অসহ্যকৰ খবৰ।
এক সংগীতানুষ্ঠানৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি আবেলি ২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বুলি ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ে ভাৰত চৰকাৰক জানিবলৈ দিয়ে। দুপৰীয়া ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ পৰা এটা ফোন আহিছিল ৰাজ্যিক বৈদেশিক মন্ত্ৰী তথা জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পবিত্ৰ মাৰ্ঘেৰিটালৈ। জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ৰ পৰা খবৰটো লাভ কৰি তেওঁ শোকস্তদ্ধ হৈ পৰে। পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথমে এই খবৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বি টি চিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়েও শোকত ভাগি পৰে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত…আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰগ, কি সতে শোকাবাৰ্তা দিওঁ! বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-ডেৱা কৰিছে৷ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত৷ সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো! হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন৷ য'তেই থাকা কুশলে থাকিবা জুবিন।"
তেওঁ পুনৰ কয় "আজি অসমে এজন প্ৰিয় পুত্ৰক হেৰুৱালে। জুবিন অসমৰ বাবে কি আছিল, সেই কথা বৰ্ণনা কৰিবলৈ মই শব্দ হেৰুৱাইছো। তেওঁ বহুত সোনকালে গুচি গ'ল। জুবিনৰ কণ্ঠত মানুহক শক্তিশালী কৰাৰ এক অতুলনীয় ক্ষমতা আছিল আৰু তেওঁৰ সংগীতে আমাৰ মন আৰু আত্মাৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল।
 
তেওঁৰ মৃত্যুৱে যি শূন্যতাৰ সৃষ্টি কৰিছে, সেয়া কেতিয়াও পূৰণ নহ’ব। আমাৰ ভৱিষ্যৎ প্ৰজন্মই তেওঁক অসমৰ সংস্কৃতিৰ এজন অধ্যৱসায়ী হিচাপে স্মৰণ কৰিব, আৰু তেওঁৰ কৰ্মৰাজিয়ে আগন্তুক দিন আৰু বছৰত আৰু বহু প্ৰতিভাশালী শিল্পীক অনুপ্ৰাণিত কৰিব। সংগীতৰ বাহিৰেও মানুহৰ সৈতে তেওঁৰ সংযোগ আৰু মানুহক সহায় কৰাৰ আবেগ সদায় মনত থাকিব। তেওঁৰ সৈতে মোৰ সকলো যোগাযোগ মই সদায় সযতনে ৰাখিম। তেওঁৰ সেই যাদুকৰী কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিছে। জুবিনৰ বিয়োগত মই গভীৰ শোক প্ৰকাশ কৰিছো। ভালকৈ জিৰণি লোৱা জুবিন! তুমি সদায় অসমৰ প্ৰিয় ৰকষ্টাৰ হৈ থাকিবা।"
উল্লেখ্য যে, ছিংগাপুৰত সংঘটিত এক মৰ্মান্তিক স্কুবা ডাইভিং দুৰ্ঘটনাত পতিত হোৱাৰ পিছত প্ৰখ্যাত গায়কগৰাকীক ছিংগাপুৰ আৰক্ষীয়ে সাগৰৰ পৰা উদ্ধাৰ কৰি ওচৰৰ ছিংগাপুৰৰ জেনেৰেল হস্পাতালত ভৰ্তি কৰাইছিল। কিন্তু চিকিৎসকে অপ্ৰাণ চেষ্টা চলাইও অসমীয়াৰ প্ৰাণৰ শিল্পীজনক বচাব নোৱাৰিলে। 
 
২০ ছেপ্টেম্বৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। তেওঁৰ আকস্মিক মৃত্যুৱে অনুৰাগী আৰু সমগ্ৰ অসমীয়া সমাজক স্তম্ভিত কৰি তুলিছে আৰু ভাৰতৰ সংগীত জগতত গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। 
 
ইফালে, জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেতা অসম সন্তান আদিল হুছেইনে। তেওঁ কয়, "ছিংগাপুৰত হোৱা এক দুৰ্ঘটনাত জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে মোক স্তম্ভিত আৰু হতবাক কৰি তুলিছে। মই বৰ দুখ পাইছো, অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান অসাধাৰণ। জুবিনে নিজৰ গীতৰ মাজেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। প্ৰিয় জুবিন মই তোমাক বহুত মৰম আৰু স্নেহেৰে স্মৰণ কৰিছো। তোমাৰ  আত্মাই শান্তি লাভ কৰক, বিদায় জুবিন।"
বলীউদৰ জনপ্ৰিয় ছবি ‘গেংষ্টাৰ’ৰ ‘য়া আলী’ গীতৰ জৰিয়তে সমগ্ৰ দেশত বিখ্যাত হৈ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বলীউডৰ কেইবাখনো ছবিত কেইবাটাও ছুপাৰহিট গীতেৰে দেশৰ সংগীতপ্ৰেমীৰ আপোন হৈ পৰে। জুবিনৰ কণ্ঠত প্ৰাণ পাই উঠা ‘দিল টু হি বতা’ (কৃশ-৩), ‘জানে ক্যা চাহে মন’ (পিয়াৰ কে চাইড ইফেক্টছ) গীতসমূহ দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। হিন্দী আৰু অসমীয়াৰ উপৰিও  তেওঁ বাংলা, নেপালী, বড়োকে কেইবাটাও আঞ্চলিক ভাষাত গীত গাই অভিলেখ স্থাপন কৰিছিল। 
 
বহু হাজাৰ গানেৰে বিগত তিনিটা দশক ধৰি সংগীতৰ পৃথিৱীত আলোড়ন তুলি থকা জুবিন গাৰ্গৰ প্ৰথমটো জনপ্ৰিয় গান আছিল--'গানে কি আনে...সুৰৰ সপোনে সপোনে...গানে কি সানে ডাঁৱৰৰ কাণে কাণে...ৰামধেনুৰ শিতানে  শিতানে শিতানে...সুৰৰ সোপনে সোপনে||' ১৯৯২ চনত মুক্তি পোৱা জুবিনৰ প্ৰথমটো এলবাম 'অনামিকা'ৰ এই গানটোৱে অসমৰ সংগীতপ্ৰেমীৰ হৃদয় চুই গৈছিল। 
 
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কী-বৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত প্ৰৱেশ কৰে। 
একেধাৰে এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা জুবিন গাৰ্গে অভিনয় কৰা জনপ্ৰিয় ছবিসমূহ হৈছে--ৰাজনীতি, কাঞ্চনজংঘা, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, গানে কি আনে, ৰ'দৰ চিঠি, ৰামধেনু, মন যায়, দীনবন্ধু, তুমি মোৰ মাথোঁ মোৰ, ডক্তৰ বেজবৰুৱা ২ আদি। তেওঁৰ অনুপস্থিতিত অসমৰ চৌদিশে আজি বাজি উঠিছে--আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে।
 
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, "জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"