আৱাজ দ্য ভইচ অসম ব্যুৰ'
ছিংগাপুৰলৈ গৈ ৰহস্যজনক পৰিস্থিতিত অকাল মৃত্যুক সাৱতি লোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে জুবিনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ৰাজ্যজুৰি দাবী জোৰদাৰ হৈ উঠিছে। এনে সময়তে অসম চৰকাৰে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি সন্ধিয়া ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে জুবিন গাৰ্গৰ মৃত্য ৰহস্য উদঘাটনৰ বাবে চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিব।
তেওঁ টুইটাৰত এইদৰে কয়, " আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সন্দৰ্ভত আমি কাকো ৰেহাই নিদিওঁ। আজি মই অসম আৰক্ষীৰ DGP, ADGP, CID ৰ লগতে ৰাজ্যৰ মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হওঁ। অসম আৰক্ষীৰ শ্ৰেষ্ঠ বিষয়াসকলক লৈ এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈ মই ডিজিপিক নিৰ্দেশ দিছো। জুবিনৰ শৰীৰৰ ভিতৰৰ নমুনাৰ বিশদ পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰী (চিএফএল)লৈ প্ৰেৰণ কৰা হ’ব। সম্পূৰ্ণ সততাৰে গোচৰটোৰ তদন্তৰ সম্পূৰ্ণ স্বাধীনতা থাকিব এছ আই টিয়ে।"
অসম চৰকাৰে এছআইটি গঠন কৰি দিয়াৰ পিছত জুবিন গাৰ্গৰ মৃত্য ৰহস্যৰ সৈতে নাম সাঙোৰ খাই পৰা নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে জেৰা অথবা গ্ৰেপ্তাৰ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তদুপৰি, ছিংগাপুৰ অসম এছোচিয়েচনৰ বিষয়ববীয়াসকলো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে।
ইতিমধ্যে ৰাজ্য ৪ জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাহিৰে আন দুজন ব্যক্তি হৈছে--সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী। এই গোচৰসমূহ আৰক্ষীয়ে ইতিমধ্যে চিআইডিলৈ হস্তান্তৰ কৰিছে। সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতিয়ে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ আশ্বাস দিছে। কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়াও পলাতক অৱস্থাত আছে।
ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা শ্যামকানু মহন্ত আৰু তেওঁৰ সকলো সংগঠনক অসমত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল। এই কথা ঘোষণা কৰি তেওঁ কয় যে ভৱিষ্যতলৈ শ্যামকানু মহন্ত আৰু তেওঁৰ সংগঠনে অসমত কোনো অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।
ছিংগাপুৰত যোৱা শুকুৰবাৰে জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ সৈতে জড়িত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে অসমবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই তাতক্ষণিকভাৱে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।
"ৰাজ্য চৰকাৰে অসমৰ ভিতৰত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো সংগঠনে কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰে তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন, বা পৃষ্ঠপোষকতা প্ৰদান নকৰে।"- ২৪ ছেপ্টেম্বৰত এইদৰে টুইট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে শ্যামকানু মহন্তক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ কৰিব। উল্লেখ্য যে, ছিংগাপুৰত সাগৰত সাতুৰিবলৈ যোৱাৰ সময়ত জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে আজি এই নিষেধাজ্ঞা আৰোপ কৰিছে। জুবিনৰ আকস্মিক মৃত্যুৰ পিছত ছিংগাপুৰ ভ্ৰমণৰ পৰিস্থিতিৰ ওপৰত তীব্ৰ তদন্ত আৰু সুৰক্ষা প্ৰট’কলৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।