নিৰাপত্তা বৃদ্ধিৰ বাবে নিশা সান্ধ্য-আইন জাৰি চাম্বা সীমান্ত অঞ্চলত

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
চাম্বা
 
সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত সহায় আৰু নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে মঙলবাৰে চাম্বাৰ জিলা দণ্ডাধীশে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ২ কিলোমিটাৰ দূৰত্বৰ অঞ্চলত নিশা সান্ধ্য-আইনৰ নিৰ্দেশ দিয়ে। আগতীয়াকৈ প্ৰত্যাহাৰ নকৰিলে অহা দুমাহলৈ প্ৰতিদিনে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব। 
 
জিলা দণ্ডাধীশ আয়ুছি চুডানে জাৰি কৰা নিৰ্দেশ অনুসৰি, নিশাৰ সময়ত অসামৰিক লোকৰ চলাচল নিয়ন্ত্ৰণ কৰি সীমান্তৰ নিৰীক্ষণ বৃদ্ধি আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ সমন্বয়ত এই সিদ্ধান্ত লোৱা হৈছে।
 
সান্ধ্য-আইনৰ সময়ত চলাচলৰ অনুমতি কেৱল বৈধ কাৰণতহে দিয়া হ’ব, আৰু ব্যক্তিসকলে বিএছএফ বা আৰক্ষীৰ লোকে সোধাত চিনাক্তকৰণ পত্ৰ দেখুৱাব লাগিব। উলংঘাকাৰীয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। 
 
ইফালে, ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পূর্বে মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত জিলা প্রশাসনে ত্ৰিৰংগা সমদল উলিয়াইছিল৷ দীঘলীয়া ভাৰতীয় ত্ৰিৰংগ পতাকা লৈ মানুহে উৎসাহেৰে উদযাপনত অংশ লৈছিল। 
 
শেহতীয়াকৈ দেশপ্ৰেম আৰু জাতীয় ঐক্যৰ প্ৰদৰ্শনত আজাদী কা অমৃত মহোৎসৱৰ উদ্যোগত চলি থকা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অংশ হিচাপে কুপোৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ তীতৱালত মেগা ত্ৰিৰংগা ৰেলীৰ আয়োজন কৰা হয়। 
 
শতাধিক ছাত্ৰ-ছাত্ৰী, বিষয়া, ক্ষেত্ৰ কৰ্মী, চিনাকি লোকে অংশগ্ৰহণ কৰা এই সমাৱেশত এল অ’ চি টিটৱালৰ মাজেৰে ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই নিয়া হয়। 
 
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুপৱাৰাৰ উপাযুক্ত শ্ৰীকান্ত বালাছাহেব ছুছে কয়, "এই ৰেলীখন সীমান্তৱৰ্তী গাঁৱত, শূন্য সীমান্ত গাঁৱত আয়োজন কৰা হৈছিল, গতিকে ইয়াৰ বিশেষ গুৰুত্ব আছে। শিশু, বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু বিষয়া, জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ভাৰতীয় সেনাৰ সমন্বয়ত আমি প্ৰায় ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা লৈ এই ত্ৰিৰংগা ৰেলী সফলতাৰে অনুষ্ঠিত কৰিলোঁ।"