স্বাধীনতা দিৱসৰ শুভ ক্ষণত আৱাজ দ্য ভইচৰ বাংলা সংস্কৰণ মুকলি

Story by  atv | Posted by  [email protected] • 12 h ago
আৱাজ দ্য ভইচৰ বাংলা সংস্কৰণৰ উন্মোচনী অনুষ্ঠানৰ এক মুহূৰ্ত
আৱাজ দ্য ভইচৰ বাংলা সংস্কৰণৰ উন্মোচনী অনুষ্ঠানৰ এক মুহূৰ্ত
 
গুৱাহাটী

সমন্বয়মুখী সাংবাদিকতাক আদৰ্শ হিচাপে লৈ ইতিবাচক বাতৰি আৰু বিশ্লেষণাত্মক প্ৰতিবেদন প্ৰকাশ কৰি দেশবাসীৰ হৃদয়ত সুকীয়া স্থান দখল কৰা 'আৱাজ দ্য ভইচ'-এ আজি স্বাধীনতা দিৱসৰ শুভ ক্ষণত ইয়াৰ বাংলা সংস্কৰণ মুকলি কৰে। গুৱাহাটীস্থিত 'আৱাজ দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ প্রাক্তন সঞ্চালকপ্ৰধান পল্লব ভট্টাচাৰ্য আৰু কনছালটেণ্ট ইডিটৰ ৱাছবীৰ হুছেইনে যুটীয়াভাৱে 'আৱাজ দ্য ভইচ বাংলা' আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
 
অনুষ্ঠানত আৱাজ দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খানকে ধৰি আটাইকেইটা সংস্কৰণৰ সম্পাদকসকল ডিজিটেল মাধ্যমৰ সহায়ত উপস্থিত থাকে।ইংৰাজী, হিন্দী, উৰ্দু, মাৰাঠী, অসমীয়া আৰু আৰবী ভাষাৰ পিছত বাংলা হৈছে আৱাজ দ্য ভইচৰ সপ্তমটো সংস্কৰণ। উন্মোচনী অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক আতিৰ খানে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি আমাৰ উদযাপনৰ দুটা কাৰণ আছে, প্ৰথমটো হৈছে—আমাৰ মহান ভাৰতীয় সভ্যতাৰ গৌৰৱ উদযাপন, আৰু দ্বিতীয়তে—আমাৰ বাংলা সংস্কৰণৰ উন্মোচন।

ছয়টা ভাষাত প্ৰকাশ পোৱা আমাৰ বাতৰি আৰু প্ৰতিবেদনৰ প্ৰতি আপোনালোকৰ প্ৰশংসা আৰু সঁহাৰিয়ে আমাক আৰু অধিক ব্যাপকতাৰে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে। এই সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ২০২১ চনৰ জানুৱাৰী মাহত আমাৰ যাত্ৰা আৰম্ভ কৰাৰ পিছত বাংলা ভাষাক আমাৰ সপ্তম সংস্কৰণ হিচাপে পৰিচয় কৰাই দিবলৈ পাই আমি আনন্দিত হৈছো।

মাত্ৰ চাৰিটা বছৰৰ ভিতৰতে দেশ-বিদেশৰ অজস্ৰ পাঠকৰ মৰম আৰু আস্থাই আমাক অভিভূত কৰি তুলিছে। ইংৰাজী, হিন্দী, উৰ্দু, মাৰাঠী, অসমীয়া, আৰবী ভাষাত আমাৰ পাঠকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু আমি এতিয়া প্ৰতিমাহে এক কোটিৰো অধিক Views অতিক্ৰম কৰিবলৈ সাজু হৈছো। এই সাফল্য কেৱল আপোনালোকৰ অহৰহ সঁহাৰি আৰু উৎসাহৰ বাবেই সম্ভৱ হৈছে।

বিগত এটা বছৰত আমাৰ বাংলা পাঠকসকলৰ পৰা আমি আৱাজ দ্য ভইচৰ এটা বাংলা সংস্কৰণ মুকলি কৰাৰ বহুতো অনুৰোধ লাভ কৰিছিলো। আমি এই দায়িত্ব গুৰুত্বসহকাৰে লৈছিলো আৰু এটা প্ৰতিভাৱান বাংলা সম্পাদকীয় দল গঠন কৰি ইয়াক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিছো। আজিৰ পৰা আমাৰ বাংলাভাষী দৰ্শকে আমাৰ ৱেবছাইট আৰু দৃশ্য-শ্ৰাব্য বিষয়বস্তু তেওঁলোকৰ ভাষাত উপভোগ কৰিব পাৰিব।

বংগ হৈছে অপৰিসীম সাংস্কৃতিক ঐতিহ্যৰ ভূমি। ই ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাজী নজৰুল ইছলামৰ দৰে দূৰদৰ্শীসকলৰ কালজয়ী উত্তৰাধিকাৰেৰে সমৃদ্ধ। জটিল আৰু অশান্ত ইতিহাস সহ্য কৰাৰ পিছতো এই অঞ্চলটোৱে সদায় সকলো সম্প্ৰদায় আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতি সৰ্বাংগীনতা, সমন্বয় আৰু সন্মানৰ মনোভাৱক আকোৱালি লৈছে।

আমি ইয়াক বংগৰ অনন্য আৰু প্ৰেৰণাদায়ক কাহিনীসমূহ বিশ্বৰ সৈতে ভাগ-বতৰা কৰাৰ এক সুন্দৰ সুযোগ হিচাপে দেখিছো। এই ক্ষেত্ৰত আমি বাংলাদেশৰ বন্ধুসকলকো সামৰি ল'ব পাৰিম৷ আমাৰ অনুকৰণীয় আদৰ্শ হৈছে “সমন্বয়মুখী সাংবাদিকতা”। আৱাজ-দ্য ভইচৰ প্ৰতিটো দলেই এই আদৰ্শৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ হৈ আছে, যাতে আমাৰ বিষয়বস্তুৱে বৈচিত্ৰ্য, সমন্বয়, আৰু অৰ্থপূৰ্ণ কাহিনীৰ প্ৰতিফলন ঘটায়।
 
আজিৰ কোলাহলপূৰ্ণ ডিজিটেল পৰিৱেশত আমি বিশ্বাসযোগ্য, আকৰ্ষণীয় আৰু সন্মানীয় বাতৰিৰ মঞ্চ হিচাপে এক সুকীয়া স্থান দখল কৰি গৌৰৱ অনুভৱ কৰিছো৷ এই ৰোমাঞ্চকৰ নতুন অধ্যায়টো আৰম্ভ কৰাৰ সময়ত আমি আপোনালোকৰ অবিৰত আস্থা আৰু সমৰ্থনৰ বাবে আগ্ৰহী।