মালিক আছঘৰ হাচমী
২০১৯ চনৰ ৫ আগষ্টত ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ লগে লগে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ অন্ত পৰে। চৰকাৰৰ এই যুগান্তকাৰী সিদ্ধান্তৰ আজি ছবছৰ পাৰ হৈ গ’ল।
এই সময়ত সমগ্ৰ দেশ আৰু বিশ্বৰ দৃষ্টি পৰিছে জম্মু-কাশ্মীৰৰ ওপৰত। মানুহে জানিব বিচাৰে যে এই অঞ্চলটো সঁচাকৈয়ে সলনি হৈছে নে ? জম্মু-কাশ্মীৰৰ পৰিৱেশ এতিয়া স্বাভাৱিক ভাৰতৰ আন আন ঠাইৰ দৰে হৈ পৰিছে নে? তাত হিংসা আৰু সন্ত্ৰাসবাদ হ্ৰাস পাইছেনে; উন্নয়ন, বিনিয়োগ আৰু গণতান্ত্ৰিক অংশগ্ৰহণে গতি লাভ কৰিছেনে?
প্ৰকৃতাৰ্থত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন দেখা গ’ল গণতান্ত্ৰিক প্ৰক্ৰিয়াত সাধাৰণ নাগৰিকৰ অংশগ্ৰহণ। ২০২০ চনত অনুষ্ঠিত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত ৭০ শতাংশতকৈ অধিক ভোটাৰৰ ভোটদানৰ হাৰ পোৱা গৈছে। ইয়াৰ দ্বাৰা এই কথাৰ ইংগিত পোৱা গৈছে যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বিশ্বাস বৃদ্ধি পাইছে।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰত বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক ভোটাৰৰ ভোটদানৰ হাৰ পঞ্জীয়ন কৰা হৈছে আৰু কাশ্মীৰ উপত্যকাত এই সংখ্যা ৩০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।
কাশ্মীৰৰ নৈসৰ্গিক সৌন্দৰ্য
ইফালে, নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা বিগত ছবছৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত জম্মু-কাশ্মীৰত ৭,২১৭টা সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই সংখ্যা ২,২৪২লৈ হ্ৰাস পাইছে। অসামৰিক লোকৰ মৃত্যু ৮১ শতাংশ হ্ৰাস পোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ হতাহতৰ সংখ্যাও প্ৰায় আধালৈ হ্ৰাস পাইছে।
পূৰ্বে শিলগুটি নিক্ষেপ, বন্ধ আৰু বিচ্ছিন্নতাবাদী প্ৰতিবাদৰ ঘটনা অঞ্চলটোত সাধাৰণ আছিল যদিও এতিয়া এই সকলোবোৰ প্ৰায় নিঃশেষ হৈ গৈছে। অৱশ্যে যোৱা কেইমাহমানত জম্মু অঞ্চলত সন্ত্ৰাসবাদী ঘটনা সামান্য বৃদ্ধি পাইছে। যেনে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ পৰ্যটকৰ প্ৰাণ যায়। ইয়াৰ পিছত চৰকাৰৰ ‘শূন্য সহনশীলতা’ নীতি আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থাই জম্মু-কাশ্মীৰক এতিয়া সুস্থিৰ কৰি তুলিছে।
জম্মু-কাশ্মীৰত উন্নয়নৰ দিশৰ পৰাও বহুতো ইতিবাচক লক্ষণ দেখা গৈছে। ২০১৫ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা ৮০,০০০ কোটি টকাৰ পেকেজৰ ভিতৰত ৫১,০০০ কোটি টকা এতিয়ালৈকে ব্যৱহাৰ কৰা হৈছে। যোৱা দশকত জম্মু-কাশ্মীৰলৈ ১২ হাজাৰ কোটি টকাৰ উদ্যোগিক বিনিয়োগ আহিছে, যিটো প্ৰথম ৭০ বছৰত লাভ কৰা মুঠ ১৪ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰায় সমান।
শেহতীয়াকৈ ১,১০,০০০ কোটি টকাৰ অতিৰিক্ত বিনিয়োগৰ প্ৰস্তাৱৰ ওপৰত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, যাৰ ফলত অনাগত কেইবছৰমানৰ ভিতৰত অঞ্চলটোত অধিক অৰ্থনৈতিক কাৰ্যকলাপৰ সূচনা হ’ব। ২০১৯ চনত ৩৭০নং অনুচ্ছেদ আঁতৰোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত বিনিয়োগ আকৰ্ষণ কৰিবলৈ নতুন ঔদ্যোগিক নীতি ঘোষণা কৰে, যাৰ বাবে এতিয়ালৈকে ইয়াত শ শ কোম্পানীয়ে বিনিয়োগ কৰিছে।
পৰ্যটন খণ্ডতো অভিলেখ সৃষ্টি হৈছে। ২০২৩ চনত জম্মু-কাশ্মীৰত ২.১১ কোটিৰো অধিক পৰ্যটকক আদৰণি জনোৱা হৈছিল, যিটো এতিয়ালৈকে সৰ্বাধিক পৰিসংখ্যা। ২০২৪ চনত ইউনেস্ক’ই শ্ৰীনগৰক ‘ৱৰ্ল্ড ক্ৰাফ্ট চিটি’ৰ মৰ্যাদা প্ৰদান কৰিছে। ২০১৯ চনত শ্ৰীনগৰ বিমানবন্দৰৰ পৰা বিমান সেৱাৰ সংখ্যা ৩৫ খন আছিল যদিও ২০২৪ চনত ই ১২৫ খন হৈছেগৈ। ইক’ টুৰিজিম, হেৰিটেজ হোমষ্টে, অভিজ্ঞতাভিত্তিক পৰ্যটনৰ প্ৰসাৰ ঘটিছে, যাৰ ফলত স্থানীয় জনসাধাৰণৰ জীৱিকা শক্তিশালী হৈছে।
এসময়ত সন্ত্ৰাসবাদৰ ভয়ত পৰ্যটকসকলে কাশ্মীৰলৈ আহিবলৈ ভয় কৰিছিল যদিও এতিয়া ডাল হ্ৰদ, গুলমাৰ্গৰ দৰে পৰ্যটনস্থলীলৈ পৰ্যটকৰ সমাগম ঘূৰি আহিছে।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নেও গতি লাভ কৰিছে। চেনাব নদীত নিৰ্মিত ৩৫৯ মিটাৰ উচ্চতাৰ ৰেল দলংখন এতিয়া বিশ্বৰ সৰ্বোচ্চ ৰেল দলং হিচাপে পৰিগণিত হৈছে, যিটো আইফেল টাৱাৰতকৈও ওখ। জোজিলা সুৰংগ, জোড-মৰহ সুৰংগ আৰু বানিহাল-কাজিগুণ্ড পথ সুৰংগৰ দৰে প্ৰকল্পৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ উন্নতি হৈছে। উধমপুৰ-শ্ৰীনগৰ-বাৰমুল্লা ৰেল সংযোগ এতিয়া সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।
ডিজিটেল সংযোগৰ ক্ষেত্ৰত ভাৰতনেট প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৯,৭৮৯টা ফাইবাৰ-টু-হোম সংযোগ সম্পূৰ্ণ হৈছে, যাৰ ফলত আনকি দূৰৱৰ্তী অঞ্চললৈও ডিজিটেল সেৱা আগবঢ়াইছে।
শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে। আই আই টি জম্মু, এইমছ আৱন্তিপোৰা (২০২৫ চনৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ আশা কৰা হৈছে) আৰু মেডিকেল কলেজ ৰিয়াছিৰ দৰে উচ্চ শিক্ষানুষ্ঠানসমূহে যুৱক-যুৱতীসকলক উন্নত সুযোগ প্ৰদান কৰিছে। ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা কাশ্মীৰী যুৱকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বহু ষ্টাৰ্টআপ ইক’চিষ্টেমে উত্থান লাভ কৰিছে।
চাকৰি মেলা আৰু উদ্যোগীকৰণ আঁচনিয়ে স্থানীয় নিয়োগৰ বাবে নতুন বাট মুকলি কৰিছে। সাংস্কৃতিক দিশতো জম্মু-কাশ্মীৰত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে। তিনি দশকৰ পাছত প্রথমবাৰৰ বাবে কাশ্মীৰত চিনেমা হল খোলাৰ লগে লগে মানুহে এতিয়া পৰিয়ালৰ সৈতে চিনেমা চাবলৈ যাব পাৰিছে৷
কোনো নিৰাপত্তাৰ ভাবুকি নোহোৱাকৈ এতিয়া মহৰম শোভাযাত্ৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় আৰু ঐতিহাসিক লাল চকত জন্মাষ্টমীৰ দৰে উৎসৱ পালন কৰা হৈছে। এই পৰিৱৰ্তন কেৱল সাংস্কৃতিক কাৰ্যকলাপৰ পুনৰুজ্জীৱন নহয়, বৰঞ্চ অঞ্চলটোত ধৰ্মীয় সহনশীলতা আৰু সামাজিক সম্প্ৰীতি পুনৰুদ্ধাৰৰো প্ৰতীক।
এই সকলোবোৰৰ মাজতে জম্মু-কাশ্মীৰত ৩৭০নং অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্তক লৈ ৰাজনৈতিক বিতৰ্ক এতিয়াও অব্যাহত আছে। অঞ্চলটোৰ অধিকাংশ আঞ্চলিক দলে এই সিদ্ধান্তক সমালোচনা কৰি আহিছে যদিও ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াক ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দিশত সৰ্ববৃহৎ পদক্ষেপ বুলি গণ্য কৰি প্ৰতি বছৰে ৫ আগষ্টত এই দিনটো উৎসৱ হিচাপে পালন কৰে।
ইফালে, জম্মু-কাশ্মীৰৰ সৰ্বাংগীন উন্নয়ন, সামাজিক ন্যায় আৰু দীৰ্ঘম্যাদী সুস্থিৰতাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব অব্যাহত আছে। আজি জম্মু-কাশ্মীৰ এনে এটা টাৰ্নিং পইণ্টত থিয় দিছে য’ৰ পৰা পিছলৈ ঘূৰিব পৰা নাই। নিৰাপত্তা, সুস্থিৰতা, উন্নয়ন, বিনিয়োগ আৰু গণতন্ত্ৰৰ দিশত কৰা প্ৰচেষ্টাই এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
অৱশ্যে প্ৰত্যাহ্বান এতিয়াও আছে, বিশেষকৈ সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল আৰু ৰাজনৈতিক সুস্থিৰতা পুনৰুদ্ধাৰ। কিন্তু এতিয়া উপত্যকাটোত দেখা গৈছে নতুন পোহৰৰ ৰেঙনি। ৩৭০নং অনুচ্ছেদ বাতিলৰ ৬ বছৰৰ পাছত জম্মু-কাশ্মীৰ এতিয়া কেৱল স্পৰ্শকাতৰ সীমান্ত অঞ্চল নহয়, বৰঞ্চ ভাৰতৰ বিকাশশীল ভৱিষ্যতৰ এক শক্তিশালী স্তম্ভ হৈ পৰিছে।