ইতিহাসৰ ভগ্ন টুকুৰাত প্ৰাণ সঞ্চাৰ কৰা প্ৰথমগৰাকী মুছলমান মহিলা শিল্প সংৰক্ষক মাইমুনা নাৰ্গীছ

Story by  atv | Posted by  Munni Begum • 2 h ago
শিল্প সংৰক্ষক মাইমুনা নাৰ্গীছ
শিল্প সংৰক্ষক মাইমুনা নাৰ্গীছ
 
ফাৰহান ইজৰাইলী/জয়পুৰ
 
শিল্প সংৰক্ষণ হৈছে এনে এক ক্ষেত্ৰ, যিয়ে কেৱল ইতিহাস সংৰক্ষণ নকৰে, ই প্ৰজন্মক আমাৰ ঐতিহ্যৰ সৈতেও সংযোগ কৰি ৰাখে। এই ক্ষেত্ৰখনৰ এক অতি পৰিচিত নাম হৈছে মাইমুনা নাৰ্গীছ। কিয়নো তেওঁ প্ৰথম মুছলমান মহিলা শিল্প সংৰক্ষক হিচাপে নিজৰ এক সুকীয়া পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে। 
 
মাইমুনা নাৰ্গীছৰ কাহিনী কেৱল এক পেছাদাৰী সফলতাৰ কাহিনী নহয়, বৰং ই আবেগ, সংগ্ৰাম আৰু দৃঢ়তাৰে ভৰা ইতিহাসৰ ভগ্ন টুকুৰাবোৰক পুনৰ সজীৱ কৰি তোলা এক কাহিনী। সৰুৰে পৰা শিল্পৰ প্ৰতি নাৰ্গীৰ অত্যন্ত হেপাঁহ আছিল, যি পিছলৈ তেওঁৰ একমাত্ৰ কৰ্মপথ হৈ পৰিছিল।
 
মাইমুনা নাৰ্গীছে কৃষ্ণৰ এখন চিত্ৰ পুনৰুদ্ধাৰ কৰি থকা এক দৃশ্য
 
স্কুলীয়া শিক্ষাৰ পিছত যেতিয়া তেওঁ আলিগড় মুছলিম ইউনিভাৰ্চিটি (এএমইউ)ৰ পৰা ফাইন আৰ্টছ পঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ মাজত লুকাই থকা শিল্পীগৰাকীৰো জন্ম হৈছিল। কিন্তু এম এফ এত নামভৰ্তি কৰাটো তেওঁৰ বাবে বহু কঠিন কাম আছিল, গতিকে তেওঁ মিউজিঅ’লজী (সংগ্ৰহালয় বিজ্ঞান)ত এবছৰৰ ডিপ্লমা পাঠ্যক্ৰমটো বাছি লৈছিল - যিটো নাৰ্গীৰ জীৱনৰ এক নিৰ্ণায়ক টাৰ্নিং পইণ্ট হৈ পৰিছিল।   
 
এই পাঠ্যক্ৰমে নাৰ্গীছক দিল্লীৰ নেচনেল মিউজিয়ামলৈ লৈ গ'ল, য'ত তেওঁ তিনিমাহৰ বাবে প্ৰশিক্ষণ লোৱাৰ সুযোগ পালে। নাৰ্গীছে কয় যে, এই অভিজ্ঞতাটো তেওঁৰ বাবে এখন নতুন পৃথিৱীত প্ৰৱেশ কৰাৰ দৰেই আছিল। তেওঁ কেৱল কিতাপৰ বাহিৰেও ইতিহাস স্পৰ্শ কৰাৰ সুযোগ লাভ কৰিছিল। ২০০২ চনত নাৰ্গীছে জয়পুৰৰ ঐতিহাসিক জয়গড় দুৰ্গত কিউৰেটৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পৰাই তেওঁৰ শিল্প সংৰক্ষণৰ যাত্ৰা আৰম্ভ হৈছিল। 
 
তেওঁৰ এই পথটো সহজ নাছিল। মিউজিঅ'লজী আৰু কনজাৰ্ভেচন (সংগ্ৰহালয় বিজ্ঞান আৰু শিল্প সংৰক্ষণ) অধ্যয়ন কৰিবলৈ দিল্লীলৈ যোৱাৰ সময়ত মানুহে তেওঁক বহু ঠাট্টা কৰিছিল আৰু কৈছিল যে, সকলোৱে এএমইউলৈ অহাৰ সপোন দেখে, আৰু আপুনি তাৰ পৰা দিল্লীলৈ গৈ আছে? সংগ্ৰহালয় বিজ্ঞান আৰু শিল্প সংৰক্ষণ (মিউজিঅ'লজী আৰু কনজাৰ্ভেচন)ৰ দৰে বিষয়বোৰ সমাজৰ বাবে এতিয়াও অচিনাকি আছিল, যদিও নাৰ্গীছৰ পিতৃ-মাতৃ  তেওঁৰ সপোনক বিশ্বাস কৰিছিল আৰু তেওঁৰ ওপৰত যথেষ্ট আস্থা আছিল। আনকি তেওঁ পৰীক্ষা দিবলৈ যাওঁতে তেওঁলোকে তেওঁৰ সৈতে দিল্লীলৈ গৈছিল। 
 
নাৰ্গীছৰ জীৱনৰ যাত্ৰাৰ পথটো প্ৰত্যাহ্বানেৰে ভৰি পৰিছিল। কাৰণ তেওঁ হিজাব পিন্ধিছিল। ক্লায়েণ্টসকলে তেওঁৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিব পৰা নাছিল। প্ৰজেক্ট আৰু বাজেটৰ অনুমোদন দেখুওৱাৰ পিছতো এজন ক্লায়েণ্টে কেৱল হিজাব পিন্ধি থকাৰ বাবেই তেওঁৰ সৈতে যোগাযোগ কৰাটো বন্ধ কৰি দিছিল।
 
বৌদ্ধ সন্ন্যাসীৰ সৈতে মাইমুনা নাৰ্গীছ
 
বহুবাৰ এনেকুৱাও হৈছে যে, নাৰ্গীছে ফ্ৰীলান্স প্ৰজেক্টত এটকাও  পোৱা নাছিল। যেতিয়া পৰিয়ালে নাৰ্গীছক ইয়াৰ বাবে অভিযোগ কৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়া তেওঁ কৈছিল, এইটো মোৰ বাবে এটা শিক্ষা হয়, মোৰ ক্ষতি নহয়। মাইমুনা নাৰ্গীছৰ প্ৰকৃত যাদু বেছিকৈ তেওঁৰ প্ৰজেক্টবোৰত দেখা যায়। জয়ছালমেৰৰ লুদাৰৱা জৈন মন্দিৰৰ ৪০০ বছৰীয়া কাঠৰ ৰথখন টেমাইটৰ বাবে বোকাত বিকৃত হৈ পৰিছিল আৰু নাৰ্গীছে কোনো কাঠমিস্ত্ৰীৰ সহায় নোলোৱাকৈ একে পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰি সেই ৰথখন পুনৰ নিৰ্মাণ কৰিছিল আৰু সেই ৰথখন এতিয়া ব্যৱহাৰ কৰি থকা হৈ আছে।  
 
ষষ্ঠ শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ পৰা আজমেৰৰ আকবৰ দুৰ্গত ভঙা মূৰ্তিবোৰ এনেদৰে সংযোগ কৰিছিল যে, যোৰা লগোৱা স্থানবোৰ একেবাৰে ধৰিব নোৱাৰি। কোটা সংগ্ৰহালয়ত সোণ আৰু চিয়াঁহীৰে লিখা ৪০০ বছৰীয়া সংস্কৃত পাণ্ডুলিপিৰ সৰু সৰু টুকুৰাবোৰ সংযোগ কৰি নাৰ্গীছে তাত পুনৰ প্ৰাণ সঞ্চাৰ কৰিছিল। নাৰ্গীছৰ আটাইতকৈ কঠিন কাম আছিল ঝলাৱাৰৰ গড় প্ৰাসাদৰ ১১টা কোঠাৰ চিলিঙত থকা ৰঙীন ছবিবোৰ পুনৰ নিৰ্মাণ কৰা। এটাও টুকুৰা আঁতৰাই নিদিয়াকৈ আৰু কোনো ধৰণৰ ক্ষতি নকৰাকৈ তেওঁ তিনিটা কোঠাৰ চিলিং সংৰক্ষণ কৰিছিল।
 
জয়পুৰ আৰু বম্বে বিমানবন্দৰত নাৰ্গীছৰ কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বম্বে বিমানবন্দৰত  নাৰ্গীছে মাৰাঠা ইতিহাসৰ ৫০০০ বৰ্গফুটৰ কেনভাছ পেইন্টিঙখন সংৰক্ষণৰ কাম কৰিছিল, যিখন দেখিবলৈ আজিও পূৰ্বৰ দৰে একেই হৈ আছে। ৰাষ্ট্ৰপতি ভৱনত ইন্টাৰশ্বিপৰ সময়ত তেওঁ কাঠৰ দুৱাৰত ঐতিহাসিক চিত্ৰ সংৰক্ষণ কৰিছিল। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত বাবৰনামা, আকবৰনামা, শ্বাহজাহাননামা আৰু জাহাংগীৰনামা আদি ঐতিহাসিক গ্ৰন্থ পুনৰুদ্ধাৰ কৰিছে। ৰজা-মহাৰাজৰ কাপোৰ-কানি আৰু এলবাৰ্ট হলত ক্ষতিগ্ৰস্ত পিচৱাই চিত্ৰক নতুন জীৱন দান কৰিছিল। 
 
ইতিহাসৰ সমান্তৰালকৈ মাইমুনা নাৰ্গীছেও পৰিবেশৰ প্ৰতি সংবেদনশীল। তেওঁ কয় যে, চিমেণ্টৰ আয়ুস মাত্ৰ ৩০ বছৰ, আনহাতে চূণৰ পৰা তৈয়াৰী পৰম্পৰাগত ভাৰতীয় প্লাষ্টাৰ হাজাৰ হাজাৰ বছৰলৈকে ভালে থাকে। ই পৰিৱেশ অনুকূল, সস্তীয়া আৰু দীৰ্ঘস্থায়ী। ডেৰাডুনত তেওঁ ৪০০ বছৰীয়া হাভেলীৰ ব্লুপ্ৰিণ্টৰ আধাৰত এটা অট্টালিকা আৰু গুৰুগ্ৰামত এটা আধুনিক ফাৰ্ম হাউচ নিৰ্মাণ কৰিছিল, দুয়োটাতে পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰিছিল।
 
দেৱাল শিল্প পুনৰুদ্ধাৰ কৰি থকা অৱস্থাত মাইমুনা নাৰ্গিছ
 
সন্মান আৰু বঁটাৰ কথা কওঁতে মাইমুনা নাৰ্গীছে তিনিটা ৰাষ্ট্ৰীয় আৰু ২৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰ, জম্মু বিশ্ববিদ্যালয়, জম্মু এফ আই চি চি আই (FICCI) আদি প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰিছে। মধ্যপ্ৰদেশত বোকা আৰু পৰম্পৰাগত শৈলীৰে নিৰ্মিত এখন ঐতিহ্যমণ্ডিত ৰিজ’ৰ্ট নিৰ্মাণৰ লগতে মথুৰাৰ ৫০০ বছৰীয়া মন্দিৰ পুনৰ সজোৱাটো তেওঁৰ বাবে এক সপোন সদৃশ আছিল।
 
নাৰ্গীছে ভাৰতে নিজৰ সাংস্কৃতিক শিপা, পৰম্পৰাগত নিৰ্মাণ সামগ্ৰী আৰু শিল্পক পুনৰ আকোঁৱালি লোৱাটো বিচাৰে। তেওঁ তেওঁৰ এই যাত্ৰাক এখন কিতাপত লিপিবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে, যাতে পৰৱৰ্তী প্ৰজন্মই জানিব পাৰে যে আবেগ, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে কি কি লাভ কৰিব পাৰি।  
 
মাইমুনা নাৰ্গীছ এতিয়াও পথাৰত শ্ৰমিকৰ লগত থিয় হৈ নিজে চূণ মিহলাই, বেৰত প্লাষ্টাৰ কৰে। তেওঁৰ এই অমায়িক মনোভাৱটোৱেই হৈছে তেওঁৰ প্ৰকৃত শক্তি। তেওঁ গৌৰৱেৰে কয়, মই ভাৰতৰ একমাত্ৰ ছিয়া মুছলমান মহিলা কলা সংৰক্ষক, আৰু এইটোৱেই মোৰ পৰিচয়। 
 
উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ এখন সৰু চহৰ বাহজোইত জন্মগ্ৰহণ কৰা মাইমুনা নাৰ্গীছৰ লালন-পালন সাধাৰণভাৱে কৰা হৈছিল যদিও তেওঁ সপোন ডাঙৰ আছিল। নাৰ্গীছৰ দেউতাক উত্তৰ প্ৰদেশৰ আৰক্ষী আছিল আৰু পৰিয়ালে নাৰ্গীছক সদায় উৎসাহিত কৰি আহিছিল। তেওঁ এতিয়া জয়পুৰত বসবাস কৰিবলৈ লৈছে।