পুলিন ডেকা 
	 
	অসমীয়া সংগীত জগতৰ উজ্বল নক্ষত্ৰ শিল্পী জয়ন্ত হাজৰিকাৰ সুললিত কণ্ঠই আজিও বিমুগ্ধ কৰি ৰাখিছে প্ৰতিটো প্ৰজন্মৰ অগণন স্রোতাক। কণ্ঠৰ যাদুকৰী পৰশ শিল্পীগৰাকীৰ কৃতিৰ অনন্য নিদর্শন। নাতিদীর্ঘ জীৱনকালত এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ হিচাপে অসমৰ কলাৰ জগতখনক মহীয়ান কৰি যোৱা শিল্পীগৰাকীৰ জীৱন চেতনা আজিও অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ল। নতুনত্বৰ সন্ধান, তেওঁৰ শিল্পীজীৱনৰ অন্যতম বৈশিষ্ট্য। পৰম্পৰাগত ধাৰাৰ প্ৰতি গভীৰ আস্থা ৰাখি আধুনিক সংগীতে সামৰি লোৱা দিশসমূহৰ প্ৰতি তেওঁ সচেষ্ট আছিল। 
	 
	অসমীয়া সংগীতক অধিক প্রাণৱন্ত কৰাৰ বাবে লোকসংগীতৰ পৰা আৰম্ভ কৰি পশ্চিমীয়া সংগীতৰ ধাৰালৈ গতি কৰাটো শিল্পীগৰাকীৰ চিন্তাৰ অভিনৱত্বকে সূচায়। হিন্দুস্তানী ধ্রুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰ'ল, জেজ আদিৰ সংমিশ্ৰণৰে অসমীয়া সংগীতৰ বৈভৱক এখোজ আগলৈ লৈ গৈছিল। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সান্নিধ্যই তেওঁৰ শিল্পী মনক অধিক প্রাণৱন্ত কৰি তোলে। কলিকতাত ৰেকৰ্ড কৰা জীৱনৰ প্ৰথম গানে শ্ৰোতাৰ হৃদয়ত গুঞ্জন তোলাৰ পিছত তেওঁৰ জনপ্রিয়তাই এক নতুন গতি লাভ কৰিছিল।
	 
	জয়ন্ত হাজৰিকাই সংগীত সাধনা কৰি থকা এক দৃশ্য
	 
	জয়ন্ত হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা গানবোৰে এক বিশেষ বার্তা বহন কৰে। সংগীতক তেওঁ এনেদৰে প্ৰাণময় কৰি তুলিছিল যে, শ্রোতাই সেই গানৰ অৰ্থৰ সন্ধান কৰি পুলকিত হৈ উঠিছিল। 'মৰা আউসীৰ ৰাতি' শীর্ষক গীতে আমাক জীৱনৰ অৰ্থক বুজিবলৈ বাধ্য কৰে। গানৰ কথাত এনেদৰে ব্যক্ত কৰা হৈছে-
	
	
	'আল্লাক সাৰথি কৰাহে বান্ধ 
	আল্লাক সাৰথি কৰাহে বান্ধ 
	দেহৰে ভৰসা নাই মোৰ আল্লা 
	জীৱৰে তৰণী নাই মোৰ আল্লা 
	দেহৰে ভৰসা নাই।'
	 
	সম্পূৰ্ণ দেহবিচাৰৰ এক সংগীত। মানৱ জীৱনৰ ক্ষণভঙ্গুৰতা গানটোৰ মাজেৰে প্ৰকাশিত হৈছে। অসমত দেহ বিচৰাৰ গীতসমূহে নৈতিক মূল্যবোধ আৰু প্ৰমূল্যবোধৰ আধাৰাত আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে। বিশেষকৈ আজান ফকীৰৰ গীতসমূহত জীৱন দৰ্শনৰ এক গভীৰ তত্ত্ব নিহিত হৈ আছে। জয়ন্ত হাজৰিকাৰ কণ্ঠত এই গীতটো প্রাণময় হৈ উঠিছে। এই গীতটোত মানৱ জীৱনৰ ক্ষণস্থায়ীত্বৰ দৃষ্টিভংগীয়ে বিশেষ ৰূপ লাভ কৰিছে। 
	 
	জয়ন্ত হাজৰিকাই কেৱল গান, সুৰৰ মাজতেই নিজক সীমাবদ্ধ ৰখা নাছিল, এগৰাকী বাদ্যশিল্পী হিচাপে নিজৰ প্ৰতিভাক উচ্চতম পৰ্যায়লৈ লৈ গৈছিল। গীটাৰ, ডুমৰা মেণ্ডোলিন, একর্ডিয়ান, তবলা, মাউথ অর্গেনকে ধৰি কেবাবিধো বাদ্যসংগত কৰিব পৰাটা তেওঁৰ শিল্পীসত্ত্বাৰ এক লেখত ল'বলগীয়া দিশ। এই বাদ্যযন্ত্ৰবোৰত তেওঁ এক নতুন শৈলীৰ সৃষ্টি কৰিছিল। এগৰাকী প্রতিভাৱান শিল্পীৰ বাবেহে এয়া সম্ভৱ।
	 
	কালাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে প্ৰয়াত জয়ন্ত হাজৰিকা
	 
	চলচ্চিত্র, মঞ্চ, তথ্যচিত্রত সংগীত পৰিচালনা কৰি এক নতুনত্বৰ লহৰ লৈ আহিছিল জয়ন্ত হাজৰিকাই। বনৰীয়া ফুল চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰাৰ পিছত বৃষ্টি, নিয়তি, ধর্মকাই আদি বোলছবিত সংগীত পৰিচালনা কৰি সংগীতক এক নতুন দিশলৈ আগুৱাই লৈ যায়। ইয়াৰ পূর্বে তেওঁ কেইবাখনো বোলছবিত সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ বাবেই তেওঁ নতুন চিন্তাৰ সংযোজন কৰিব পাৰিছিল। তেওঁ যিসমূহ চলচ্চিত্রত কণ্ঠদান কৰিছিল, সেই গীতসমূহ প্ৰচুৰ জনপ্ৰিয় হৈছিল। 
	 
	অসমৰ নাটৰ পৰম্পৰাটো অতি প্রাচীন। নাটত সংগীতৰ প্ৰভাবো মন কৰিবলগীয়া। এই দিশটোৰ প্ৰতিও জয়ন্ত হাজৰিকা আকৰ্ষিত হৈছিল। চিৰাজ, বাণ আদিকে ধৰি কেইবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। লখিমী থিয়েটাৰত তেওঁ সংগীত পৰিচালনা কৰি নাট্য আন্দোলনক অধিক জীপাল কৰি তোলে। ফ্লোৰা এণ্ড ফ'না অব নর্থ ইষ্ট ইণ্ডিয়া, হুইলছ এণ্ড দ্যা হৰাইজান আদি তথ্য চিত্রত সংগীত পৰিচালক হিচাপেও তেওঁ খ্যাতি লাভ কৰিছিল।
	 
	জয়ন্ত হাজৰিকা আছিল এগৰাকী মানৱদৰদী শিল্পী। প্রকৃত শিল্পীয়ে সমাজৰ হকে সমর্পিত মানসিকতাৰে সেৱা আগবঢ়ায়। গানেৰে মনৰ প্ৰাচুৰ্যতা দিয়াৰ লগতে কথা আৰু সুৰৰ সংবেদনশীলতাই এগৰাকী শিল্পীয়ে জনতাৰ হৃদয়ত বিশেষ স্থান লাভ কৰে। জয়ন্ত হাজৰিকাই সুৰৰ মূৰ্চ্চনাৰে হেজাৰ হেজাৰ শ্ৰোতাৰ হৃদয়ত স্থায়ী সাঁচ বহুৱাই যায়। সমাজৰ সংকটৰ সময়ত শিল্পীয়ে নিৰৱে থাকিব নোৱাৰে। তেওঁ হ'ব বিচাৰে জনতাৰ দুখৰ সমভাগী। 
	 
	জয়ন্ত হাজৰিকাই গীত ৰচনা কৰা এক দৃশ্য
	 
	জয়ন্ত হাজৰিকাই এই দিশতো অনন্য নিদর্শন দেখুৱাই গৈছে। সুৰ বাহিনী নামৰ এটি অনুষ্ঠান গঢ় দি অসমৰ বানপীড়িত লোকৰ সাহায্যর্থে বাটে-পথে গান পৰিৱেশন কৰি পুঁজি সংগ্ৰহ কৰিছিল। আনকি মঘাই ওজাৰ চিকিৎসাৰ খৰচৰ বাবেও পুঁজি সংগ্ৰহ কৰিছিল। এই গৰাকী শিল্পীৰ গণনাট্য সংঘৰ লগতো তেওঁৰ এক নিবিড় সম্পর্ক আছিল।
	 
	শেহতীয়াভাৱে সামাজিক মাধ্যমত নতুন প্ৰজন্মৰ মাজত 'গধূলি আহিল তৰা জিলিকিল' গানটোৱে যথেষ্ট জনপ্রিয়তা আহৰণ কৰিছে। জয়ন্ত হাজৰিকাৰ গান যিদৰে জীৱনমুখী চেতনাৰে পুষ্ট, একেদৰে যুৱ প্ৰজন্মক মনত নতুন শক্তি জাগৰিত কৰাৰো প্ৰয়াস দেখা যায়। জয়ন্ত হাজৰিকাৰ কণ্ঠত নিগৰি অহা গীতবোৰ কেৱল মনোৰঞ্জনৰ দৃষ্টিভংগীৰে সামৰি ল'ব পৰা নাযায়। এই গানসমূহৰ মাজত আছে মানৱীয় জীৱনৰ গভীৰ বাৰ্তা। অসমৰ প্ৰতি আছিল তেওঁৰ গভীৰ অনুৰাগ। মৃত্যুৱে যেন অসমৰ মাটিৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। এক গভীৰ আশাবাদৰ চিহ্ন বিৰাজমান। হেমেন হাজৰিকাৰ কথা আৰু পুৰুষোত্তম দাসৰ সুৰত জয়ন্ত হাজৰিকাই গাইছিল-
	 
	'মই আকৌ আহিম দেশৰ বাবে
	আহিম আকৌ দহৰ বাবে
	ন-সমাজৰ আঁচনি লৈ'
	 
	জয়ন্ত হাজৰিকা আজিও অসমীয়া সমাজত জীৱন্ত আৰু চিৰসেউজ ৰূপত বিৰাজমান। কায়িক স্বৰূপৰে সীমাবদ্ধ নাছিল জয়ন্ত হাজৰিকা। এক প্রাণময় শিল্পী সত্ত্বাৰ অধিকাৰী আছিল আৰু সেইবাবে সুদীর্ঘ সময় ধৰি অসংখ্য স্রোতাৰ হৃদয়ত তেওঁৰ সেউজ বিচৰণ।
	 
	(লেখক অসমৰ এগৰাকী বিশিষ্ট সাহিত্য়িক)